বৰনদী ভটিয়ায়
বৰনদী ভটিয়ায় (ইংৰাজী: Bornodi Bhotiai) হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা এখন সামাজিক বিদ্ৰুপাত্মক অসমীয়া চলচ্চিত্ৰ। মাজুলীৰ পটভূমিত নিৰ্মিত ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত অনুপম কৌশিক বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।[2] জনপ্ৰিয় অভিনেতা কেনী বসুমতাৰীৰ লগতে এশৰো অধিক মাজুলীৰ অভিনেতা অভিনেত্ৰীয়ে এই ছবিখনত অভিনয় কৰিছে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে কণ্ঠশিল্পী তৰালি শৰ্মাই। এই চলচ্চিত্ৰখনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে অনুপম কৌশিক বৰা। কাহিনী আৰু চিত্ৰনাট্য অনুপম কৌশিক বৰাৰ।[3]
বৰনদী ভটিয়ায় | |
---|---|
![]() | |
পৰিচালক | অনুপম কৌশিক বৰা |
চিত্ৰনাট্য | অনুপম কৌশিক বৰা |
প্ৰযোজক | অনুপম কৌশিক বৰা |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | প্ৰয়াস শৰ্মা তামুলী |
সম্পাদনা | ৰণ্টু চেতিয়া |
সংগীত পৰিচালক | তৰালি শৰ্মা[1] |
মুক্তি |
৩ মে' ২০১৯ |
দৈৰ্ঘ্য |
১ ঘণ্টা ৫৮ মিনিট |
দেশ | ![]() |
ভাষা | অসমীয়া |
কাহিনীসম্পাদনা কৰক
কাহিনীৰ গতিশীলতা মৌকণ, লুইত, সীমান্ত, জয়, তপন আৰু ভাস্কৰৰ ওপৰত কেন্দ্ৰীভূত। মৌকণ এজনী নিৰ্ভীক তথা সাহসী ছোৱালী; কিন্তু তাই ৰহস্যজনকভাৱে গাঁওখনত হোৱা এক মৃত্যুৰ লগত সাঙোৰ খাই পৰে। সীমান্ত, জয়, তপন আৰু ভাস্কৰ বৰ্তমান যুৱপ্ৰজন্মৰ জ্বলন্ত প্ৰতীক। উচ্চ-শিক্ষা থকাৰ পিছতো কৰ্ম-সংস্থাপন পৰা আটায়েই বঞ্চিত। ইফালে লুইতে ঘৰে-ঘৰে বীমা বিক্ৰী কৰি দৈনন্দিন জীৱন অতিবাহিত কৰিছে। এই আটাইকেইটা চৰিত্ৰক কেন্দ্ৰ কৰিয়েই চিনেমাখনে গতি কৰে। আৰু শেষত প্ৰেমৰ এক অনন্য উদাহৰণেৰে চিনেমাখন শেষ হয়।[4]
সংগীতসম্পাদনা কৰক
Untitled | |
---|---|
বৰনদী ভটিয়াৰৰ সংগীত পৰিচালক তৰালি শৰ্মা।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "বৰনদী ভটিয়াই" | জুবিন গাৰ্গ, অবিনাশ ভূঞা, তৰালি শৰ্মা | ||||||||
2. | "বৈ যায়" | তৰালি শৰ্মা, গীত ভৈৰৱ | ||||||||
3. | "সুহুৰী" | জয় বৰুৱা, অনুপম কৌশিক বৰা | ||||||||
4. | "তোমাৰেনো বিৰহত" | অবিনাশ ভূঞা |
বঁটা/সন্মানসম্পাদনা কৰক
বৰনদী ভটিয়ায় ছবিখনে চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা (২০১৯)ৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।[5]
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "“Bornodi Bhotiai” – A Film on Majuli and its Fading Hopes". sentinelassam.com. 2018-08-10. http://https://www.sentinelassam.com/news/bornodi-bhotiai-a-film-on-majuli-and-its-fading-hopes/। আহৰণ কৰা হৈছে: 2019-03-24.
- ↑ "আজি ছবিঘৰলৈ মাজুলীৰ জীৱনক লৈ নিৰ্মিত ছবি বৰনদী ভটিয়ায়". নিউজ ১৮ অসম. ৩ মে' ২০১৯. https://assam.news18.com/news/lifestyle/barnadi-bhatiyai-new-assamese-movie-to-hit-screen-today-4189.html। আহৰণ কৰা হৈছে: ৬ মে' ২০১৯.
- ↑ "বৰনদী ভটিয়াই". https://www.imdb.com/title/tt9379214/.
- ↑ "বৰনদী ভটিয়ায়". Adnan Ashraf. http://batoriworld.com/a-review-of-the-film-bornodi-bhotiai-directed-by-anupam-kaushik-borah/। আহৰণ কৰা হৈছে: 8মে 2019.
- ↑ ""বৰনদী ভটিয়ায়" ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান". the sentinel. https://assamese.sentinelassam.com/news/bornodi-bhotiai-to-get-best-film-award/। আহৰণ কৰা হৈছে: 19 June 2020.