খ্যাতি
খ্যাতি (ইংৰাজী: Khyati) হিন্দু পৌৰাণিক আখ্যান অনুসৰি প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ কন্যা আছিল৷ ভাগৱত পুৰাণৰ মতে, তেওঁ প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ ৯গৰাকী কন্যাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ ভগৱান কপিলৰ ভগ্নী আছিল।
খ্যাতি | |
---|---|
সঙ্গী | ভৃগু |
সহোদৰ | অদিতি, দিতি, দানু, ৰতি, অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিনী, চিত্ৰা, স্বাতী, বিশ্বাসা, অনুৰাধা, ৰেৱতী, স্বাহা, স্বাধা, মূৰ্তী, সতী, আদি |
সন্তান | ধাতা বিধাতা ভাৰ্গৱী লক্ষ্মী |
পুৰাণৰ মতে, দক্ষৰ পত্নী প্ৰসূতিৰ পৰা ২৪গৰাকী কন্যা[1] আৰু তেওঁৰ পত্নী পাঞ্চজানি (বিৰিণী) -ৰ পৰা আন ৬২গৰাকী কন্যা আছিল।[2][3] তাৰে ভিতৰত এগৰাকী আছিল খ্যাতি; যাৰ অভিধানিক অৰ্থ হৈছে- যশস্যা, সুনাম বা প্ৰসিদ্ধি। প্ৰজাপতি ভৃগুৰ সৈতে সম্পৰ্কিত নীতি অনুসৰি খ্যাতিৰ মূল অৰ্থ হৈছে- “ঐশ্বৰিক পোহৰ চেতনা”। খ্যাতি বা খিয়াতিয়ে পোহৰ আৰু কাৰ্য হিচাপে প্ৰয়োগ হোৱা সৰ্বাংগীন জ্ঞান আৰু তাৰ সৌন্দৰ্যক প্ৰকাশ কৰে৷
তেওঁৰ বিবাহ ঋষি ভৃগুৰ সৈতে হৈছিল৷ সিহঁতৰ সন্তান দুটিৰ নাম আছিল ক্ৰমে- ধাতা আৰু বিধাতা৷[4] কিংবদন্তি অনুসৰি দেৱী লক্ষ্মীৰ অৱতাৰ আছিল তেওঁৰ কন্যা৷