গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক

গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (ইংৰাজী: Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক।[1] তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।[2]

গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
সম্পূৰ্ণ নাম গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৪২ (৮২ বছৰ)
কলকাতা, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত
যুগ সমকালীন দৰ্শন
অঞ্চল প্ৰাশ্চাত্য দৰ্শন
ধাৰা মহাদেশীয় দৰ্শন, উত্তৰ-উপনিৱেশবাদ, বিনিৰ্মাণ
আগ্ৰহ সাহিত্য সমালোচনা, নাৰীবাদ, মাৰ্ক্সবাদ, উত্তৰ-উপনিবেশবাদ
প্ৰভাৱিত হয়

উত্তৰ-ঔপনিৱেশিক কালৰ অন্যতম প্ৰভাৱশালী বুদ্ধিজীৱী বুলি গণ্য কৰা স্পিভাক তেওঁৰ ৰচনা কেন দ্য চাবঅলটাৰ্ন স্পিক? আৰু জেক ডেৰিডাৰ De la gramatologie-ৰ অনুবাদ আৰু পাতনিৰ বাবে বিশেষভাবে জনাজাত।[3][4] মহাশ্বেতা দেৱীৰ বহু গ্ৰন্থ মহাশ্বেতাৰ জীৱন আৰু লেখনশৈলীৰ পৃথক সমালোচনাত্মক টোকাৰ সৈতে তেওঁ ইংৰাজীলৈও অনুবাদ

“গোলকীকৃত বিশ্বৰ সম্পৰ্কত বৌদ্ধিক ঔপনিৱেশিকতাৰ বিৰুদ্ধে মানৱীয় বিষয়ৰ হৈ কথা কোৱা এগৰাকী সমালোচনাত্মক তত্ত্ববিদ আৰু শিক্ষাবিদ” ৰূপে স্পিভাকক ২০১২ চনত কলা আৰু দৰ্শনৰ কিয়’ট’ বঁটা প্ৰদান কৰা হয়।[5][6] ২০১৩ চনত তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ লাভ কৰে।[7]

যদিও উত্তৰ-ঔপনিৱেশিকতাবাদৰ সৈতে জড়িত, স্পিভাকে এই বিষয়টোৰ পৰা আঁতৰি এ ক্ৰিটিক অৱ পোষ্টকলনিয়েল ৰিজন (১৯৯৯) ৰচনা কৰিছিল; এই স্থিতি তেওঁ ২০২১ চনত জানুছ আনবাউণ্ডে প্ৰকাশ কৰা জাৰ্নেল অৱ ক্ৰিটিকেল ষ্টাডিজৰ হাউ দ্য হেৰিটেজ অৱ প'ষ্টকলনিয়েল ষ্টাডিজ থিংকছ কলনিয়ালিজম টুডে শীৰ্ষক ৰচনা এখনতো বজাই ৰাখিছে।[8]

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন সম্পাদনা কৰক

কলিকতাত পৰেশ চন্দ্ৰ আৰু শিৱানী চক্ৰৱৰ্তীৰ ঘৰত গায়ত্ৰী চক্ৰৱৰ্তী নামেৰে স্পিভাকৰ জন্ম হৈছিল।[10] ছেইণ্ট জনছ ডাইচেচন গাৰ্লছ হাইয়াৰ ছেকেণ্ডাৰী স্কুলত মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত স্পিভাকে কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সি কলেজত পঢ়ে আৰু ১৯৫৯ চনত তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[9]

স্পিভাকৰ দুবাৰ বিবাহ হয়; প্ৰথমবাৰ তালব’ট স্পিভাকৰ সৈতে। এই বিবাহ ১৯৬৪ চনৰ পৰা ১৯৭৭ চনলৈকে স্থায়ী হৈছিল। তাৰ পিছত বাসুদেৱ চেটাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কোনো সন্তান নাই।[10]

কৰ্ম সম্পাদনা কৰক

ডেৰিডাৰ ডে লা গ্ৰামেট'লজীৰ অনুবাদেৰে স্পিভাকে অনুবাদৰ ক্ষেত্ৰখনত বিশিষ্ট স্থান লাভ কৰে। [11] ইয়াৰ পিছত ছাবঅলটাৰ্ন ষ্টাডিজ কালেকটিভৰ সদস্য হিচাপে তেওঁ ধাৰাবহিকভাবে সাম্ৰাজ্যবাদ আৰু আন্তঃৰাষ্ট্ৰীয় নাৰীবাদৰ ঐতিহাসিক অধ্যয়ন আৰু সাহিত্য সমালোচনা চলাই গৈছিল। তেওঁ নিজকে প্ৰায়ে “ব্যৱহাৰিক মাৰ্ক্সবাদী-নাৰীবাদী-বিনিৰ্মাণকাৰী” বুলি উল্লেখ কৰে। [12] এডৱাৰ্ড ছেইডে স্পিভাকৰ কামৰ বিষয়ে লিখিছে, “তেওঁ অ-প্ৰাশ্চাত্য মহিলাৰ সাহিত্য তত্ত্বৰ অধ্যয়নৰ পথ প্ৰদৰ্শক আছিল আৰু আমাৰ বাবে উপলব্ধ সেই ভূমিকাৰ আটাইতকৈ প্ৰাচীন আৰু সুসংহত পন্থাবোৰ এটা প্ৰস্তুত কৰিছিল।” [13]

স্বীকৃতি সম্পাদনা কৰক

  • ১৯৯৭: মহাশ্বেতা দেৱীৰ চুটিগল্প সংকলনৰ Imaginary Maps নামেৰে ইংৰাজীলৈ কৰা অনুবাদৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা।
  • ২০১২: ‘চিন্তা আৰু নৈতিকতা’ শিতানত কিয়’ট’ বঁটা
  • ২০১৩: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ প্ৰদান।

তথ্যউৎস সম্পাদনা কৰক

  1. "Spivak, Gayatri." Encyclopædia Britannica. Encyclopædia Britannica Ultimate Reference Suite. Chicago: Encyclopædia Britannica, 2014.
  2. "Gayatri Chakravorty Spivak". Columbia University in the City of New YorkDepartment of English and Comparative Literature. http://english.columbia.edu/people/profile/409। আহৰণ কৰা হৈছে: March 22, 2016. 
  3. Simons, Jon (2010-09-10) (en ভাষাত). From Agamben to Zizek: Contemporary Critical Theorists: Contemporary Critical Theorists. Edinburgh University Press. ISBN 9780748643264. https://books.google.com/books?id=3hurBgAAQBAJ&q=%22one+of+the+most+influential+postcolonial+intellectuals%22+Spivak&pg=PA210। আহৰণ কৰা হৈছে: 17 October 2020. 
  4. Morton, Stephen (2010). Simons, Jon. ed (en ভাষাত). From Agamben To Zizek Contemporary Critical Theorists. প্ৰকাশক Edinburgh: Edinburgh University Press. পৃষ্ঠা. 210. ISBN 978-0-7486-3973-1. https://books.google.com/books?id=b0wTTPRsPv8C। আহৰণ কৰা হৈছে: 17 October 2020. 
  5. "The Kyoto Prize / Laureates / Gayatri Chakravorty Spivak" (en ভাষাত). Inamori FoundationInamori Foundation. http://www.inamori-f.or.jp/laureates/k28_c_gayatri/prf_e.html। আহৰণ কৰা হৈছে: 19 April 2016. "A Critical Theorist and Educator Speaking for the Humanities Against Intellectual Colonialism in Relation to the Globalized World." 
  6. "Columbia University Professor Gayatri Spivak Selected as 2012 Kyoto Prize Laureate in Arts and Philosophy". Kyoto Prize USAKyoto Symposium Organization. Archived from the original on 6 May 2016. https://web.archive.org/web/20160506053413/http://kyotoprize-us.org/columbia-university-professor-gayatri-spivak-selected-as-2012-kyoto-prize-laureate-in-arts-and-philosophy-2/। আহৰণ কৰা হৈছে: 19 April 2016. 
  7. "Padma Awards Announced". Ministry of Home Affairs (India). 25 January 2013. http://www.pib.nic.in/newsite/erelease.aspx?relid=91838। আহৰণ কৰা হৈছে: 25 January 2013. 
  8. Gayatri Chakravorty, Spivak (11 November 2021). "How the Heritage of Postcolonial Studies Thinks Colonialism Today". Janus Unbound: Journal of Critical Studies খণ্ড 1 (1): 19–29. https://journals.library.mun.ca/ojs/index.php/JU/article/view/2309/1826। আহৰণ কৰা হৈছে: 15 November 2021. 
  9. Landry, Donna; MacLean, Gerald, eds (1996). "Reading Spivak". The Spivak Reader. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 1–4. ISBN 978-0415910019. https://books.google.com/books?id=gCHcsaSi-sUC&pg=PT12। আহৰণ কৰা হৈছে: 21 April 2016. 
  10. Smith, Dinitia (2002-02-09). "Creating a Stir Wherever She Goes" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2002/02/09/arts/creating-a-stir-wherever-she-goes.html. 
  11. "Reading Spivak". The Spivak Reader: Selected Works of Gayatri Chakravorty Spivak. Routledge. 1996. পৃষ্ঠা. 1–4. ISBN 9780415910019. https://books.google.com/books?id=gCHcsaSi-sUC&pg=PT12। আহৰণ কৰা হৈছে: 19 April 2016. 
  12. Lahiri, Bulan (6 February 2011). "Speaking to Spivak". The Hindu (Chennai, India). http://www.thehindu.com/books/in-conversation-speaking-to-spivak/article1159208.ece. 
  13. Dinitia Smith, "Creating a Stir Wherever She Goes," Archived 1 May 2017 at the Wayback Machine New York Times (9 February 2002) B7.