কৈৱৰ্ত জনগোষ্ঠী

(কৈৱৰ্তৰ পৰা পুনঃনিৰ্দেশিত)

কৈৱৰ্ত বা জালিয়া কৈৱৰ্ত সকল অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী। কৈৱৰ্তসকল মূলতে মাছমৰীয়া সম্প্ৰদায় আছিল, পিছলৈ সংস্কৃতকৰণৰ জৰিয়তে তেওঁলোকৰ বাণিজ্যিক সমৃদ্ধি আৰু বৈষ্ণৱীয় সংযোগৰ সহায়ত বৃহত্তৰ হিন্দুসম্প্ৰদায়ৰ অন্তৰ্গত এক সন্মানীয় জাতিগত পৰিচয় লাভ কৰে।[1] কৈৱৰ্তসকল মূলতঃ অসম, পশ্চিমবংগ, ওড়িশা আৰু পূব বিহাৰৰ লগতে বাংলাদেশ, নেপাল, আৰু ভূটানত বসবাস কৰা পৰম্পৰাগতভাৱে মাছ ধৰাৰ বৃত্তিত নিয়োজিত সম্প্ৰদায় আছিল। প্ৰথম অৱস্থাত কৈৱৰ্তসকলক হালিয়া আৰু জলিয়া কৈৱৰ্ত নামৰ দুটা গোটত বিভক্ত একক জনগোষ্ঠী বুলি গণ্য কৰা হৈছিল, আৰু হালিয়া কৈৱৰ্তসকলক উচ্চ বুলি গণ্য কৰা হৈছিল।[2] অসমত অনুসূচিত জাতি হিচাপে শ্ৰেণীভুক্ত কৰা ১৬ টা অনুসূচিত জাতিৰ ভিতৰত কৈৱৰ্ত্ত, জলিয়া নামেৰে অন্তৰ্ভূক্ত ই হৈছে দ্বিতীয় বৃহত্তম জনগোষ্ঠী।[3][4][5] গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰভাৱত জালিয়া কৈৱৰ্তৰ বহুলোকে নিজৰ পৰম্পৰাগত মাছ ধৰা বৃত্তি পৰিত্যাগ কৰি নিজকে – মাছ মৰা আৰু মাছ ন-মৰা বুলি দুটা ভাগত ভাগ কৰি লৈছিল।[6]

কৈবৰ্ত্ত (জালিয়া)
১৯৬০ চনত পশ্চিম বংগৰ এজন কৈৱৰ্ত সম্প্ৰদায়ৰ মাছমৰীয়া
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম ৫,৮১,৫৫৯ (প্ৰায় 2001)
ভাষাসমূহ

অসমীয়াবাংলাওড়িয়া

ধৰ্ম

হিন্দুবৌদ্ধ

ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে এজন কায়স্থ পিতৃ আৰু এগৰাকী বৈশ্য মাতৃৰ পৰা কৈৱৰ্তসকলৰ জন্ম হৈছিল বুলি কোৱা হয়, আনহাতে আন কিছুমানে কৈৱৰ্তসকল হিন্দুধৰ্মী শব্দ কেৱত্তৰ পৰা উদ্ভৱ হৈছিল বুলি গণ্য কৰে যিয়ে বৌদ্ধ জাতকত উল্লিখিত মাছমৰীয়াৰ এটা শ্ৰেণীক বুজায়।[7] কৈৱৰ্তসকলৰ নিজা পুৰোহিত থকা বুলিও দাবী কৰা হৈছে।[7]

৮ম-১৩শ শতিকামানত ৰচিত প্ৰথম অসমীয়া মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত চৰ্যাপদসমূহ তিব্বতীয় ভাষাত লুই-পা নামেৰে জনাজাত এজন বৌদ্ধ পুৰোহিতে ৰচনা কৰিছিল। এওঁক কামৰূপৰ এক মাছমৰীয়া সম্প্ৰদায়ৰ মৎসেন্দ্ৰ নাথ বুলি চিনাক্ত কৰা হৈছে আৰু এই সম্প্ৰদায়টোৱেই পিছলৈ কৈৱৰ্ত বুলি পৰিচয় লাভ কৰে।[8][9]

মধ্যযুগৰ ওড়িয়া কবি আৰু বৈষ্ণৱ সাধু অচ্যুতানন্দ দাসে ৰচনা কৰা কৈৱৰ্ত গীতাত কৈৱৰ্তসকলৰ উৎপত্তি, বৃদ্ধি, কাৰ্য্য আৰু ভূমিকা সম্পৰ্কে বৰ্ণনা কৰা হৈছে।[10][11][12]

১৮৯১ চনৰ মিদনাপুৰৰ লোকপিয়লৰ পৰা প্ৰমাণ পোৱা যায় যে কৈৱৰ্ত সকলে পূৰ্বতে দিল্লীৰ নিচেই ওচৰৰ সৰযু আৰু গংগা উপত্যকাৰ ওচৰৰ অঞ্চলত বাস কৰিছিল আৰু প্ৰায় ২ হাজাৰ বছৰৰ আগতেই অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় শতিকাত গংগাৰ কাষৰ সৰয়ু নদীৰ পৰা বৰেন্দ্ৰী বিহাৰ হৈ প্ৰৱেশ কৰি অসমলৈ প্ৰব্ৰজন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কৈৱৰ্ত ৰজা নাগশংকৰে শোনিতপুৰৰ প্ৰতাপড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কৰি শিৱ মন্দিৰ নিৰ্মাণ কৰি পুখুৰী খান্দিছিল, যিটো বৰ্তমান নাগশংকৰ মন্দিৰ বুলি জনা যায়।

মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে আঢ্যৱন্ত কৈৱৰ্ত্তৰ কথা পোৱা যায়। কিন্তু বিদ্ৰোহৰ পাছত কৈৱৰ্ত্ত সকলৰ শক্তি নিৰ্মূল কৰিবলৈ মাটি-বাৰী কাঢ়ি লোৱা হ'ল আৰু চুটীয়াসকলৰ দৰেই কৈৱৰ্ত্ত সকলক বিভিন্ন অঞ্চললৈ ভাগ ভাগ কৰি খেদি পঠিওৱা হ'ল।[13]

উল্লেখযোগ্য ব্যক্তিত্ব

তথ্য সংগ্ৰহ

  1. The census of 1901 interpreted the act of renaming as a ‘‘refusal of those at the bottom of the social scale to acquiesce in the humble positions assigned to them.’’. For Assam’s Dom fisher caste, previously at the lowest end of the ritual hierarchy, this refusal took the form of claims to Aryanist belonging through the new names of Nadiyal and Kaibarta. In colonial Assam the upper echelons of Dom society succeeded for the most part in acquiring new, respectable caste identities within the larger Hindu fold, helped by commercial prosperity and Vaishnavite affliations. Sharma, Jayeeta (en ভাষাত). Empire's Garden: Assam and the Making of India. Duke University Press. পৃষ্ঠা. 214. https://library.oapen.org/bitstream/id/b11ba477-73c0-4a92-b158-043a50ef88e5/648153.pdf. 
  2. "In Lower Assam the Keots are divided into two main endogamous groups, halova and jalova Keots, or agriculturalists and fishermen, the former being held superior than the latter"(Cantile 1980:235)
  3. Atal, Yogesh (1981). Building A Nation (Essays on India). Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 118. ISBN 978-8-12880-664-3. https://books.google.com/books?id=er2dWY-Df_cC&pg=PA118. 
  4. Venkatesh Salagrama; Food and Agriculture Organization of the United Nations (30 December 2006). Trends in Poverty and Livelihoods in Coastal Fishing Communities of Orissa State, India. Food & Agriculture Org.. পৃষ্ঠা. 80. ISBN 978-92-5-105566-3. https://books.google.com/books?id=3m6XG0WippUC&pg=PA80। আহৰণ কৰা হৈছে: 18 April 2012. 
  5. Chakrabarty, Bidyut (1997). Local Politics and Indian Nationalism: Midnapur (1919-1944). প্ৰকাশক New Delhi: Manohar. পৃষ্ঠা. 62–67. 
  6. (Cantile 1980:17)
  7. 7.0 7.1 Dutta 1985, পৃষ্ঠা. 35.
  8. Dasgupta, Shashibhushan (1946). Obscure Religious Cults, Calcutta University Press, Calcutta, p. 384-385, Internet Archive copy; third edition: Firma KLM Private Limited, Calcutta 1960, Internet Archive copy; fifth edition: Firma KLM Private Limited, Calcutta 1995, আই.এচ.বি.এন. 81-7102-020-8
  9. Ayyappapanicker, K. & Akademi, Sahitya (1997). Medieval Indian literature: an anthology, Volume 3. Sahitya Akademi. আই.এচ.বি.এন. 81-260-0365-0, আই.এচ.বি.এন. 978-81-260-0365-5, [1] (accessed: Friday 5 March 2010)
  10. Orissa (India); Behuria, N. C. (1990) (en ভাষাত). Orissa State Gazetteer. Gazetteers Unit, Department of Revenue, Government of Orissa. https://books.google.com/books?id=hDo1AQAAIAAJ&q=Kaivarta. 
  11. "The Kaibartas of Odisha" (en-US ভাষাত). Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST. 22 April 2019. https://www.orissapost.com/the-kaibartas-of-odisha/। আহৰণ কৰা হৈছে: 17 November 2022. 
  12. Mukherjee, Sujit (1998) (en ভাষাত). A Dictionary of Indian Literature: Beginnings-1850. Orient Blackswan. পৃষ্ঠা. 4. ISBN 978-81-250-1453-9. https://books.google.com/books?id=YCJrUfVtZxoC&q=Kaivarta. 
  13. ড. ধ্ৰূবজ্যোতি বৰা. কথা ৰত্নাকৰ. 
  14. "Revolutionary Artist Dr. Bhupen Hazarika: Voicing the Silence of the Subaltern". Asian Journal of Humanities and Social Sciences: 9. https://ajhss.org/pdfs/Vol2Issue4/6.pdf.