কেশৱৰাম বৰা হ'ল অসমৰ বৃহত্তৰ নদীদ্বীপ মাজুলীৰ প্ৰথমগৰাকী শিক্ষাবিদ, সমাজ-সংগঠক, ক্ৰীড়াবিদ তথা স্বাধীনতা সংগ্ৰামী। তেখেত মাজুলীৰ প্ৰথমগৰাকী বিজ্ঞান স্নাতক হোৱাৰ লগতে অবিভক্ত শিৱসাগৰ জিলাৰ পঞ্চমগৰাকী স্নাতক ডিগ্ৰীধাৰী ব্যক্তি। তেখেতে মাজুলীৰ প্ৰথমখন ইংৰাজী শিক্ষাৰ স্কুল 'মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল' আৰু 'মাজুলী মহাবিদ্যালয়' প্ৰতিষ্ঠা কৰিছিল।[1] ১৯৫২ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ মাজুলী সমষ্টিৰপৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। শ্ৰী ৰামচন্দ্ৰ, লক্ষ্মণ বৰ্জন, শ্ৰীকৃষ্ণৰ ৰাসলীলা আদি নাটক ৰচনাৰে তেওঁ সাহিত্য প্ৰতিভাৰো উমান দিছিল। সাহিত্যিক বেণুধৰ শৰ্মাই তেখেতৰ বিখ্যাত গ্ৰন্থ 'কংগ্ৰেছৰ কাঁচিয়লী ৰ'দ'ত কেশৱৰাম বৰাক মাজুলীৰ বাটকটিয়া বুলি অভিহিত কৰিছে।

কেশৱৰাম বৰা
জন্ম ১৮৯০ চন(আনুমানিক)
মৃত্যু ১১ অক্টোবৰ, ১৯৭১
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা কটন কলেজ
পেচা শিক্ষাবিদ
জনা যায় মাজুলীত শিক্ষাৰ প্ৰসাৰ
গৃহস্থান শালমৰা গাঁও, মাজুলী, যোৰহাট জিলা
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী মধুমতী
পিতৃ-মাতৃ ৰামচৰণ বৰা, ফুলেশ্বৰী বৰা
সন্তান ৯জন

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

আনুমানিক ১৮৯০ চনত কেশৱৰাম বৰাৰ মাজুলীৰ শালমৰা গাঁৱত জন্ম হয়। পিতৃ গাওঁবুঢ়া ৰামচৰণ বৰা আৰু মাতৃ ফুলেশ্বৰী বৰা।

মাজুলীৰ দক্ষিণপাৰৰ কুশৰাম নামৰ এগৰাকী শিক্ষকৰ ওচৰত প্ৰাথমিক শিক্ষা সাং কৰি মাজুলীত সেই সময়ত ইংৰাজী ভাষা শিক্ষাৰ প্ৰচলন নথকাত খুড়াক নাৰায়ণ বৰা( নিবাৰণ বৰাৰ পিতৃ )ৰ তত্ত্বাৱধানত বৰাই যোৰহাট চৰকাৰী বালক বিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু তেওঁ নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই, ১৯১৪ চনত, মাক-দেউতাকে নিমাতীৰ এটি সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী মধুমতীৰ সৈতে জোৰকৈ বৰাৰ বিয়া পাতি দিয়ে। বাল্য কালতে বিয়াত বহি বৰা বন্ধু-বান্ধৱৰ ইতিকিং আৰু গৰিহণাৰ পাত্ৰ হয় আৰু ইয়াক সহ্য কৰিব নোৱাৰি তেওঁ যোৰহাট এৰি ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত নাম লেখায়। ইয়াৰপৰাই প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে। কটন কলেজত পঢ়ি থকা সময়ত অসমৰ প্ৰাক্তন মন্ত্ৰী মতিৰাম বৰা কেশৱৰাম বৰাৰ 'ৰুমমেট' আছিল। ১৯২০ চনত তেওঁ কটন কলেজৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। সেই সময়ত স্নাতক পৰীক্ষাবোৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হৈছিল। বৰা আছিল মাজুলীৰ প্ৰথম গৰাকী বিজ্ঞান স্নাতক আৰু অবিভক্ত শিৱসাগৰ জিলাৰ পঞ্চমগৰাকী স্নাতক ডিগ্ৰীধাৰী।[1]

কৰ্মজীৱন সম্পাদনা কৰক

'মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল' স্থাপন সম্পাদনা কৰক

স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ বৃটিছ চৰকাৰে যাঁচি দিয়া হাকিমৰ পদ গ্ৰহণ নকৰি মাজুলীত শিক্ষা বিস্তাৰ কৰাৰ শৈশৱৰ সপোনক বাস্তৱ ৰূপ দিবলৈ বৰা গাঁৱলৈ ঘূৰি আহে আৰু প্ৰয়াত ৰোসেশ্বৰ হাজৰিকাৰ লগ-লাগি প্ৰথমখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰে। ম্লেছ ভাষা বুলি ইংৰাজীক সেই সময়ত অৱহেলা কৰা হৈছিল। বৰাই তেওঁৰ স্কুলত পঢ়িবলৈ খোজকাঢ়ি গাঁৱে গাঁৱে ঘূৰি ছাত্ৰ গোটাই সাতজন ছাত্ৰৰে বিদ্যালয় আৰম্ভ কৰিছিল। সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ হস্তক্ষেপত তেওঁ স্কুল গৃহ স্থাপনৰ বাবে কিছু মাটি পাইছিল আৰু 'উচ্চ ইংৰাজী ইনষ্টিটিউট' নাম দি বিদ্যালয় স্থাপন কৰিছিল। এসময়ত শ্ৰীশ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱৰ শিষ্য বিপিন বৰাই শিক্ষক ৰূপে এই বিদ্যালয়ত যোগদান কৰে আৰু কালক্ৰমত বিদ্যালয়ৰ নাম সলাই মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল ৰখা হয়। ১৯৪৪ চনত এই বিদ্যালয়ৰ চাৰিজন ছাত্ৰ প্ৰৱেশিকা পৰীক্ষাত বহে। সাহিত্যিক ,সাংবাদিক হোমেন বৰগোহাঞি মাজুলীৰ এছ ডি চি হৈ থাকোঁতে তেখেতৰ পত্নী সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে হেমচন্দ্ৰ হাইস্কুলত শিক্ষকতা কৰিছিল। কেশৱৰাম বৰাই মাজুলীত স্ত্ৰী-শিক্ষা প্ৰচলন হোৱাটো বিচাৰিছিল। কিন্তু মাজুলীৰ ৰক্ষণশীল সমাজত ই আছিল দুৰুহ কাম। ১৯৪৮ চনত সুমিত্ৰা বৰুৱা নামৰ এগৰাকী ছোৱালীয়ে অষ্টম শ্ৰেণীত নামভৰ্তি কৰাৰ পাছত অন্য অভিভাৱকসকলেও জীয়ৰীহঁতক স্কুললৈ পঠোৱা কৰে। এই স্কুলৰে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৬৩ চনত কেশৱৰাম বৰাই অৱসৰ গ্ৰহণ কৰে।

'মাজুলী মহাবিদ্যালয়' স্থাপন সম্পাদনা কৰক

ক্ৰীড়া সংগঠক সম্পাদনা কৰক

কু-সংস্কাৰৰ প্ৰতিবাদ সম্পাদনা কৰক

স্বাধীনতা-সেনানী সম্পাদনা কৰক

ৰাজনীতিবিদ ৰূপে সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 মুনমী দত্ত হাজৰিকা (অক্টোবৰ, ২০১৯). তেজস্বী পঞ্চৰত্ন. অসম বুক ট্ৰাষ্ট. পৃষ্ঠা. ১৫২-১৭৭.