কেৰুমণি বা কেৰু হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল। অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্যান্য ঠাইৰ মহিলায়ো পৰিধান কৰে। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু, জাংফাই কেৰু, লং কেৰু ইত্যাদি। [1]

প্ৰসংগ পুথি সম্পাদনা কৰক

  1. 'অসমৰ সংস্কৃতি কোষ: ড° নাৰায়ন দাস, ড° পৰমানন্দ ৰাজবংশী'