বেণুধৰ শৰ্মা
বেণুধৰ শৰ্মা (ইংৰাজী: Benudhar Sharma) সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি।[1] ইয়াৰ উপৰিও তেখেত এজন সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল।[2] ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।[3] তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক 'ইতিহাস ৰত্ন', 'বুৰঞ্জীৰ যাদুকৰ' আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক 'বুৰঞ্জী সূৰ্য' আখ্যা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।[4]
বেণুধৰ শৰ্মা | |
---|---|
জন্ম | ১৬ নৱেম্বৰ, ১৮৯৪ চাৰিং, শিৱসাগৰ, অসম |
মৃত্যু | ২৬ ফেব্ৰুৱাৰী, ১৯৮১ |
পেচা | সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, মুক্তিযোদ্ধা, গৱেষক, বুৰঞ্জীবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
উল্লেখনীয় কৰ্মৰাজি | কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৬০) পদ্মভূষণ (মৰণোত্তৰ ভাবে) |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰকবেণুধৰ শৰ্মাই ১৮৯৪ চনৰ ১৫ নৱেম্বৰত অসমৰ শিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয় তুলসী দেৱী[5]।
শিক্ষা আৰু কৰ্মজীৱন
সম্পাদনা কৰকবেণুধৰ শৰ্মাই শিৱসাগৰৰ চাৰিঙতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত ১৯১৫ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰবেশিকা পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হয়। উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ গৈছিল যদিও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে তেওঁৰ উচ্চ শিক্ষা আধৰুৱা হৈ ৰয়। বেণুধৰ শৰ্মাই কিছুদিনৰ বাবে শিৱসাগৰৰ ফুলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু যোৰহাটৰ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি কৰ্ম জীৱনৰ পাতনি মেলিছিল। তেওঁ হাতী মহলাত কাম কৰাৰ পৰা দোকান দিয়ালৈকে বিভিন্ন কাম কৰি তেওঁ জীৱন যুঁজত আগবাঢ়িছিল। ইয়াৰ মাজতে ঘৰফলীয়া কংগ্ৰেছ নামেৰে এটা ৰাজনৈতিক দল খুলি ৰাজনীতিৰো কিছুদিন সোৱাদ লৈছিল। তেওঁ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদক আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা তৰুণ অসমৰো তেওঁ সম্পাদক আছিল।[4]
- ১৯০১ চনত তেওঁ চমাৰগাঁও পাঠশালাত ভৰ্তি হয়।
- ১৯০৫ চনত তেওঁ শিৱসাগৰ গৱৰ্ণমেণ্ট হাইস্কুলত নাম ভৰ্তি কৰে।
- ১৯১৫ চনত মেট্ৰিকুলেছন পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়।
মৃত্যু
সম্পাদনা কৰক১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু ঘটে।
সাহিত্যৰাজি
সম্পাদনা কৰকগ্ৰন্থ সংকলন
|
|
গ্ৰন্থ সংকলন (ইংৰাজী)
|
সাংবাদিকৰূপে বেণুধৰ শৰ্মা
সম্পাদনা কৰক- ১৯০৫ চনৰ পৰাই তেওঁ 'অসম বন্তি', 'অসম বিলাসিনী, অসমীয়া, 'অমৃতবজাৰ পত্ৰিকা, 'ষ্টেটছমেন' আৰু 'পায়নীয়াৰ' আদি কাককত লিখিবলৈ আৰম্ভ কৰিছিল।
- ১৯৩৫ চনৰ পৰা ডেৰ বছৰ তেওঁ 'দৈনিক বাতৰি'ৰ সহকাৰী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল।
- ১৯৩৭ চনৰ পৰা দুবছৰ ধৰি 'তৰুণ অসম' কাকত তেওঁ সম্পাদনা কৰিছিল[7]।
মুক্তিযোদ্ধাৰূপে বেণুধৰ শৰ্মা
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
অন্যান্য কৰ্মৰাজী
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বঁটা
সম্পাদনা কৰক- বেণুধৰ শৰ্মাক ১৯৬০ চনত কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। বেণুধৰ শৰ্মাক মৰণোত্তৰ ভাবে পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক :- সমীন কলিতা(পৃষ্ঠা নং- ১৭)
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২
- ↑ 4.0 4.1 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ৭৮,৭৯.
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক :- সমীন কলিতা(পৃষ্ঠা নং- ২১)
- ↑ Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃষ্ঠা. 273–. ISBN 978-81-260-1803-1. http://books.google.com/books?id=ObFCT5_taSgC&pg=PA273। আহৰণ কৰা হৈছে: 28 November 2012.
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক: সমীন কলিতা (পৃষ্ঠা নং- ২০)