লোকেল উৎপাত (ইংৰাজী: Local Utpat) ২০২২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কমেডী চলচ্চিত্ৰ। লোকেল উৎপাতৰ পৰিচালনা কেনী বসুমতাৰীৰ। এইখন পৰিচালক বসুমতাৰীৰ চতুৰ্থ ছবি। তেওঁৰ পূৰ্বৰ ছবি তিনিখন যদিও ৰাইজে আদৰি লৈছিল, এই ছবি কেইখনে সন্তোষজনক ব্যৱসায় কৰিব পৰা নাছিল। তাৰ বিপৰীতে লোকেল উৎপাতে তৃতীয় সপ্তাহৰ শেষলৈকে প্ৰায় এককোটি টকাৰ ব্যৱসায় কৰিছিল, যি পৰিচালক তথা প্ৰযোজক বসুমতাৰীয়ে আশা কৰাতকৈ অধিক আছিল। যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ কাৰণে 'লোকেল উৎপাত টীম'এ সমগ্ৰ অসম জুৰি শিক্ষানুষ্ঠানসমূহত বহুল প্ৰচাৰ চলাইছিল।

লোকেল উৎপাত

লোকেল উৎপাতৰ পোষ্টাৰ
পৰিচালক কেনী বসুমতাৰী
কাহিনী কেনী বসুমতাৰী
প্ৰযোজক অনুপম বৈশ্য (লাইন প্ৰডিউচাৰ)
কেনী বসুমতাৰী
চিত্ৰগ্ৰহণকাৰী সুৰুয ডেকা
মুক্তি
১৩ মে’ ২০২২
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

লোকেল উৎপাত তিনিজন বন্ধু- অমিত, জ’নী আৰু মণ্টুৰ কাহিনী, যিয়ে ৰাতি টোপনিতে খোজ কঢ়া দেবেনদাৰ ভাৰাঘৰত বাস কৰে। যেতিয়া অমিতৰ গাৰ্লফ্ৰেণ্ড মায়াৰ তাইৰ ভনীয়েকৰ সৈতে কাজিয়া লাগে, এলানি হাস্যমধুৰ ঘটনাৰ সূত্ৰপাত হয়।[1]

অভিনয় শিল্পী[2] সম্পাদনা কৰক

  • বনী দেউৰী
  • পুনম গুৰুং
  • জনী দেউৰী
  • য়থাৰ্থ অগ্নিহোত্ৰী
  • কেনী বসুমতাৰী
  • টনী দেউৰী
  • শৰ্মিষ্ঠা চক্ৰৱৰ্তী
  • মণ্টু দেউৰী
  • হিমাংশু গগৈ
  • বিভূতিভূষণ হাজৰিকা
  • মৃগেন্দ্ৰ কোঁৱৰ
  • কৌশিক নাথ
  • বিভাস সিংহ

সঁহাৰি সম্পাদনা কৰক

পৰিচালক কেনী বসুমতাৰীৰ মতে লোকেল উৎপাতে আশা কৰাতকৈ দৰ্শকৰ পৰা দুগুণ সঁহাৰি লাভ কৰিছে। তৃতীয় সপ্তাহৰ অন্তত ছবিখনে বক্স অফিচৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় এক কোটি টকা। এই ছবিখনৰ সৈতে অসমত একেলগে মুক্তি পোৱা ৰণবীৰ সিং অভিনীত জয়েচভাই জোৰদাৰ আৰু ডাক্তৰ ষ্ট্ৰেঞ্জতকৈ প্ৰথম সপ্তাহত ই অধিক ধন আয় কৰিছে। অসমত পোৱা সফলতাৰ বাবে পৰিচালকগৰাকীয়ে লোকেল উৎপাতক ২৭ মে’ ২০২২-ত দিল্লী, মুম্বাই আৰু কলকাতাত প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয়।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক