চিত্ৰত কোষ বেৰক সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে।
কোষ বেৰৰ গঠন

কোষ বেৰ (ইংৰাজী: Cell wall) বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুল'জ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰু বেক্টেৰিয়াৰো কোষ প্ৰাচীৰ আছে। ১৬৬৫ চনত বিজ্ঞানী ৰবাৰ্ট হুকঅণুবীক্ষণ যন্ত্ৰত যি কোষ দেখা গৈছিল, সেয়া প্ৰকৃততে কোষ বেৰ আছিল।

গঠনসম্পাদনা কৰক

উদ্ভিদকোষৰ কোষ বেৰত তিনিটা স্তৰ থাকে: প্ৰাথমিক প্ৰাচীৰ, গৌণ প্ৰাচীৰ, তৃতীয় স্তৰৰ প্ৰাচীৰ। কোষ বেৰৰ প্ৰধান ৰাসায়নিক উপাদান ছেলুল'জ যি গ্ল'ক'জ‌পলিমাৰ। প্ৰাথমিক কোষপ্ৰাচীৰত পেকটিক পদাৰ্থ আৰু গৌণ প্ৰাচীৰত লিগনিন, ছুবেৰিন ইত্যাদি থাকে। ইয়াৰোপৰি কোষ প্ৰাচীৰত হেমিছেলুল'জ, প্ৰ'টিন, লিপিড আৰু প্ৰচুৰ পানী থাকে। আশেপাশে অৱস্থিত দুখন কোষপ্ৰাচীৰ মধ্যপৰ্দাৰ দ্বাৰা সংযুক্ত হৈ থাকে। মধ্যপৰ্দা পেকটিক এচিড, পেকটিন আৰু প্ৰ'পেকটিনৰ দ্বাৰা গঠিত। মধ্যপৰ্দাৰ মাজে মাজে সৰু নলাকাৰ গাঁতৰ সৃষ্টি হয় যিবোৰক পিট বা কূপ বোলে।

কোষৰ ভিতৰৰ আৰু বাহিৰৰ তৰলৰ ঘনত্বৰ বাবে সৃষ্টহোৱা চাপ সহ্য কৰিব পৰাকৈ কোষ বেৰ যথেষ্ট সহনশীল হোৱা অতি প্ৰয়োজন। উদ্ভিদৰ কোষ বেৰৰ ব্যাসাৰ্ধ ০.১ ৰ পৰা কেইবা µm পৰ্যন্ত হ'ব পাৰে।[1]

কাৰ্যসম্পাদনা কৰক

উদ্ভিদ কোষৰ বাহিৰৰ আবৰণ হিচাপে কোষ বেৰে নিম্নোক্ত কাৰ্য সম্পাদন কৰে। যেনে-

  1. কোষক নিৰ্দিষ্ট আকাৰ প্ৰদান কৰে।
  2. কোষীয় অংগাণুসমূহক বাহিৰৰ আঘাতৰ পৰা ৰক্ষা কৰে।
  3. পানী আৰু খনিজ লৱণ শোষণ আৰু পৰিবহণত সহায় কৰে।
  4. পাৰ্শ্বৱৰ্তী কোষৰ সৈতে আন্তঃকোষীয় যোগাযোগ ৰক্ষা কৰে।
  5. এটা কোষৰ পৰা অন্য কোষক পৃথক কৰে।

কোষৰ অন্য আৱৰণসম্পাদনা কৰক

বহুতো প্ৰটিষ্টা আৰু বেক্টেৰিয়াৰ ক্ষেত্ৰত কোষ বেৰৰ বাদেও বাহ্যিক অথবা আভ্যন্তৰিণভাৱে অন্য আৱৰণী গঠন দেখিবলৈ পোৱা যায়।[2][3][4] বহুতো শেলাইৰ কোষৰ বাহিৰফালে এক্স'পলিচেকেৰাইডেৰে গঠিত মিউকিলেজ ছীট বা এনভেলপ থাকে। ডায়েটমে তাৰ চাৰিওকাষৰ পানীৰ পৰা সংগ্ৰহ কৰা ছিলিকাৰ দ্বাৰা গঠন কৰা ফ্ৰুষ্টুল নামৰ এক আৱৰণ সৃষ্টি কৰে; ৰেডিঅ'লেৰিয়ান, ফৰমিনিফেৰাণ আৰু ছিলিক'ফ্লেজেলেট আদিয়েও লৱণৰ দ্বাৰা এক প্ৰকাৰৰ কংকালৰ সৃষ্টি কৰা দেখা যায়। হেলিমেডা, ডাছিক্লেডালেছৰ দৰে বহুতো সেউজীয়া শেলাই, কৰলিনালেছৰ দৰে ৰঙা শেলাইৰ কোষ কেলচিয়াম কাৰ্বনেটত দ্বাৰা গঠিত কংকালত সুমুৱাই থাকে। প্ৰত্যেক ক্ষেত্ৰতে, এই বেৰবোৰ কঠিন আৰু অজৈৱিক। এইবোৰ কোষৰ অজীৱিত উপাদান। চিলিয়েট আৰু কোৱান'ফ্লেজেলেটৰ দৰে বহুতো সোণালী শেলাইৰ কোষৰ বাহিৰত ল'ৰিকা নামৰ এক সুৰক্ষা প্ৰদানকাৰী আৱৰণ থাকে। কিছুমান ডাইন'ফ্লেজেলেটৰ থিকা নামৰ ছেলুলজেৰ ফলকেৰে নিৰ্মিত আৱৰণ আৰু ক'ক্কলিথফৰিডৰ ক'ক্কলিথ লাকে।

মেট'জ'ৱাৰ এক্সট্ৰাচেলুলাৰ মেট্ৰিস্ক (extracellular matrix (ECM)) থাকে। কোষলৈ ইয়াৰ ৰাসায়নিক সংযুতি ভিন্ন হয়, কিন্ত ইয়াত থকা কলাজেন অতি প্ৰয়োজনীয় প্ৰ'টিন।[5][6]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Campbell, Neil A.; Reece, Jane B.; Urry, Lisa A.; Cain, Michael L.; Wasserman, Steven A.; Minorsky, Peter V.; Jackson, Robert B. (2008). Biology (8th সম্পাদনা). পৃষ্ঠা. 118. ISBN 978-0-8053-6844-4. 
  2. "Terminology and nomenclature of protist cell surface structures". The Protistan Cell Surface (Protoplasma special সম্পাদনা). 1994. পৃষ্ঠা. 1–28. doi:10.1007/978-3-7091-9378-5_1. ISBN 978-3-7091-9380-8. 
  3. "The cell surface of flagellates.". The Flagellates. Unity, diversity and evolution. প্ৰকাশক London: Taylor and Francis. 2000. https://web.archive.org/web/20130212024846/http://www.uni-koeln.de/math-nat-fak/botanik/bot1/AGBecker/Publikationen/Cell%20Surfaces%20of%20Flagellates/CELLSURFACE.htm. 
  4. Barsanti, Laura; Gualtieri, Paolo (2006). Algae: anatomy, biochemistry, and biotechnology. প্ৰকাশক Florida, USA: CRC Press. 
  5. "The extracellular matrix at a glance". Journal of Cell Science খণ্ড 123 (Pt 24): 4195–200. December 2010. doi:10.1242/jcs.023820. PMID 21123617. 
  6. Alberts, Bruce; Johnson, Alexander; Lewis, Julian; Raff, Martin; Roberts, Keith; Walter, Peter (2002). Molecular biology of the cell (4th সম্পাদনা). প্ৰকাশক New York: Garland. পৃষ্ঠা. 1065. ISBN 978-0-8153-4072-0.