কেশৱানন্দ দেৱগোস্বামী
কেশৱানন্দ দেৱগোস্বামী (ইংৰাজী: Keshabananda Debagoswami) হৈছে একাধাৰে এগৰাকী অসমীয়া পণ্ডিত-গৱেষক, শিপ্লী-সংগীতজ্ঞ, লেখক- কবি, গীতিকাৰ-কণ্ঠশিল্পী, অনুবাদক, ঔপন্যাসিক আৰু শিশু সাহিত্যক।[1]
কেশৱানন্দ দেৱগোস্বামী | |
---|---|
জন্ম | ৯ ফেব্ৰুৱাৰী ১৯৩০ অসম |
মৃত্যু | ৪ ফেব্ৰুৱাৰী ২০১৬ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰককেশৱানন্দ দেৱগোস্বামীৰ জন্ম হয় নগাঁও জিলাৰ ধিঙৰ বালিসত্ৰত ১৯৩০ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে। তেখেতৰ পিতৃ শিৱেন্দ্ৰ দেৱ অধিকাৰ গোস্বামী আৰু মাতৃ ঊষা দেৱী।
শিক্ষা
সম্পাদনা কৰকদেৱগোস্বামীয়ে ১৯৫৪ চনত বৰদোৱাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৬ চনত আই এ আৰু ১৯৫৮ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে।
চাকৰি জীৱন
সম্পাদনা কৰকদেৱগোস্বামীয়ে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। দেৱগোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যাপক আছিল। ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁ পঞ্জাৱৰ পাটিয়ালা বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। [2]
সাহিত্যৰাজি
সম্পাদনা কৰকনাটক
সম্পাদনা কৰক- নৰকাসুৰ বধ (১৯৪৬)
- বৃত্ৰাসুৰ বধ (১৯৫১)
- অমৃত মন্থন (১৯৫২)
কবিতা পুথি
সম্পাদনা কৰক- পিঠাৰ ৰহস্য (১৯৫১)
- চিত্ৰলেখা (১৯৫২)
উপন্যাস
সম্পাদনা কৰক- গৈল কোন দিশে
- কাৰণ্য কেদাৰ
- এৰি অহা গাঁওখন
চুটিগল্প সংকলন
সম্পাদনা কৰক- দুসূতিমুখৰ ঘাট (১৯৬৩)
শিশু সাহিত্য
সম্পাদনা কৰক- ক'ব জানিলে কথা
- কথাকীৰ্তন
- কীৰ্তনৰ সাধু
- স-সে মিৰাৰ সাধু
- নাহিবি জপনা দেই
- বৰ্ণবোধ
অনুবাদ সাহিত্য
সম্পাদনা কৰক- নামঘোষাৰ পঞ্জাৱী
- জপজি চাহিব
- বেদমাতা গায়ত্ৰী
- সন্দেশৰাসক
- কৰ্পূৰ মঞ্জৰী
সম্পাদিত গ্ৰন্থ
সম্পাদনা কৰক- শংকৰদেৱৰ বলিচলন
- কুৰুক্ষেত্ৰ
- কীৰ্তনঘোষা
- অংকমালা
- মাধৱদেৱৰ নামঘোষা আদি [3]
বঁটা আৰু সন্মান
সম্পাদনা কৰক- ভাষাসুমন বঁটা (২০০৩)
- শংকৰদেৱ বঁটা (২০০৭)
- লক্ষ্মীনাথ বেজবৰুৱা বঁটা
- কৃষকান্ত সন্দিকৈ বঁটা
- আনন্দৰাম বৰুৱা বঁটা (২০১৫)[4]
মৃত্যু
সম্পাদনা কৰকদেৱগোস্বামীৰ মৃত্যু হয় ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।[5]