গটফ্ৰিড উইলহেল্ম লাইবনিৎছ

(গটফ্রিড উইলহেল্ম লাইবনিৎছৰ পৰা পুনঃনিৰ্দেশিত)

গটফ্ৰিড উইলহেল্ম লাইবনিৎছ (লিবনিজ) (জাৰ্মান: Gottfried Wilhelm Leibniz, জুলাই ১, ১৬৪৬ – নভেম্বৰ ১৪, ১৭১৬) এজন জাৰ্মান দাৰ্শনিক আৰু গণিতজ্ঞ যাক কেলকুলাছৰ আৱিষ্কাৰক হিচাপে সন্মান জনোৱা হয়। তেওঁৰ ব্যৱহৃত কেলকুলাছৰ অংকপাতন পদ্ধতি বা নোটেশ্বনসমূহ বৰ্তমানেও ব্যৱহাৰ কৰা হয়। আধুনিক কম্পিউটাৰৰ মূল আধাৰ দ্বৈত পদ্ধতি তেওঁৰ উদ্ভাৱন। পদাৰ্থবিজ্ঞান, জীৱবিজ্ঞান, সম্ভাৱনা তত্ত্ব, তথ্য বিজ্ঞান আদিত তেওঁৰ ব্যাপক অৱদান আছে।

গটফ্ৰিড উইলহেল্ম লাইবনিৎছ (লিবনিজ )
সম্পূৰ্ণ নাম গটফ্ৰিড উইলহেল্ম লাইবনিৎছ (লিবনিজ )
জন্ম ১ জুলাই (২১ জুন Old Style) ১৬৪৬
লাইপ্‌ৎসিশ, স্যাক্সনি, জাৰ্মানি
মৃত্যু ১৪ নৱেম্বৰ, ১৭১৬
হানোফাৰ, জাৰ্মানি
যুগ সপ্তদশ/অষ্টদশ শতাব্দীৰ দৰ্শন
অঞ্চল পাশ্চাত্য দৰ্শন
আগ্ৰহ অধিবিদ্যা, গণিত,
উল্লেখযোগ্য কৰ্ম Infinitesimal calculus, ক্যালকুলাস, Monadology, Theodicy, Optimism
স্বাক্ষৰ

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

গটফ্ৰিড উইলহেল্ম ফন লাইবনিৎছে ১৬৪৬ চনৰ ১ জুলাই জাৰ্মানিৰ লাইপজিগ চহৰৰ এক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ আছিল ফ্ৰিড্ৰিক লাইবনিৎছ আৰু মাতৃ আছিল কেথাৰিনা স্মুক। লাইবনিৎছক ৩ জুলাইত লাইপজিগৰ ছেণ্ট নিকলাচ গীৰ্জাত অভিসিঞ্চিত কৰা হয়। তেওঁৰ ধৰ্মপিতা আছিল লুথেৰান ধৰ্মতত্ত্ববিদ মাৰ্টিন গেইয়াৰ।[1] লাইবনিৎছৰ মাথোঁ ছবছৰ বয়সতে তেওঁৰ পিতৃৰ মৃত্যু হয় আৰু তাৰ পিছত তেওঁৰ মাতৃয়ে তেওঁক লালন-পালন কৰ [2]

লাইবনিৎছৰ পূৰ্বপুৰুষ সেক্সনি চৰকাৰৰ অধীনত উচ্চ পদত কৰ্মচাৰী আছিল, আৰু তেওঁৰ পিতৃ লাইপজিগ বিশ্ববিদ্যালয়ৰ নৈতিক দৰ্শন বিষয়ৰ অধ্যাপক আছিল। এইদৰে এক শিক্ষিত আৰু ৰাজনৈতিক পৰিৱেশত তেওঁৰ শৈশৱ অতিবাহিত হয়। পিতৃৰ মৃত্যুৰ পিছত তেওঁ পিতৃৰ গ্ৰন্থাগাৰৰ উত্তৰাধিকাৰী হয়। সাত বছৰ বয়সত তেওঁক এই গ্ৰন্থাগাৰত প্ৰৱেশাধিকাৰ দিয়া হয়।

তেওঁৰ বিদ্যালয়ৰ পঢ়া কিছু নীতিমূলক পাঠদানতে সীমিত হোৱা বাবে তেওঁ পিতৃৰ গ্ৰন্থাগাৰৰ বিভিন্ন দাৰ্শনিক আৰু ধৰ্মতত্ত্ব বিষয়ৰ গ্ৰন্থ পঢ়িবলৈ আৰম্ভ কৰে। এই গ্ৰন্থবোৰ পঢ়িবলৈ তেওঁ কলেজলৈকে অপেক্ষা কৰিবলগীয়া হোৱা নাছিল।[3] গ্ৰন্থবোৰৰ অধিকাংশ লেটিন ভাষাত লিখা আছিল, সেয়েহে তেওঁ আঠ বছৰ বয়সত লেটিন ভাষা শিকিবলৈ আৰম্ভ কৰে আৰু বাৰ বছৰ বয়সত লেটিনত দক্ষতা অৰ্জন কৰে। তেৰ বছৰ বয়সত বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠানৰ বাবে তেওঁ ৩০০ হেক্সামিটাৰৰ এটি লেটিন কবিতা ৰচনা কৰে।[4] ইয়াৰ পাছত, তেওঁ সম্পূৰ্ণ নিজৰ চেষ্টাৰে গ্ৰীক ভাষাও আয়ত্ত কৰে। এই সময়ত তেওঁৰ মানসিক উৎকৰ্ষ ৰেনে দেকাৰ্তৰ অনুৰূপ আছিল। প্ৰাচীন সাহিত্য আৰু কলাৰ অনুশীলনে তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল, সেয়ে তেওঁ ন্যায় শাস্ত্ৰৰ অধ্যয়নত মনোনিবেশ কৰে। গ্ৰীক আৰু লেটিন পণ্ডিত, দাৰ্শনিক আৰু খ্ৰীষ্টান যাজকবৃন্দই ন্যায়শাস্ত্ৰক যি পৰ্যায়লৈ নিছিল, তাৰ সংস্কাৰৰ প্ৰয়াসতে লাইবনিজৰ কেৰেক্টাৰিষ্টিক ইউনিভাৰ্ছালিছ বা ইউনিভাৰ্ছেল মেথেমেটিছৰ বীজ অঙ্কুৰিত হয়। ইয়াৰ পৰাই তেওঁ দৰ্শনশাস্ত্ৰ আৰু মনোবিজ্ঞানৰ আস্বাদ লাভ কৰিছিল।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Kurt Müller, Gisela Krönert, Leben und Werk von Gottfried Wilhelm Leibniz: Eine Chronik. Frankfurt a.M., Klostermann 1969, p. 3.
  2. Mates, Benson (1989). The Philosophy of Leibniz: Metaphysics and Language. Oxford University Press. ISBN 978-0-19-505946-5. https://books.google.com/books?id=b3M8DwAAQBAJ&q=Gottfried+Leibniz+father+died+when+he+was+six+and+a+half+years+old&pg=PA17. 
  3. Mackie (1845), 21
  4. Mackie (1845), 22