কোচ ৰাজবংশী

দক্ষিণ-পূব এছিয়াৰ এটা জনগোষ্ঠী
(কোঁচ ৰাজবংশীৰ পৰা পুনঃনিৰ্দেশিত)

কোচ ৰাজবংশী (ইংৰাজী: Koch Rajbongshi) হৈছে এক খিলঞ্জীয়া চীনা তিব্বতীয় জনগোষ্ঠী[1]। বৰ্তমান নেপালৰ কিছু অঞ্চল; ভাৰতঅসম, পশ্চিম বংগ, মেঘালয় ৰাজ্য; বিহাৰকিষাণগঞ্জ, বাংলাদেশৰ ৰংপুৰ; আৰু ভূটানৰ কিছু নিৰ্দিষ্ট অঞ্চলত কোচ ৰাজবংশীৰ লোক আছে।[2]

কোচ ৰাজবংশী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
বাংলাদেশ
ভাষাসমূহ
ধৰ্ম

হিন্দু ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী
কোচ–ৰাজবংশী নাৰীৰ পৰম্পৰাগত পোছাক

যদিও "কোচ" আৰু "ৰাজবংশী" পদ দুটা বৰ্তমান এটা আনটোৰ সলনি ব্যৱহাৰ কৰা হয়, The Imperial Gazetteer of Indiaৰ মতে, "যদিও কোচসকলে নিজকে মুক্তমনে ৰাজবংশী বুলি কয়, প্ৰকৃততে দুয়োটা জনগোষ্ঠী সম্পূৰ্ণভাৱে দুটা ভিন্ন উৎসৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয় (Bengal Census Report, 1901, part I, pp. 382-83 চাওক), কোচসকল মংগোলীয় উদ্ভৱ, আনহাতে ৰাজবংশীসকল দ্ৰাবিড় উদ্ভৱ জনজাতি যিয়ে সম্ভৱতঃ কোচ ৰজাসকল ক্ষমতালৈ অহাৰ আগৰে পৰাই ৰাজবংশী নাম পাইছিল। The Imperial Gazetteer of Indiaই ইয়াকো কৈছে যে: "কোচ জনজাতিসকল, বৰ্তমান দ্ৰাবিড়ৰ সৈতে সংমিশ্ৰিত হৈ গ’ল যদিও, পূৰ্বতে সম্পূৰ্ণ মংগোলীয় আছিল আৰু কছাৰী, টিপ্পাৰা, লালুং, চুতীয়া, আৰু গাৰোসকলৰ সৈতে ওচৰ সম্বন্ধথকা এটা ভাষা কৈছিল। ইয়াৰোপৰি কোৱা হৈছে যে, "তলৰ জনগোষ্ঠীসমূহ সংখ্যাগত দিশত শক্তিশালী (১৯০১ৰ মতে) : কোচ (২০৯,০০০), ৰাজবংশী (১,২০০), কলিতা (২০৩,০০০), নদীয়াল (৮৪,০০০), যোগী (৭১,০০০), কেওত (৬৬,০০০), আহোম (১৫৩,০০০) আৰু চুতীয়া (৮৭,০০০)। "[3] যিকি নহওক, বৰ্তমান এই জনগোষ্ঠী দুটাক এটাৰ পৰা আনটোক পৃথক কৰা অসম্ভৱপ্ৰায়। বৰ্তমান এই লোকসকল অসমৰ অধিকাংশ সমতলীয় জিলাত বহুলভাৱে বিয়পি পৰিছে। কামৰূপ আৰু গোৱালপাৰা জিলাত অধিক কোচ ৰাজবংশী লোক আছে। ২০১১ চনৰ লোকপিয়ল মতে অসমত মুঠ ৪,৬০,৮৬৬ জন কোচ ৰাজবংশী লোক আছে।[4]


সাধাৰণতে কোচ (ৰাজবংশী) সকল হৈছে এটা প্ৰধান জনজাতীয় বৈশিষ্ট্য প্ৰায় লুপ্তহোৱা গোট। গেইটৰ মতে (১৯০৫) “অসমত প্ৰকৃততে, কছাৰী, লালুং, মিকিৰ, আৰু অন্য জনজাতিৰ পৰা হিন্দুলৈ পৰিবৰ্তন হোৱা লোকসকল এই (কোচ শব্দটো) হিন্দু জাতিলৈ পৰিণত হৈছিল। এই পৰিবৰ্তন কেতিয়া হৈছিল ক’ব পৰা নেযায়। সম্ভৱতঃ ১৫ শতাব্দীত, শ্ৰীমন্ত শংকৰদেৱৰ সময়তেই এই বৈষ্ণৱীকৰণ হৈছিল বুলি অনুমান কৰা হয়।


১৯৭৮ - ১৯৭৯ চনত অসমৰ গোৱালপাৰা জিলাৰ পৰা সংগ্ৰহ কৰা কোচলোকৰ তেজৰ নমুনাৰ ভিত্তিত কৰা এক অধ্যয়ন মতে, গোৱালপাৰাৰ কোচসকল জনজাতি লোকসকলৰ (গাৰু, কছাৰী আৰু ৰাভাসকলৰ দৰে) লগত বহু ক্ষেত্ৰত অমিল। দেখা গৈছে যে, জনজাতি এলেকাত বসবাস কৰা ৰাজবংশী (কোচ) সকলৰ উচ্চ হাৰৰ HbE জিন থকে অন্যহাতে হিন্দু জাতি বসবাস কৰা অঞ্চলত বাস কৰা ৰাজবংশী সকলৰ HbE জিনৰ হাৰ লঘু আৰু সেইবাবে এই ক্ষেত্ৰত অসমীয়া জনগোষ্ঠীৰ সৈতে মিল দেখা পোৱা যায়। গাৰু, ৰাভা, কছাৰী আৰু লালুং নামৰ সকলো বড়োভাষীৰে HbE জিনৰ হাৰ অতি উচ্চ। অধ্যয়ন মতে, “সেইবাবে, কোনোৱে ক’ব পাৰে যে জনজাতি অঞ্চলৰ ৰাজবংশী সকল শেহতীয়া পৰিবৰ্তনৰ ফলশ্ৰুতি আৰু এই সকলে এতিয়াও উচ্চ হাৰৰ HbE জিন বহন কৰে। "

কোচৰাজবংশী সকল তেওঁলোকৰ পুৰণা সাম্ৰাজ্য, কমতাপুৰ, কোচৰাজবংশী সাম্ৰাজ্য, কামৰূপ সাম্ৰাজ্যৰ সমগ্ৰ অসম, বৰ্তমান পশ্চিম বংগৰ সমগ্ৰ অঞ্চল, নেপাল আৰু বাংলাদেশত বাস কৰে। তেওঁলোক অসমৰ সংখ্যাগৰিষ্ট আৰু উত্তৰ বেংগলত তুলনামূলক ভাৱে অধিক জনসংখ্যাৰ জনগোষ্ঠী। কোচৰাজবংশী সকল প্ৰকৃতিৰ একেবাৰে নিবিড়ভাৱে বাস কৰে। কোচৰাজবংশী পুৰুষসকল হাবিলৈ দলপাতি চিকাৰ কৰিবলৈ যোৱাতো এটা পৰম্পৰা।

তেওঁলোকে হাবিৰ পৰা "চিকাৰ" ধৰি আনে আৰু কলপাতত প্ৰতিটো পৰিয়ালৰ আৱশ্যক অনুসৰি ভাগ বতৰা কৰে। এঘৰ পৰম্পৰাগত কোচলোকৰ বাৰীত কমপক্ষেও এজোপা আম গছ, এজোপা কঁঠাল গছ আৰু এখন সৰু পাচলিৰ বাগিছা আৰু মাছ পোহা এটা সৰু পুখুৰী থাকে।

কিছুলোকে কোচ ভাষা কয়, যিটো বড়োসকলৰ বড়ো ভাষাৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ চীন-তিব্বতীয় ভাষা।

কিছুলোকে ৰাজবংশী ভাষা কয়, যিটো এটা ভাৰতীয় ভাষা ভাৰতৰ প্ৰায় পাঁচ নিযুত লোক, ১,৩০,০০০ তকৈ অধিক নেপালী ৰাজবংশী, আৰু তেজপুৰী সকলে কয়। বহু কোচলোক দ্বিভাষী হয়তোবা বাংলা নাইবা নেপালী কয়।

সংস্কৃতি

সম্পাদনা কৰক

সাংস্কৃতিক দিশত কোচ ৰাজবংশী সকল যথেষ্ট চহকী। তেওঁলোকৰ মাজত পূজাপাতলত নৃত্য আৰু গীতৰ প্ৰচলন আছে। শংকৰী সংস্কৃতিৰো প্ৰচলন আছে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক