কৈকেয়ী

অযোধ্যাৰ ৰজা দশৰথৰ তৃতীয়গৰাকী পত্নী

কৈকেয়ী (ইংৰাজী: Kaikeyi) হিন্দু মহাকাব্য ৰামায়ণৰ ৰজা দশৰথৰ তৃতীয়গৰাকী পত্নী আৰু অযোধ্যাৰ ৰাণী আছিল৷ দশৰথৰ তিনিগৰাকী পত্নীৰ ভিতৰত কৈকেয়ীৰ ভূমিকা সকলোতকৈ বেছি৷ তেওঁ কেকেয় ৰাজ্যৰ জীয়াৰী আৰু এগৰাকী শক্তিশালী যোদ্ধা আছিল, যিয়ে যুদ্ধৰ সময়ত তেওঁৰ পতি দশৰথক সহায় কৰিছিল৷ কৈকেয়ী ভৰতৰ মাক আছিল৷ প্ৰথমতে তেওঁ সৎ পুত্ৰ ৰামক মৰম আৰু মাতৃসুলভ জ্ঞান কৰিছিল যদিও পিছত মন্থৰাৰ কথাত পতিয়ন গৈ ৰামক বনবাসলৈ পঠিয়াইছিল৷

কৈকেয়ী
ৰামায়ণৰ চৰিত্ৰ

কৈকেয়ীৰ ইচ্ছা অনুসৰি দশৰথে ৰামক নিৰ্বাসিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
তথ্য
পৰিয়াল অশ্বপতি (পিতৃ)
যুদ্ধজিৎৰ লগতে ৭ ভাই
কৌশল্যা (সতিনী)
সুমিত্ৰা (সতিনী)
দাম্পত্যসঙ্গী দশৰথ
সন্তান ভৰত (পুত্ৰ)
গৃহ কেকেয় (জন্ম স্থান)
অযোধ্যা (বিবাহ হয়)

জন্ম আৰু প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

কৈকেয়ীৰ জন্ম বৰ্তমানৰ আফগানিস্তানৰ প্ৰাচীন ভাৰতীয় অঞ্চল কেকেয়ৰ ওচৰত হৈছিল।[1] কৈকেয়ী কেকয়ৰাজ অশ্বপতিৰ কন্যা আছিল। অশ্বপতিয়ে পখীৰ ভাষা বুজাৰ বৰপ্ৰাপ্ত কৰিছিল যদিও তেওঁ সেই ভাষাৰ অৰ্থ কাৰোৰে আগত ব্যক্ত কৰিব নোৱাৰিছিল; ব্যক্ত কৰিলেই তেওঁৰ মৃত্যু নিশ্চিত৷ এদিন তেওঁ আৰু তেওঁৰ পত্নী বাগিচাত ভ্ৰমণ কৰাৰ সময়ত অশ্বপতিয়ে এযোৰ ৰাজহাঁহৰ কথোপকথন শুনি মুগ্ধ হৈ হাঁহিবলৈ ধৰে। অশ্বপতিয়ে সেই কথা ব্যক্ত কৰিলে ৰজাৰ মৃত্যু হ’ব বুলি জানিও ৰাণীয়ে সেই কথা জানিবলৈ ইচ্ছুক হৈ পৰে৷ তেতিয়া ৰজাই তেওঁৰ পত্নীয়ে তেওঁক ভাল নাপায় বুলি জানিব পাৰি তেওঁক নিৰ্বাসিত কৰে। মাতৃহীনা কৈকেয়ী দাসী তথা ধাত্ৰীমাতা মন্থৰাৰ ওচৰলৈ যায়৷ যুৱতী অৱস্থাত তেওঁক স্বয়ংবৰত দশৰথে স্ত্ৰী ৰূপত বৰণ কৰে। তেওঁ দশৰথৰ সকলোতকৈ প্ৰিয়া স্ত্ৰী আছিল।

বিধৱা আৰু পৰৱৰ্তী জীৱন সম্পাদনা কৰক

অযোধ্যাৰ পৰা ৰামক বনবাসলৈ প্ৰেৰণ কৰাৰ ছয় দিন পিছত দশৰথ শোকগ্ৰস্ত হৈ মৃত্যুবৰণ কৰে৷ স্বামীৰ মৃত্যুৰ কাৰণ তেওঁ নিজকে দোষাৰোপ কৰে৷ তদুপৰি, ভৰতে সিংহাসনত বহাৰ তেওঁৰ ডাঙৰ ভায়েকৰহে জন্মগত অধিকাৰ আছিল বুলি তেওঁ সিংহাসনত নবহাৰ শপত খায় আৰু পিতৃৰ মৃত্যুৰ কাৰণ তেওঁৰ মাকক দোষাৰোপ কৰে লগতে তেওঁৰ মাকক মা বুলি সম্বোধন নকৰাৰ শপত খায়। কোৱা হয় যে, এইকাৰণেই কৈকেয়ীৰ নামটো কেতিয়াবাহে শুনা যায়। তেওঁৰ মৰমৰ সৎ পুত্ৰ ৰামক ১৪ বছৰ বনবাসলৈ পঠিওৱাৰ পিছত তেওঁ অনুতপ্ত হৈ পৰে৷

ৰাম বনবাসৰ পৰা ঘূৰি অহাৰ পিছত কৈকেয়ীয়ে ৰামৰ ওচৰত ক্ষমা বিচৰাত ৰামে কৈকেয়ীৰ ভৰি স্পৰ্শ কৰি ক্ষমা বিচৰাৰ কোনো প্ৰয়োজন নাই বুলি কয়৷ কিয়নো তেওঁ সেইবোৰ একো বেয়াভাৱে নলৈছিল লগতে তেওঁ ভৰতক তেওঁৰ মাকক ক্ষমা কৰিবলৈ কয়। ৰামে ভৰতক এইটোও কয় যে, মাকে যি কৰে, সেয়া ভালেই হওক বা বেয়াই হওক সিহঁতে সন্তানৰ কল্যাণৰ বাবেহে কৰে; নিজৰ বাবে নহয়, সেয়েহে সিহঁতৰ ওপৰত খং কৰা উচিত নহয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. (en ভাষাত) Rumanian Review. Europolis Pub.. 1998. পৃষ্ঠা. 54. https://books.google.co.in/books?id=ed4VAQAAMAAJ&q. 

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক