নিৰুপমা বৰগোহাঞি
নিৰুপমা বৰগোহাঞি (ইংৰাজী: Nirupama Borgohain) একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।
নিৰুপমা বৰগোহাঞি | |
---|---|
![]() | |
জন্ম | নিৰুপমা তামুলী ১৭ মাৰ্চ, ১৯৩২ (৯১ বছৰ) গুৱাহাটী, অসম |
পেচা | সাংবাদিক, ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় |
দাম্পত্যসংগী | হোমেন বৰগোহাঞি (বি. ১৯৫৮; বিবি. ১৯৭৭) |
জীৱনীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত গুৱাহাটীৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত।[1] তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল।[1]
শিক্ষা জীৱনসম্পাদনা কৰক
গুৱাহাটীৰ উজান বজাৰত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়।[2] পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যালয়"ত ৩ বছৰ কাল পঢ়ি পুনৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰে।[2] নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]
কৰ্ম জীৱনসম্পাদনা কৰক
নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভণি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত পাণ্ডুত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে।[2] পৰৱৰ্তীকালত সেইসময়ৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ নিমন্ত্ৰণক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে।[2] এবছৰ কাল তাত অধ্যাপনা কৰা পাছত মাজুলীলৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়[2]। তেখেতে কিছুবছৰ লখিমপুৰ মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল।
বৈবাহিক জীৱনসম্পাদনা কৰক
১৯৫৮ চনৰ ১২ মাৰ্চত নিৰুপমা তামুলীৰ বিবাহ দীৰ্ঘদিনীয়া প্ৰেমসূত্ৰে হোমেন বৰগোহাঞিৰ লগত নলবাৰীত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ জন্ম পোৱাৰ কিছুবছৰ পাছত ১৯৭৭ চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে[2]।
সাহিত্যিক কৰ্মাৱলীসম্পাদনা কৰক
১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে[3]।
- পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)[1]।
- সেই নদী নীৰৱধি (১৯৬৭)[1]
- এজন বুঢ়া মানুহ (১৯৬৬)
- দিনৰ পাছত দিন (১৯৬৮)
- হৃদয় এটা নিৰ্জন দ্বীপ (১৯৭০)
- সামান্য অসামান্য (১৯৭১)
- পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস, কেকটাছৰ ফুল (১৯৭১)
- চিনাকি অচিনাকি, অন্য জীৱন (১৯৮৭)
- গোসাঁই ঐ গোসাঁই ঐ (১৯৮৭)
- চম্পাৱতী (১৯৯০)
- এখন শ্ৰাদ্ধত আনন্দাশ্ৰু (১৯৯১)
- পখী ঘূৰি যায় (১৯৯১)
- অভিযাত্ৰী (১৯৯৩)
- তিনিকন্যা (১৯৯৪)
- একেই জোন, একেই বেলি (১৯৯৪)
- নিজৰ পৰা নিলগত (১৯৯৬)
- এলবামত হেৰোৱা ছবি (১৯৯৯)
- ইপাৰৰ ঘৰ,সিপাৰৰ ঘৰ (২০০১)
- পল্লৱীৰ পৃথিৱী (২০০২)
- সৌগন্ধ (২০০৬)
- অগ্ৰগামিনী (২০০৯)
- অনন্যা (২০১০)
- বিশ্বাস আৰু সংশয়ৰ মাজেদি (আত্মজীৱনী)
বঁটা আৰু সন্মানসম্পাদনা কৰক
- সাহিত্য অকাডেমি বঁটা লাভ (১৯৯৬) (গ্ৰন্থ- অভিযাত্ৰী)[4]
- অসম উপত্যকা সাহিত্য বঁটা (২০০৩)
- প্ৰবীণা শইকীয়া বঁটা (২০০০)[5]
- শাস্বতী বঁটা (১৯৮৭)
- বাসন্তী দেৱী বৰদলৈ বঁটা
- হেম বৰুৱা বঁটা (১৯৯৪)
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 "Nirupama Bargohain". vedanti.com. 22nd Aug 2011. http://www.vedanti.com/Legends/nirupama_bargohain.htm। আহৰণ কৰা হৈছে: February 24, 2013.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Ditimoni Gogoi. "FAIR AND FEARLESS - An profile of Nirupama Borgohain". bipuljyoti.in. http://www.bipuljyoti.in/authors/nirupama.html। আহৰণ কৰা হৈছে: February 24, 2013.
- ↑ নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ শান্তনু কৌশিক বৰুৱা (২০১২). সাহিত্যৰ জ্ঞানকোষ. প্ৰকাশক গুৱাহাটী: ৰেখা প্ৰকাশন. পৃষ্ঠা. ২৮৮, ৪২১. ISBN 978-81-923142-9-7.
বাহ্যিক সংযোগসম্পাদনা কৰক
- The Address নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
- Death of an Elephant নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
- নিৰুপমা বৰগোহাঞিৰ সৈতে এটা সাক্ষাৎকাৰ