গম বা ঘেঁহু (ইংৰাজী: Wheat) ভাৰতৰ দ্বিতীয় প্ৰধান শস্য। উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য। আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক। গম এবিধ শীতকালীন ৰবি শস্য।

গম
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Poales
পৰিয়াল: Poaceae
উপপৰিয়াল: Pooideae
গোত্ৰ: Triticeae
গণ: Triticum
L.
Species

References:
    Serial No. 42236 ITIS 2002-09-22

কৃষি পদ্ধতিসম্পাদনা কৰক

শীতল আৰু অপেক্ষাকৃতভাৱে শুকান জলবায়ু গমখেতিৰ কাৰণে উপযোগী। সেয়ে ভাৰতত উষ্ণতাৰ কাৰণে শীতকালতহে ইয়াৰ খেতি কৰা হয়। খেতিৰ বাবে ৭০ ৰ পৰা ৮০ ছেণ্টিমিটাৰ বৃষ্টিপাতৰ দৰকাৰ। ইয়াৰ বৃদ্ধিৰ সময়খিনিত ৩০ ছেণ্টিমিটাৰ বৰষুণ লাগে। পকিবৰ সময়ত বতৰ নিৰ্মল, শুকান আৰু গৰম হ'ব লাগে। এই খেতিৰ কাৰণে পলসুৱা বোকা মাটিৰ প্ৰয়োজন। ভাৰতত যি ঠাইত ১০০ ছেণ্টিমিটাৰৰ কম বৰষুণ হয়, তাতেই গম বা ঘেহুঁ খেতি হয়। অৱশ্যে কৃত্ৰিম উপায়েৰে পানীযোগান ধৰা অঞ্চলতহে উৎকৃষ্ট গম খেতি হয়। গম সিঁচা সময়ত মাটিত আৰ্দ্ৰতা থকা দৰকাৰ। গম খেতিৰ বাবে ৯০ দিন হিমযুক্ত হ'ব লাগে। সোণালিকা নামৰ গমবিধ ১০৫ দিনৰ ভিতৰতে পূৰঠ হয়। এইবোৰৰ উপৰিও "এই্চ- ডি-২২৮৫", "ডব্লিউ এল -৭১১" আদি জাতৰ গমৰ খেতি কৰা হয়। হিমালয় পৰ্ব্বতৰ নামনি অঞ্চলত শীতকালৰ আৰম্ভণিতে গম সিঁচা হয় আৰু বাৰিষাৰ আগে আগে চপোৱা হয়।[1]

উৎপত্তি স্থলসম্পাদনা কৰক

 
ভাৰতৰ মহাৰাষ্ট্ৰৰৰ এখন পথাৰত কুমলীয়া গমৰ শস্য

গম খেতি প্ৰধানকৈ উত্তৰ ভাৰতপঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিম বিহাৰ আদি ঠাইত জলসিঞ্চন কৰি কৰা হয়। এইবোৰ অঞ্চলৰ মাটি পলসুৱা আৰু সমভূমিময়। ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আদিতো কিছু পৰিমাণে গম খেতি হয়। পঞ্জাবৰ গম ভাৰত বিখ্যাত। দক্ষিণ ভাৰতত শীতকালৰ প্ৰধান্য কম আৰু উত্তৰ পূব ভাৰতত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হোৱা কাৰণে গমখেতিৰ প্ৰাধান্য কম। কিন্তু আজিকালি এইবিলাক ঠাইতো পৰিবেশৰ লগত খাপ কোৱাকৈ উন্নত বীজ উৎপন্ন কৰি গমৰ উৎপাদন বৃদ্ধি কৰা হৈছে। কোমল আৰু টান দুয়োবিধ গমৰ খেতিয়েই ভাৰতত কৰা হয়। ৰুটিৰ বাবে কোমল গম উপযোগী। গম খেতি কৰা প্ৰধান ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ স্থান প্ৰথম, পঞ্জাব দ্বিতীয়। এই দুখন ৰাজ্যত ৫৮.৫ শতাংশ গম উৎপাদন হয়।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে), লেখকদ্বয় - ড॰ লোকেশ্বৰ নাথ আৰু ড॰ চাৰু চহৰীয়া নাথ। প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল, খাৰুপেটীয়া (দৰং)।