গধূলিগোপাল
গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ। বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায়। লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম। ১৫৪০ চনত গধূলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল।
গধূলিগোপাল Mirabilis jalapa | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Caryophyllales |
পৰিয়াল: | Nyctaginaceae |
গণ: | Mirabilis |
প্ৰজাতি: | M. jalapa |
বৈজ্ঞানিক নাম | |
Mirabilis jalapa |
ফুল আৰু ৰঙ
সম্পাদনা কৰকএকেটা গছতেই ভিন্ন বৰণৰ ফুল ফুলা ইয়াৰ অন্যতম বৈশিষ্ট্য।
সেইদৰে সম্পূৰ্ণ বগা , গুলপীয়া , হালধীয়া ইত্যাদি ৰঙৰো ফুল দেখা যায়। একে ফুলতে কেতিয়াবা বিভিন্ন ৰঙৰ দাগ দেখা যায়। ৰঙাৰ পৰা বেঙুনীয়ালৈ এই ফুল পোৱা যায়। ফুলবোৰ সুন্দৰ সুগন্ধিযুক্ত। গধূলিগোপাল সন্ধিয়া ফুলে আৰু ওৰে নিশা ফুলি পুৱা মৰহি যায়। মথ জাতীয় নিশাচৰ প্ৰাণীৰ দ্বাৰা পৰাগযোগ হয়। [1]
বংশগতিক অধ্যয়ন
সম্পাদনা কৰক১৯০০ চনত বিজ্ঞানী কাৰ্ল কৰেন্সে কোষপ্ৰৰসীয় বংশানুক্ৰম (Cytoplasmic Inheritance ) অধ্যয়নত গধূলিগোপালক ব্যৱহাৰ কৰিছিল।[2] পিছলৈ ইয়াৰ পৰা অসম্পূৰ্ণ প্ৰভাৱিতা ( Incomplete Dominance) আৱিষ্কাৰ হৈছিল।
ব্যৱহাৰ
সম্পাদনা কৰকগধূলিগোপাল ফুল সাধাৰণতে খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পত ৰঙৰ কামত ব্যৱহাৰ হয়। তাৰ বাহিৰে ইয়াৰ পাত খাব পাৰি। তদুপৰি কেক আৰু জেলীত ৰঙ দিবলৈ ফুড কালাৰিং এজেণ্ট হিচাপে ইয়াৰ ৰং ব্যৱহৃত হয়। কিছুমান ঔষধ তৈয়াৰ কৰোঁতে গধূলিগোপালৰ বীজ আৰু শিপা ব্যৱহাৰ হয়।[3]
ঔষধি গুণ
সম্পাদনা কৰকনলা নাৰেঙীয়া ৰোগত গধূলি গোলাপ ফুল পিহি প্ৰলেপ দিলে নাৰেঙীয়া ঘা ভাল হয়। গধূলি গোলাপ ফুল খৰ-খজুৱতিত ব্যৱহাৰ কৰিও উপকাৰ পোৱা যায়।[4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "UCLA Mildred E. Mathias Botanical Garden". Botgard.ucla.edu. Archived from the original on 2012-09-29. https://web.archive.org/web/20120929071019/http://www.botgard.ucla.edu/html/membgnewsletter/Volume4number2/Theplantsthatlovehawkmoths.html। আহৰণ কৰা হৈছে: 2012-07-31.
- ↑ Miko, I. Non-nuclear genes and their inheritance. Nature Education 1(1), (2008)
- ↑ "Mirabilis jalapa Marvel Of Peru PFAF Plant Database". Pfaf.org. http://www.pfaf.org/user/Plant.aspx?LatinName=Mirabilis%20jalapa। আহৰণ কৰা হৈছে: 2012-07-31.
- ↑ "কেইবিধমান ফুলৰ ঔষধি গুণ". http://as.vikaspedia.in/health/ousadh/9859b89ae9f0-9ac9a89b79a79bf/9959c79879ac9bf9a79ae9be9a8-9ab9c19b29f0-9949b79a79bf-9979c19a3। আহৰণ কৰা হৈছে: বিকাশ পেডিয়া 2 মে' 2019.