গিৰীশা নাগাৰাজেগৌড়া

ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ

গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া (ইংৰাজী: Girisha Hosanagara Nagarajegowda; জন্ম: ২৬ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ। গিৰীশ এন গৌড়া নামেৰেও পৰিচিত তেওঁৰ জন্ম বাওঁ ভৰিৰ প্ৰতিবন্ধকতাৰ সৈতে হৈছিল। তেওঁ পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীত লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ১.৭৪ মিটাৰ অতিক্ৰমী ফাইনেলত ৰূপৰ পদক অৰ্জন কৰিছিল।[1] সেই পেৰালিম্পিকত পদক অৰ্জন কৰা তেওঁ আছিল একমাত্ৰ ভাৰতীয় তথা পেৰালিম্পিকত পদক জয় কৰা ষষ্ঠ ভাৰতীয়।[1]

গিৰীশা নাগাৰাজেগৌড়া
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া
জন্ম ২৬ জানুৱাৰী, ১৯৮৮ (৩৬ বছৰ)
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া এথলেটিকছ
শিতান হাই জাম্প এফ৪২
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল ২০১২ লণ্ডন: হাই জাম্প এফ৪২ – ৰূপ

কেৰিয়াৰ সম্পাদনা কৰক

গিৰীশাই প্ৰথম সাফল্য লাভ কৰিছিল ধাৰৱাডত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত য'ত তেওঁ শাৰীৰিকভাৱে সক্ষম খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি পুৰস্কাৰ লাভ কৰিছিল। তাৰ পাছত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰিছিল। তাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় হাই জাম্প চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ প্ৰথম সাফল্য আছিল ২০০৬ চনত আয়াৰলেণ্ডত প্ৰতিবন্ধীসকলৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত লাভ কৰা ব্ৰঞ্জৰ পদক। ইয়াৰ পাছত কুৱেইট আৰু মালয়েছিয়াত এথলেটিক মিটত তেওঁ স্বৰ্ণ পদক লাভ কৰে।[2]

গিৰীশাই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে তেওঁৰ বেংকৰ চাকৰি ত্যাগ কৰি প্ৰশিক্ষণত গুৰুত্ব দিছিল।[3] ২০১২ চনত অনুষ্ঠিত লণ্ডনত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীৰ ফাইনেলত ১.৭৪ মিটাৰ অতিক্ৰম কৰি ৰূপৰ পদক অৰ্জন কৰিছিল।[4][5]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  • কৰ্ণাটক চৰকাৰৰ দ্বাৰা ২০১২ চনৰ ৰাজোৎসৱ বঁটা
  • কৰ্ণাটক চৰকাৰৰ প্ৰতিবন্ধী কল্যাণ বিভাগৰ দ্বাৰা ২০১২ চনৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ ৰাজ্যিক বঁটা
  • কৰ্ণাটক চৰকাৰৰ দ্বাৰা ২০১৩ চনত একলব্য বঁটা
  • ভাৰত চৰকাৰৰ দ্বাৰা ২০১৩ চনৰ পদ্মশ্ৰী বঁটা, ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা[6]
  • ভাৰত চৰকাৰৰ দ্বাৰা ২০১৪ অৰ্জুন বঁটা[7]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Aug 23, PTI / Updated:; 2021; Ist, 12:54. "India at Paralympics: Meet the past medallists" (en ভাষাত). https://timesofindia.indiatimes.com/sports/tokyo-paralympics/india-at-paralympics-meet-the-past-medallists/articleshow/85556214.cms. 
  2. "Girisha turns parent's regret into pride". Deccan Herald. 4 September 2012. https://www.deccanherald.com/content/276476/girisha-turns-parents-regret-pride.html. 
  3. "Born With An Impaired Leg To Jumping To Silver Medal At Paralympics, Girisha Is An Inspiration" (en-IN ভাষাত). IndiaTimes. 2019-11-03. https://www.indiatimes.com/sports/from-having-an-impaired-leg-to-jumping-to-silver-medal-win-at-paralympics-girisha-nagarajegowda-has-conquered-it-all-379151.html। আহৰণ কৰা হৈছে: 2021-09-01. 
  4. "Girisha Hosanagara Nagarajegowda - Athletics - Paralympic Athlete". web.archive.org. 2012-09-05. Archived from the original on 2012-09-05. https://web.archive.org/web/20120905100734/http://www.london2012.com/paralympics/athlete/hosanagara-nagarajegowda-girisha-5504590/। আহৰণ কৰা হৈছে: 2021-09-01. 
  5. "Girisha Hosanagara Nagarajegowda - Athletics" (en ভাষাত). International Paralympic Committee. https://www.paralympic.org/girisha-hosanagara-nagarajegowda। আহৰণ কৰা হৈছে: 2021-09-01. 
  6. "Padma Awards Announced" (Press release). Ministry of Home Affairs. 25 January 2013. http://www.pib.nic.in/newsite/erelease.aspx?relid=91838। আহৰণ কৰা হৈছে: 27 January 2013. 
  7. "List of Arjuna Awardees (1961–2018)". Ministry of Youth Affairs and Sports (India). https://yas.nic.in/sites/default/files/LIST%20OF%20ARJUNA%20AWARDEES.docx%2061%20-%2017_0_0.pdf। আহৰণ কৰা হৈছে: 11 October 2020.