হলধৰ (চলচ্চিত্ৰ)
হলধৰ (ইংৰাজী: Haladhar) এখন মধুৰ হাস্যৰসাত্মক অসমীয়া চলচ্চিত্ৰ। ১৯৯৩ চনত চিত্ৰগৃহত মুক্তি পোৱা ছবিখন ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল। গল্পকাৰ অপূৰ্ব শৰ্মাৰ এটি চুটিগল্পৰ আধাৰত সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী আৰু অজান বৰুৱাই ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। পৰিচালনা কৰিছিল সঞ্জীৱ হাজৰিকাই।[1][2]
হলধৰ Yeoman | |
---|---|
পৰিচালক | সঞ্জীৱ হাজৰিকা |
চিত্ৰনাট্য | সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, অজান বৰুৱা |
কাহিনী | অপূৰ্ব শৰ্মা |
প্ৰযোজক | গীতি বৰুৱা, দ্বিজেন হাজৰিকা |
অভিনয়ত | অতুল পাচনী ইন্দ্ৰ বনিয়া |
চিত্ৰগ্ৰহণকাৰী | অজান বৰুৱা |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | শ্বেৰ চৌধুৰী |
মুক্তি |
৩ চেপ্তেম্বৰ ১৯৯৩ |
দৈৰ্ঘ্য |
১০৭ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনী
সম্পাদনা কৰকবলোৰাম এজন খেতিয়ক, গাঁৱৰ বায়ন। পামৰ পৰা তেওঁ নাঙল তৈয়াৰ কৰিবলৈ মজকাঠ দুটুকুৰা আনে। এখন নিজৰ বাবে, আনখন ভিনিহিয়েকৰ বাবে। দুখীয়া-দৰিদ্ৰক ঠগিমেলি চহকী হোৱা গাঁৱৰে মাঘী মহাজনে তাৰে নাঙল এখন বিচাৰে। বলোৰামে দিবলৈ অস্বীকাৰ কৰাত মহাজনৰ অহঙত লাগিল। খঙেৰে কৈ থৈ গ’ল যে এই নাঙলৰ খেতি বলোৰামেও খাবলৈ নাপায়।[1][2]
ধোৰোকা গাঁৱৰে এজন উৎসাহী ডেকা। বলোৰামৰ পামত কাম কৰি দিয়াৰ উপৰিও গাঁৱৰ কাৰোবাৰ কিবা কামত প্ৰয়োজন হ’লে কৰি দিয়ে। বলোৰামৰ কিশোৰী জীয়েক লিলিক ভাল পাব বিচাৰে। ইতিমধ্যে এখন নাঙল চাঁচি সম্পূৰ্ণ হোৱাত ধোৰোকাৰ হাতত ভিনিহিয়েকৰ ঘৰলৈ পঠিয়াই দিলে। আনখন আধাচঁচা নাঙল ভৰাঁলৰ গাধৈত থৈ তেওঁ পামলৈ গ’ল। সেই সুযোগতে মাঘী মহাজনে আধাচঁচা নাঙলখন সোমেশ্বৰৰ হতুৱাই চুৰ কৰাই নিলে। বিভিন্ন সময়ত বলোৰামৰ পৰা উপকাৰ পাই থোৱা সোমেশ্বৰে প্ৰথমে নাঙলখন চুৰ কৰি কৰিব মান্তি হোৱা নাছিল যদিও ভেটীমাটি কাঢ়ি নিয়াৰ ভয় দেখুৱাই মহাজনে তাৰ দ্বাৰা এই গৰ্হিত কাম কৰালে।[1][2]
ইফালে লিলিয়ে ধোৰোকাকে এই চুৰি কাৰ্যৰ বাবে দোষাৰোপ কৰিলে। ভালপোৱা ছোৱালীজনীয়ে এনে মিছা সন্দেহ কৰাত ধোৰোকাই শপত খালে যে সি প্ৰকৃত নাঙল চোৰক বিচাৰি উলিয়াবই। অনুসন্ধান কৰি সি নিশ্চিত হ’ল যে সোমেশ্বৰৰ হতুৱাই মহাজনে এই কাম কৰাইছে। আনকি সি নাঙলখন মহাজনৰ ঘৰত লুকুৱাই থোৱা অৱস্থাতো চাই আহিল।[1][2]
মহাজন ধনী, ক্ষমতাশালী মানুহ। সেয়েহে বলোৰামে থানাত গৈ মহাজনৰ বিপক্ষে গোচৰ দিয়া যুগুত নহব বুলি শুভাকাঙ্ক্ষীয়ে উনুকিয়াই দিলে। গাঁৱত অনুষ্ঠিত হবলগীয়া ভাওনাৰ দিনাই ৰাইজৰ আগত মহাজনৰ কু-কীৰ্তিৰ বিষয়ে গোচৰ দিয়াৰ মনস্থ কৰিলে। ভাওনাৰ দিনা নাঙলখন আগৰ ঠাইতে আছে নে নিশ্চিত হবলৈ ধোৰোকাক পুনৰ অনুসন্ধান কৰিবলৈ পঠিওৱা হ’ল। পিছে সি আহি জনালে যে নাঙলখন আগৰ ঠাইত নাই। গতিকে সিদিনা আৰু গোচৰ দিয়া নহ’ল।[1][2]
ভাওনা হৈ যোৱাৰ পিছত গাঁৱৰ দোকানখনতে বলোৰামে সোমেশ্বৰক লগ পায়। সেইসময়ত গাঁৱৰে আৰু দুই-চাৰিজন লোক তাত আছিল। কথাৰ বলোৰাম সোমেশ্বৰৰ কথাৰ কটাকটি হয়। যিজনে সদায় বিপদে-আপদে সহায় কৰি আহিছে, সেইজনৰ ঘৰতে সোমেশ্বৰে চুৰ কৰিলে আৰু চুৰি-কাৰ্য সংঘটিত কৰিলে সেইজনৰ কথা মতে, যিজনে তাক শোষণ কৰি কৰি ভেটী-মাটিও কাঢ়িলোৱাৰ উপক্ৰম হৈছে। সোমেশ্বৰে নিজৰ ভুল বুজি পালে আৰু এটা কালভাৰ্টৰ তলৰ পৰা নাঙলখন উলিয়াই আনিলে। এজাক সৰু ল’ৰা-ছোৱালীয়ে ‘ধৰ ধৰ ধৰ, নাঙল চোৰক ধৰ’ বুলি চিঞৰি তাৰ পিছেপিছে সমদল যাত্ৰা কৰিলে। সেই সমদলত মাঘী মহাজনৰ কণমানি ল’ৰাটোৱেও যোগ দিলে।[1][2]
অভিনয়-শিল্পী
সম্পাদনা কৰক- অতুল পাচনী- সোমেশ্বৰ
- ইন্দ্ৰ বণিয়া- মাঘী মহাজন
- হিৰণ্য ডেকা- ধোৰোকা
- নয়ন প্ৰসাদ- বলোৰাম
- ৰাধা- লিলি
- গীতাঞ্জলী দাস, অনিমা পাচনি, নৰ্মদা দাস, নৰ্মদা দাস, লক্ষী বৰঠাকুৰ, জ্যোতি ভূঞা, অজিত বৰঠাকুৰ, মেঘালী নেওগ আদি।[1][2]
কলা-কুশলী
সম্পাদনা কৰক- (তথ্যছ’কত নথকা)
বঁটা
সম্পাদনা কৰক১৯৯২ত অনুষ্ঠিত হোৱা ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হলধৰে শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল। বঁটা স্বৰূপে প্ৰযোজকদ্বয় গীতি বৰুৱা আৰু দ্বিজেন হাজৰিকালৈ স্বৰ্ণকমল আৰু নগদ ২৫,০০০টকা আগবঢ়োৱা হৈছিল। একেই পৰিমাণৰ ধন আৰু স্বৰ্ণকমল পৰিচালক সঞ্জীৱ হাজৰিকালৈও আগবঢ়োৱা হৈছিল।[2]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 384.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 "39th National Film Festivl". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 20, 142. http://dff.nic.in/images/Documents/78_39ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 7 July 2020.