ক্ল'জ আপ

অসমৰ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ দ্বাৰা লিখিত আৰু বনফুল প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত লেখক

ক্ল'জ আপ (ইংৰাজী: Close up) হৈছে অসমৰ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ দ্বাৰা লিখিত আৰু বনফুল প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত লেখকৰ ব্যক্তিগত অভিজ্ঞতা-সম্বলিত এখনি চলচ্চিত্ৰ-বিষয়ক গ্ৰন্থ৷ অসমীয়া ভাষাত ৰচিত গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ ইতিপূৰ্বে অসমৰ দৈনিক বাতৰি কাকত আমাৰ অসমত প্ৰকাশিত হৈছিল৷ গ্ৰন্থাকাৰে ২০১৪ চনৰ নৱেম্বৰ মাহত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা সমালোচনা-পুথিখনে ভাৰতৰ আঞ্চলিক ভাষাৰ চিনেমাৰ উপৰি বিদেশৰ চলচ্চিত্ৰকাৰৰ কৰ্মৰাজিকো সামৰি লৈছে৷ গ্ৰন্থখনত কেইবাটাও ভিন্নধৰ্মী তথা চলচ্চিত্ৰৰ কলাৰ লগত জড়িত কিছুমান আনুষংগিক লেখা সন্নিৱিষ্ট হৈছে৷ [1]

ক্ল'জ আপ  
লেখক নয়ন প্ৰসাদ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ চলচ্চিত্ৰ সমালোচনা
প্ৰকাশক বনফুল প্ৰকাশন
প্ৰকাশ নবেম্বৰ, ২০১৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৫২
আই.এচ.বি.এন. ৯৭৮-৯৩-৮১৭১০-৪০-১

লেখক পৰিচয়

সম্পাদনা কৰক

নয়ন প্ৰসাদ হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ সাংবাদিক-আলোচক প্ৰযোজক, পৰিচালক আৰু অভিনেতা৷ ১৯৫৮ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা নয়ন প্ৰসাদে শৈশৱৰ সময়তে গুৱাহাটী কেন্দ্ৰৰ শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত মঞ্চতো অভিনয় কৰে৷ পাছলৈ গুৱাহাটী কেন্দ্ৰত নাট প্ৰযোজকৰূপে কাৰ্যনিৰ্বাহ কৰি ২০১১ আৰু ২০১২ চনত আকাশবাণীৰ বছেৰেকীয়া প্ৰতিযোগিতাত নাট শাখাত পুৰস্কাৰ অৰ্জন কৰে৷ ১৯৮৫ চনত পৰিচালক হিচাপে তেখেতে পোনপ্ৰথমবাৰৰ বাবে হোলী পৰিচালনা কৰে৷ ১৯৯২ চনত তেখেতে সঞ্জীৱ হাজৰিকা পৰিচালিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কথাছবি হলধৰতো অভিনয় কৰে৷ ১৯৯৭ চনত সান্ত্বনা বৰদলৈ পৰিচালিত ছবি অদাহ্যৰ কাৰ্যবাহী প্ৰযোজকৰ দায়িত্ব পালন কৰে৷ [2]২০০৯ আৰু ২০১২ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ 'ভাৰত ৰঙ্গ মহোৎসৱ'ৰ নিৰ্বাচক সমিতিৰ সদস্যৰূপে অংশ লয়৷ ইয়াৰ উপৰি নয়ন প্ৰসাদে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটটোৰ সদস্যৰূপে চাৰিটা বছৰ কাৰ্যনিৰ্বাহ কৰে৷ ২০০০ চনত তেখেতৰ প্ৰবন্ধ সংকলন ইনছাৰ্ট প্ৰকাশিত হয়৷ [3]

গ্ৰন্থৰ নেপথ্য

সম্পাদনা কৰক

বিশেষ গ্ৰন্থখনৰ পাতনিত লেখক নয়ন প্ৰসাদে উল্লেখ কৰা অনুসৰি, সাংবাদিক মণ্টু শইকীয়াৰ অনুৰোধত তেখেতে আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকাত ক্ল'জ আপ নামেৰে এটি ধাৰাবাহিক শিতানত লিখিছিল৷ মণ্টু শইকীয়াই পাছলৈ গ্ৰন্থকাৰে চপোৱাৰো দায়িত্ব লয় আৰু আমাৰ অসমৰ গোটেইবোৰ লেখা সংগ্ৰহ কৰি লেখকক ছমজায়৷ এইদৰেই গ্ৰন্থখনে বনফুল প্ৰকাশনৰ সহযোগিতাত ২০১৪ চনত প্ৰকাশৰ মুখ দেখে৷ [4]

গ্ৰন্থৰ বিষয়বস্তু

সম্পাদনা কৰক

কেইবাটাও চুটি-দীঘল প্ৰবন্ধৰে প্ৰস্তুত কৰা এই সংকলনখনত পোলেণ্ডৰ বিখ্যাত পৰিচালক আণ্ড্ৰে ৱাইডাৰ আত্মজীৱনীৰ প্ৰসংগ, জাপানী পৰিচালক আকিৰা কুৰোছাৱাকে ধৰি হিন্দী ভাষাৰ কথাছবি ধোবীঘাত, মেট্ৰ, ভেজা ফ্ৰাইৰ বিষয়ে আলোচনা কৰা হৈছে৷ বিজয় টেণ্ডুলকাৰৰ নাটক, সত্যজিৎ ৰায়অপুৰ পাঁচালি, কিং লিয়েৰ, অসমীয়া অভিনেতা আদিল হুছেইনৰ কৰ্মকো কিছুমান প্ৰবন্ধত আধাৰ কৰি লোৱা হৈছে৷ গ্ৰন্থখনৰ প্ৰথমটো প্ৰবন্ধ এগৰাকী তৰুণ পৰিচালকৰ বিষয়েত লেখকে ২০০৪ চনত কলিকতা চলচ্চিত্ৰ উৎসৱৰ প্ৰসংগ টানি আনি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিছে৷ প্ৰবন্ধটোৰ আৰম্ভণিতে আলোচকে কৈছে যে- যিকোনো চলচ্চিত্ৰ উৎসৱলৈ গ'লে প্ৰতিনিধিসকলৰ প্ৰথম কাম দুটা-প্ৰদৰ্শন হ'ব লগা ছবিসমূহৰ তালিকাখন আৰু ছবিসমূহৰ বিষয়ে খৰচি মাৰি জানিবলৈ স্মৰণিকা বা আলোচনীখন সংগ্ৰহ কৰা[5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ক্ল'জ আপ. প্ৰকাশক গুৱাহাটী: বনফুল. ২০১৪. পৃষ্ঠা. ৫. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১. 
  2. "NAYAN PRASAD". Last Updated : Feb 10, 2013, 06:54 AM IST. https://timesofindia.indiatimes.com/topic/Nayan-Prasad। আহৰণ কৰা হৈছে: 6 July 2022. 
  3. প্ৰকাশক (২০১৪). ক্ল'জ আপ. প্ৰকাশক গুৱাহাটী: বনফুল. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১. 
  4. নয়ন প্ৰসাদ (২০১৪). ক্ল'জ আপ. প্ৰকাশক গুৱাহাটী: বনফুল. পৃষ্ঠা. ৫. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১. 
  5. নয়ন প্ৰসাদ (২০১৪). ক্ল'জ আপ. প্ৰকাশক গুৱাহাটী: বনফুল. পৃষ্ঠা. ১৩-১৫. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১.