গন্ধৰ্ব (ইংৰাজী: Gandharva) হৈছে হিন্দুধৰ্ম, বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰ আখ্যানসমূহত উল্লিখিত এক দৈৱিক জীৱ। গন্ধৰ্ব পুৰুষসকল সংগীতবিদ্যাত পাকৈত। তেওঁলোকৰ নাৰীসকল (অপ্সৰা) নৃত্য পটিয়সী। গন্ধৰ্ব শব্দৰদ্বাৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ নিপুণ শিল্পীসকলকো বুজোৱা হয়।

গন্ধৰ্ব
দেৱলোকৰ গায়ক
Apsara Gandharva Dancer Pedestal Tra Kieu.jpg
দশম শতিকাত নিৰ্মিত অপ্সৰাৰ সৈতে গন্ধৰ্বৰ প্ৰতিমূৰ্ত্তি
দেৱনাগৰী गन्धर्व
সম্পৰ্ক দেৱতা
নিবাস স্বৰ্গ, গন্ধৰ্বলোক
সঙ্গী অপ্সৰা
পিতৃ-মাতৃ প্ৰজাপতি
ব্ৰহ্মা
কাশ্যপ

বিভিন্ন ধৰ্মবিশ্বাসতসম্পাদনা কৰক

হিন্দুধৰ্মসম্পাদনা কৰক

 
ডেউকাযুক্ত গন্ধৰ্বসকলে শিৱলিংগৰ উপাসনা কৰাৰ প্ৰতিকৃতি (খ্ৰীষ্টপূৰ্ব ১০০, মথুৰা)[1]

হিন্দুধৰ্মৰ মতে গন্ধৰ্বসকল হৈছে প্ৰকৃতি দেৱতা বা বনদেৱতা। গন্ধৰ্ব নাৰীসকলক অপ্সৰা বুলি কোৱা হয়। তেওঁলোকৰ কিছুসংখ্যকৰ অৰ্ধাংশ ঘোঁৰা আদি জন্তু বা পক্ষীৰ আকাৰৰ। তেওঁলোক সংগীতবিদ্যাত পাৰ্গত। গন্ধৰ্বসকল সোমৰসৰ ৰখীয়া হোৱাৰ লগতে তেওঁলোকে দেৱতাসকলৰ প্ৰাসাদত সুমধুৰ সংগীত পৰিৱেশন কৰে। তেওঁলোকক প্ৰায়ে দেৱতাসকলৰ ৰাজসভাৰ গায়ক হিচাপে চিত্ৰিত কৰা হয়। মহাভাৰতত গন্ধৰ্বসকলৰ কথা বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছে আৰু দেৱতা আৰু যক্ষসকলৰ সৈতে যোদ্ধা হিচাপে তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা হৈছে। গন্ধৰ্বসকলৰ নিবাস বিভিন্ন গন্ধৰ্ব ৰাজ্য বা গন্ধৰ্বলোকজুৰি বিস্তৃত হৈ আছে। চিত্ৰাংগদ, চিত্ৰসেন, দ্ৰুমিলা (কংসৰ জৈৱিক পিতৃ) আৰু চান্দবেগ উল্লেখযোগ্য গন্ধৰ্বসকলৰ অন্যতম।[2]

হিন্দু প্ৰথা অনুসৰি, গন্ধৰ্ব-বিবাহ হৈছে কোনো আনুষ্ঠানিকতা অবিহনে পৰস্পৰৰ সন্মতিত হোৱা বিবাহ।[3]

পিতৃ-মাতৃসম্পাদনা কৰক

প্ৰজাপতি, ব্ৰহ্মা, কাশ্যপ আদি বিভিন্ন দেৱতা আৰু ঋষিক গন্ধৰ্বসকলৰ পিতৃ বুলি কোৱা হয়।[4]

বৌদ্ধধৰ্মসম্পাদনা কৰক

 
স্বৰ্গৰ চাৰিজন ৰজাৰ অন্যতম তথা গন্ধৰ্বসকলৰ ৰজা ধৃতৰাষ্ট্ৰ

বৌদ্ধধৰ্মৰ মতে গন্ধৰ্বসকল হৈছে একপ্ৰকাৰৰ নিম্ন শ্ৰেণীৰ দেৱতা। পূবপ্ৰান্তৰ ৰখীয়া ৰজা ধৃতৰাষ্ট্ৰ হৈছে তেওঁলোকৰ দলপতি। গন্ধৰ্বসকলৰ আকাশত উৰিব পৰাৰ ক্ষমতা আছে আৰু তেওঁলোক দক্ষ সংগীতজ্ঞ। তেওঁলোক গছ-লতা আৰু ফুলৰ সৈতে সম্পৰ্কিত। অকলশৰে ধ্যান কৰি থকা ভিক্ষুসকলক তেওঁলোকে প্ৰায়েই আমনি কৰে।

জৈনধৰ্মসম্পাদনা কৰক

দিগম্বৰ পন্থাৰ জৈনসকলে গন্ধৰ্বসকলৰ বৰণ সোণোৱালী বুলি গণ্য কৰে। ইয়াৰ বিপৰীতে শ্বেতাম্বৰ পন্থাৰ মতে তেওঁলোকৰ দেহৰ বৰণ ক'লা।[5]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Singh, Upinder (2008) (en ভাষাত). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. Pearson Education India. পৃষ্ঠা. 435. ISBN 978-81-317-1120-0. https://books.google.com/books?id=H3lUIIYxWkEC&pg=PA435&lpg=PA435. 
  2. Bhagavata Purana translation of Motilal Bansaridadss Book 2 Skandha IV Chapter 27
  3. Catherine Benton, God of Desire: Tales of Kamadeva in Sanskrit Story Literature, SUNY Press, 2006, ISBN 978-0-7914-6566-0, https://books.google.com/books?id=cWAh8sL3gOEC, "... male counterparts of apsaras, gandharvas are known to love women; and women fall instantly for the charms of gandharva men ... awaken sexual passion in women ... In a gandharva marriage, a man and woman are so drawn to one another in mutual passion that they run off together without ceremony or consent of their families ..." 
  4. A Sanskrit-English dictionary: etymologically and philologically arranged, by Sir Monier Monier-Williams. https://books.google.com/books?id=zUezTfym7CAC&pg=PA346। আহৰণ কৰা হৈছে: 2012-12-19. 
  5. Shah, Umakant Premanand (1987). Jaina-Rūpa-Maṇḍana, Volume 1. Abhinav Publications. ISBN 9788170172086.