গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ

অসমৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ (ইংৰাজী: Girijananda Chowdhury Institute of Management and Technology, Tezpur, চমুকৈ জি আই এম টি, তেজপুৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান। ২০১১ চনত শোণিতপুৰ জিলাতেজপুৰ চহৰৰ সমীপত ডেকাৰগাঁও কুন্দাৰবাৰী অঞ্চলত ইয়াক প্ৰতিষ্ঠা কৰা হয়।

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ
মূলমন্ত্ৰ "Truth, Discipline & Excellence"
স্থাপিত আগষ্ট'২০১১
ধৰণ পাব্লিক-প্ৰাইভেট-পাটনাৰশ্বিপ (PPP)
অধ্যক্ষ ড° বিশ্বৰূপ শইকীয়া
ডীন কেপ্তেইন মুকুল কুমাৰ দাস (Administrative),
দিপাল বৰুৱা (Academic)
সঞ্চালক অধ্যাপক পি. কে. ব্ৰহ্ম
শৈক্ষিক কৰ্মচাৰী ৬০ (approximately)
স্নাতক শিক্ষাৰ্থী ৬০০ (চৰকাৰী আসন প্ৰতি বৰ্ষত ৩৩ খন)(approximately)
স্থান ডেকাৰগাওঁ, কুন্দাৰবাৰী,তেজপুৰ, পিন-৭৮৪৫০১, অসম, ভাৰত ভাৰত
চৌহদ গ্ৰাম্য প্ৰধান
Acronym GIMT-Tezpur
ভুক্তি অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যন (চমুকৈ AICTE) (2011-বৰ্তমানলৈকে)
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (2013-present)
গুৱাহাটী বিশ্ববিদ্যালয় (2011-2016)
ৱেবছাইট www.gimt-tezpur.ac.in

অৱস্থিতি সম্পাদনা কৰক

জি আই এম টি তেজপুৰ হৈছে শ্ৰীমন্ত শংকৰ একাডেমী ছ’ছাইটিৰ অধীনস্থ দ্বিতীয় অভিযান্ত্ৰিক মহাবিদ্যালয়। এই মহাবিদ্যালয় শোণিতপুৰ জিলাৰ তেজপুৰৰ ডেকাৰগাৱৰ কুন্দাৰবাৰী ৰাজহ গাঁৱৰ ঔদ্যোগিক অঞ্চলত অৱস্থিত । ডেকাৰগাৱ ৰেলৱে স্টেচনৰ সমীপতে এই প্ৰতিষ্ঠানটি অৱস্থিত ।

অন্তৰ্ভুক্তি সম্পাদনা কৰক

অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যন (চমুকৈ AICTE) ৰ অনুমোদন ক্ৰমে তিনিটা অভিযান্ত্ৰিক বিভাগ: চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত Common Entrance Examination ৰ ফলাফলৰ ভিত্তিত আৰম্ভ কৰা হয়। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তভুক্ত প্ৰতিষ্ঠানটি বৰ্তমানে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তভুক্ত। [1]

পাঠ্যক্ৰম সম্পাদনা কৰক

গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়। অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:


বিভাগসমুহ সম্পাদনা কৰক

পাঠ্যক্ৰমৰ বিভিন্ন দিশ পুৰ্ণ কৰিবৰ বাবে প্ৰতিষ্ঠানটিত বিভিন্ন বিভাগ আছে ।বিভিন্ন বিভাগৰ অধীনত প্ৰায় ২৩টা পৰীক্ষাগাৰ আছে।

অভিযান্ত্ৰিক বিভাগ সম্পাদনা কৰক

  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
  • অসামৰিক অভিযান্ত্ৰিক বিভাগ
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ
  • সু়ক্ষ্ম বৈদ্যুতিক ও যোগাযোগ অভিযান্ত্ৰিক বিভাগ

অন্যান্য বিভাগ সম্পাদনা কৰক

  • ভৌতিক বিজ্ঞান বিভাগ
  • গণিত বিভাগ
  • ৰসায়ণ বিজ্ঞান বিভাগ
  • মানৱিকী ও সমাজ বিজ্ঞান বিভাগ

প্ৰশিক্ষণ ও নিয়োগ কোষ সম্পাদনা কৰক

প্ৰতিষ্ঠানটিৰ প্ৰশিক্ষণ ও নিয়োগ কোষৰ কাম গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সৈতে যুটীয়া ভাৱে পৰিচালিত হয় । সৌৰভ মজিন্দাৰ বৰুৱা দুয়োটি প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ ও নিয়োগ বিষয়া ।তেজপুৰ প্ৰতিষ্ঠানৰ নিয়োগকাৰী বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠান সমূহ হৈছে -

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. দীপাংকৰ কলিতা. জি আই এম টি, তেজপুৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী. প্ৰকাশক তেজপুৰ: জিমচিয়ান (জি আইএম টি তেজপুৰৰ বাৰ্ষিক মুখপত্ৰ,প্ৰথম সংখ্যা). পৃষ্ঠা. ১,২ পৃষ্ঠা. 

বাহ্যিক সংযোগ সম্পাদনা কৰক