গীতাঞ্জলি (কাব্যগ্ৰন্থ)

ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলা ভাষাত ৰচনা কৰা এখন কাব্যগ্ৰন্থ
(গীতাঞ্জলিৰ পৰা পুনঃনিৰ্দেশিত)

গীতাঞ্জলি (বঙালী: গীতাঞ্জলি; ইংৰাজী: Gitanjali) ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলা ভাষাত ৰচনা কৰা এখন কাব্যগ্ৰন্থ। এইখন ১৫৭টা গীতিকবিতাৰ সংকলন। এইবিলাক মূলত: ভক্তিমূলক ৰচনা আৰু কবি আৰোপিত সুৰত অধিকাংশই গীত হৈ আছে। ১৯০৮-০৯ চনত ৰচিত এই কবিতাবিলাক ১৯১০ চনত গীতাঞ্জলি গ্ৰন্থাকাৰে প্ৰকাশিত হয়।

গীতাঞ্জলি  

‘গীতাঞ্জলি: চং অফাৰিংচ‎’ (ইংৰাজী অনুবাদ) -ৰ প্ৰথম মেকমিলান সংস্কৰণৰ প্ৰচ্ছেদ, ১৯১৩
লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ
অনুবাদক ৰবীন্দ্ৰনাথ ঠাকুৰ
দেশ ভাৰত
ভাষা বাংলা
প্ৰকাৰ কবিতা
প্ৰকাশক বিশ্বভাৰতী গ্ৰন্থনবিভাগ
প্ৰকাশ ১৯১০
ইংৰাজীত
প্ৰকাশ
১৯১২
মিডিয়া প্ৰকাৰ মুদ্ৰিত গ্ৰন্থ
পৃষ্ঠা সংখ্যা ৯৬

১৯১২ চনত এই গ্ৰন্থৰ আংশিক ইংৰাজী অনুবাদ প্ৰকাশিত হয়। কবি স্বয়ং অনুবাদক আছিল। অনূদিত কবিতাবিলাক ‘চং অফাৰিংচ’ (ইংৰাজী: Song Offerings) নামেৰে সংকলিত হয়। ইংৰাজী অনুবাদটোৱে পাশ্চাত্য বিদ্বান সমাজত যথেষ্ট খ্যাতি অৰ্জন কৰে। ২০১০ চনত গীতাঞ্জলিৰ প্ৰকাশৰ শতবৰ্ষ উপলক্ষে কলকাতা মেট্ৰোৰ নাকতলা ষ্টেচনটোৰ নাম “গীতাঞ্জলি মেট্ৰো ষ্টেচন” কৰা হয়।

ৰচনাৰ ইতিহাস

সম্পাদনা কৰক

গীতাঞ্জলি কাব্যৰ উৎসৰ সন্ধান কৰিবলৈ গৈ ৰবীন্দ্ৰ বিশেষজ্ঞ সুকুমাৰ সেনে লিখিছে যে “উৎসৰ্গ” আৰু “খেয়াৰ”ৰ সময়ত প্ৰচুৰ গান লিখা হৈছিল। ইতিমধ্যে (১৩১৮ চনৰ মাজ অৱস্থাত) কনিষ্ঠ পুত্ৰ শমীন্দ্ৰনাথ ঠাকুৰৰ (১৪৯৬-১৯০৭) আকস্মিক মৃত্যুত কবিধৰ্ম কিছুদিনৰ কাৰণে যেন বিচলিত হৈ উঠিল। তেতিয়া শোকবিদায়ৰ উৎসাহ হ’ল এক অভিনৱ ভক্তিৰস। সেইবোৰৰ মুখ্য প্ৰকাশ ঘটে গীতাঞ্জলিত (১৩১৭)।[1] ৰবীন্দ্ৰনাথৰ জীৱনীকাৰ প্ৰভাতকুমাৰ মুখোপাধ্যায়ৰ মতে “প্ৰায়শ্চিত্ত” (১৯০৯) নাটক লিখোতে লিখোতে অনেকবোৰ গান লিখিছিল [ৰবীন্দ্ৰনাথে]। তাৰ কিছুমানৰ মাজত ‘গীতাঞ্জলি’ পৰ্বৰ পদধ্বনি শুনা গ’ল। জীৱনে এক গভীৰ ৰসৰ স্তৰত প্ৰবেশ কৰিছে, গানবিলাক তাৰেই ইংগিত”।[2]

১৯০৮ চনৰ পূজাৰ সময়ত কবি শিলাইদহলৈ যায়। ছুটিৰ পৰা উভতি পাঁচ মাহ একাদিক্ৰমে শান্তিনিকেতনত বাস কৰে। এই সময়তে তেওঁৰ বিখ্যাত শান্তিনিকেতন উপদেশমালাৰ সূত্ৰপাত ঘটে। পিছৰ বছৰ বৰ্ষা আৰু শৰৎ কালত তেওঁ শিলাইদহলৈ আকৌ যায়। উভতি আহি তেওঁ কিছুদিন কলকাতাত কটায়। গীতাঞ্জলিৰ গানবিলাকো এই সময়তে শিলাইদহ, শান্তিনিকেতন আৰু কলকাতাত বহি ৰচনা কৰে। জনা যায় এই সময়ত কবি কঠোৰ নিৰামিষহাৰী আছিল। মহৰ্ষি দেবেন্দ্ৰনাথৰ ন্যাসপত্ৰৰ অনুজ্ঞা কঠোৰভাৱে মানি চলিছিল। এনেকি অসুস্থতাৰ সময়তো ডাক্তৰৰ নিৰ্দেশ অমান্য কৰি মাছ-মাংস ভক্ষণ কৰাৰ পৰা বিৰত আছিল।[3]

ইংৰাজী অনুবাদ

সম্পাদনা কৰক

গীতাঞ্জলিৰ কবিতা/গানসমূহৰ অনুবাদৰ আৰম্ভ ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই কৰিছিল। ৫৩টা গীতৰ অনুবাদ ‘গীতাঞ্জলি: দ্য চং অফাৰিংচ’ গ্ৰন্থত সংকলিত হয়। ৰবীন্দ্ৰনাথে সকলোবোৰ কবিতা/গানৰ অনুবাদ নকৰিলে। গীতাঞ্জলিৰ আটাইবোৰ কবিতা/গানৰ অনুবাদ যিসকলে কৰিছে তাৰ মাজত আছে ব্ৰাদাৰ জেমচ্‌ আৰু ব্ৰিটিছ কবি ও অনুবাদক জো উইণ্টাৰ। তলত সোঁফালে গীতাঞ্জলি কাব্যৰ ১২৫ সংখ্যক গানটোৰ উল্লেখ কৰা হৈছে। এই কবিতাটোৰ ৰবীন্দ্ৰনাথে নিজেই কৰা ইংৰাজী অনুবাদটো সোঁকালে দিয়া হৈছে (Gitanjali, verse VII):[4]

আমাৰ এ গান ছেড়েছে তাৰ সকল অলংকাৰ
তোমাৰ কাছে ৰাখেনি আৰু সাজেৰ অহংকাৰ।
অলংকাৰ যে মাঝে পড়ে
মিলনেতে আড়াল কৰে,
তোমাৰ কথা ঢাকে যে তাৰ মুখৰ ঝংকাৰ।
তোমাৰ কাছে খাটে না মোৰ কবিৰ গৰব কৰা
মহাকবি, তোমাৰ পায়ে দিতে চাই যে ধৰা।
জীৱন লয়ে যতন কৰি
যদি সৰল বাঁসি গড়ি
আপন সুৰে দিবে ভৰি সকল ছিদ্ৰ তাৰ।

My song has put off her adornments.
She has no pride of dress and decoration.
Ornaments would mar our union;
they would come between thee and me;
their jingling would drown thy whispers.
My poet's vanity dies in shame before thy sight.
O master poet, I have sat down at thy feet.
Only let me make my life simple and straight,
like a flute of reed for thee to fill with music.

গীতাঞ্জলি: চং অফাৰিংচ

সম্পাদনা কৰক

গীতাঞ্জলি: চং অফাৰিংচ (ইংৰাজী: Gitanjali: Song Offerings) ইংৰাজী ভাষাত অনূদিত ৰবীন্দ্ৰনাথৰ প্ৰথম সংকলন গ্ৰন্থ। ইয়াৰ কবিতাসমূহ পাশ্চাত্যত খুব সমাদৃত হয়। কিন্তু গ্ৰন্থদুখনৰ নাম অভিন্ন হ’লেও ইংৰাজী গীতাঞ্জলিত বাংলা গীতাঞ্জলিৰ দৰে একচ্ছত্ৰী আধিপত্য নাই। ৰবীন্দ্ৰনাথে বাংলা গীতাঞ্জলিৰ ১৫৭টা গান/কবিতাৰ ভিতৰত মাত্ৰ ৫৩ টাকহে ইংৰাজী গীতাঞ্জলিত (Song offerings) স্থান দিছে। বাকী ৫০টা বাচি লৈছে গীতিমাল্য, নৈবেদ্য, খেয়া, শিশু, কল্পনা, চৈতালি উৎসৰ্গ, স্মৰণ আৰু অচলায়তনৰ পৰা। গীতিমাল্যৰ পৰা ১৬টা, নৈবেদ্যৰ পৰা ১৫টা, খেয়াৰ পৰা ১১টা, শিশুৰ পৰা ৩টা, কল্পনাৰ পৰা ১টা, চৈতালিৰ পৰা ১টা, উৎসৰ্গৰ পৰা ১টা, স্মৰণৰ পৰা ১টা আৰু অচলায়তনৰ পৰা ১টা কবিতা/গান লৈ তেওঁ ইংৰাজী গীতাঞ্জলিৰ বিন্যাস কৰিছে। অৰ্থাৎ ইংৰাজী গীতাঞ্জলিত তেওঁ মুঠ ৯খন গ্ৰন্থৰ কবিতা বা গানৰ সন্নিবেশ ঘটাইছে।

অনুবাদৰ ইতিহাস

সম্পাদনা কৰক

১৯১২ চনৰ আৰম্ভণিতে ৰবীন্দ্ৰনাথৰ জাহাজেৰে লণ্ডন যোৱাৰ কথা আছিল। যাত্ৰাৰ আগতেই তেওঁ অৰ্শ ৰোগৰ কাৰণে অসুস্থ হৈ পৰে আৰু পদ্মা নদীত নাৱতেই বিশ্ৰাম লবলৈ আৰম্ভ কৰে। এই সময়তে তেওঁ তেওঁৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ পৰা সহজে ইংৰাজী অনুবাদ আৰম্ভ কৰে। পৰৱৰ্তী কালত গীতাঞ্জলিৰ ৫২টা আৰু গীতিমাল্য, নৈবেদ্য, খেয়া প্ৰভৃতি আৰু নখন কাব্যগ্ৰন্থৰ পৰা ৫১টা সৰ্বমুঠ ১০৩টা কবিতাৰ অনুবাদ লৈ এটা পাণ্ডুলিপি তৈয়াৰ কৰে। এই পাণ্ডুলিপি লগত লৈ ৰবীন্দ্ৰনাথে ১৯১২ চনৰ ২৭ মেত বোম্বাই বন্দৰৰ পৰা বিলাত যাত্ৰা আৰম্ভ কৰে। যাত্ৰাকালত আৰু কিছু কবিতা অনুবাদ কৰি সংযোজন কৰে। ১৬ জুনত তেওঁ লণ্ডন পায় গৈ। এই সময়ত তেওঁৰ উইলিয়াম ৰোটেনষ্টানৰ লগত সাক্ষাৎ হয় আৰু তেওঁক পাণ্ডুলিপিটো দেখুৱায়। তেওঁ টাইপ কৰি পাণ্ডুলিপিটো কবি ইয়েটচ সহ আৰু কেইবাজনো কাব্যবোদ্ধাক প্ৰদান কৰে। ১৯১২ চনৰ শেষৰ ফালে লণ্ডনৰ ইণ্ডিয়া চোচাইটিৰ কতৃৰ্ত্বত গ্ৰন্থখন প্ৰকাশ পায়। চং অফাৰিংচৰ নাম ভূমিকাত স্বয়ং কবি ইয়েটচে লিখে। এই ভূমিকাটো একাধাৰে আন্তৰিক আৰু যথেষ্ট প্ৰশস্তিমূলক আছিল।

নিজৰ অনুবাদত ৰবীন্দ্ৰনাথে খুব স্বাধীনতা গ্ৰহণ কৰিছিল। আক্ষৰিক বুলিয়ে নহয় বৰং ভাবানুবাদতো তেওঁ সুবিধা লৈছিল। কেতিয়াবা কবিতাংশ সংক্ষেপিত কৰিছিল বা কেতিয়াবা অকল ভাবাৰ্থ কৰিছিল। কেৱল কবিতাৰ ভাবসম্পদ অক্ষুণ্ণ ৰাখিছিল। পুস্তকাকাৰে প্ৰকাশৰ সময়ত কবি ইয়েতচে কিছু সম্পাদনাৰ কাম কৰিছিল। ইংৰাজী ভাষী সমালোচকসকলে সানন্দে তেওঁৰ অনুবাদৰ উৎকৰ্ষ স্বীকাৰ কৰিছে। তথাপিও এই উৎকৰ্ষৰ ঘটিছিল বুলি মানি লোৱা যায়। ৰবীন্দ্ৰনাথৰ জীৱনকালতে ইংৰাজী পাঠক ও সমালোচক আৰু ৰবি জীৱনীকাৰ এডৱাৰ্ড টম্পচনে মন্তব্য কৰিছে যে- “প্ৰথমৰ ফালে অনুবাদ আছিল নিখুঁত আৰু মনোৰম; শেষৰ ফালে অযত্ন আৰু নৈমিত্তিকভাৱেহে অনুবাদৰ কাম কৰা হৈছে”।[5] তদুপৰি স্বকৃত অনুবাদ লৈ স্বয়ং ৰবীন্দ্ৰনথাৰ মনতেই দ্বিধা-দ্বন্দ্ব্ব আছিল। ইয়াৰোপৰি যোৱাৰ আগে আগে অসুস্থ হৈ পৰাত শিলাইদহত জিৰায়। তেতিয়া সময় কটাবলৈকে তেওঁ গীতাঞ্জলিৰ অনুবাদত হাত দিছিল। কিন্তু প্ৰিয় কবিতা সমূহৰ অনুবাদ তেওঁৰ নিজৰেই মনঃপুত হোৱা নাছিল: ভাৱ হৈছিল (যেনে: ‘Schol-boy exercise’)।[6]

প্ৰকাশৰ ইতিহাস

সম্পাদনা কৰক
 
গ্ৰন্থখনত সংযোজিত ৰবীন্দ্ৰনাথৰ পেঞ্চিল স্কেচ প্ৰতিকৃতি

১৯১২ চনত লণ্ডনৰ ইণ্ডিয়া চোচাইটিৰ কতৃৰ্ত্বত গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয়। এই সংস্কৰণৰ মুদ্ৰণ সংখ্যা আছিল ৭৫০। মূল্য চাৰে চাৰি চিলিং আৰু আমেৰিকাত এক ডলাৰ। ইয়াত কবি ইয়েটচৰ ভূমিকা আৰু ৰটেনষ্টেনৰ অংকিত কবিৰ এটা পেঞ্চিল স্কেচ প্ৰতিকৃতি সংযোজিত আছিল। পাছত মেকমিলান কোম্পানীয়ে এই গ্ৰন্থৰ দ্বিতীয় সংস্কৰণ একেলগে লণ্ডন আৰু নিউয়ৰ্কৰ পৰা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯১৮ চনত মেকমিলান কোম্পানীয়ে প্ৰকাশ কৰা সংস্কৰণটোকে প্ৰমাণিত বুলি ধৰা হয়। ১৯১৯ চনত প্ৰকাশিত দি ৰেমিনিচেঞ্চৰ অনুবাদ গ্ৰন্থখনৰ শেষত দিয়া বিজ্ঞাপনৰ পৰা দেখা যায় যে তেতিয়ালৈকে ‘ছাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ’ৰ গীতাঞ্জলিৰ সাতত্ৰিছ সহস্ৰতম মুদ্ৰণ বজাৰত এৰি দিয়া হৈছে। এই সংকলন গ্ৰন্থখনৰ ভূমিকা লিখিছিল ইংৰাজী কবি ডব্লু বি ইয়েটচে।

পাশ্চাত্যত সমালোচনা

সম্পাদনা কৰক

‘গীতাঞ্জলি: চং অফাৰিংচ’ৰ প্ৰকাশ হোৱাৰ পাছত লণ্ডনৰ কাকত-আলোচনীত আলোচনা-সমালোচনা মুদ্ৰিত হয়। লণ্ডনত ৰটেনষ্টাইনৰ বাসগৃহত যিদিনা কবি ইয়েটচে বন্ধু বান্ধৱসকলক গীতাঞ্জলি পাঠ কৰি শুনাইছিল সেইদিনা তাত কবি মেচিনক্লেয়াৰো উপস্থিত আছিল। ৰবীন্দ্ৰনাথৰ কবিতাত অভিভূত হৈ তেওঁ নি:সংকোচে লিখিছিল-“ৰবীন্দ্ৰনাথৰ কবিতাত মানুহৰ সাধাৰণ আবেগমথিত নিবেদনৰ মিলন ঘটিছে এনেকুৱা এক সঙ্গীত অৰু ছন্দত যিটো চুইনবাৰ্নচুনবাৰ্নতকৈয়ো বেছি পৰিশীলীত। এনেকুৱা এক সঙ্গীত আৰু ছন্দ যিটো পশ্চিমীয়া শ্ৰোতাৰ বাবে অচিন্তনীয়। য’ত আছে শ্যেলীৰ অপাৰ্থিৱ চেতনা, অদ্ভুত সূক্ষ্মতা ও তীব্ৰতা আৰু সেইয়াও এনেকুৱা এক সহজ ৰীতিত যাক এই যাদুকৰী আবেশকো পৃথিৱীৰ সকলোতকৈ স্বভাৱিক ৰূপবন্ধ যেন ভাৱ হয়। মিল্টন নহয়, তেওঁ মানুহৰ হৃদয়ৰ তুলনাত বহুত বেছি নিৰ্মম; ওৱৰ্ডছ্‌ওৱৰ্থো নহয়, তেওঁ বেছি সূক্ষ্ম আৰু অন্তৰ্লীন....এনেকি দান্তেও নহয় যদিও তেওঁ বাংলাৰ এই মৰমিয়াল কবিৰ খুব ওচৰাওচৰি।

  • দি টাইমচ্‍‍-ৰ সুবিখ্যাত সাহিত্য সাময়িকী দি টাইমচ্‌ লিটাৰেৰী চাপ্লিমেণ্ট (টি এল এচ) নামে খ্যাত তাৰ ৭ নৱেম্বৰ ১৯১২ সংখ্যাত (পৃ. ৪৯২) প্ৰকাশিত আলোচনাটোৱে প্ৰথম মুদ্ৰিত গ্ৰন্থালোচনা। তেতিয়াও ৰবীন্দ্ৰনাথে ন'বেল পুৰস্কাৰ লাভ কৰা নাছিল। আলোচনাটোৰ আৰম্ভণিতেই কোৱা হৈছে যে-“ যিকোনো শিল্পৰ আধোগতিৰ কাৰণ হ’ল বিষয় বস্তুৰ দীনতা, আৰু ব্যক্তিকেন্দ্ৰিকতাৰ আদি স্তৰৰ পৰা সৰ্বজনীনতাৰ পৰ্য্যায়লৈ উত্তৰণৰ প্ৰয়োজনীয় মননশক্তি যদি নাথাকে তেনেহ’লে কবিতা সকলোসময়তে এই দীনতাত আক্ৰান্ত হ’ব। যি সমাজত ভাৱবাদিতা বিপুলভাৱে আছে সেই সমাজত প্ৰাণময় শিল্প হিচাবে বাচি থাকিবলৈ হ’লে কবিতাৰ উৎকৰ্ষ সাধন কৰিবই লাগিব। তেনে নহ’লে শিল্পৰ খাতিৰতে কবিশক্তি অচল মননশীলতালৈ পৰ্য্যবসিত হ’ব। ব্যৰ্থ হ’ব জ্ঞানী অজ্ঞানী সকলোৰে মনত ঠাই ল’বলৈ। ভাবক জয় কৰিব নোৱাৰিলে ভাৱৰ হাতত পৰ্য্যদুস্ত কাব্য গদ্যত পৰিণত হ’ব। অতীতত কবিতা যিদৰে ঘটনা আলোড়িত বাহন আছিল, সেইদৰে (এতিয়া) কবিতাক লিখিব লাগিব কিদৰে ফুটাই তোলা যায় ভাবোৎচাৰিত আবেগ, আৰু তাকে কৰিবলৈ যাওঁতে কবি সেই কবিতাত থাকিব লাগিব যাৰ থাকিব প্ৰৌঢ় সাংগীতিকতা, উপমা-অলংকাৰ আৰু নিষ্কম্প্ৰ মূল্যবোধ। আৰু এই সমস্যাতেই এই যুগৰ কবি আক্ৰান্ত। ইয়াৰ আস্তিত্ব বিপন্ন আৰু ইয়াত আচৰিত হ’বলগীয়া একো নাই যে ইয়েটচ চাহাবে সেই ভাৰতীয় কবিৰ ৰচনাক সানন্দেৰে সম্ভাষণ জনাব যিয়ে অনায়াসে সেই সমস্যাটোৰ সমাধা কৰিছে বুলি মনে ধৰে। যিদৰে হাজাৰ বছৰৰ আগেয়ে চীনা চিত্ৰকলা ৰাহুমুক্ত হৈছিল।
  • এথেমিয়াম কাকতত লিখা হৈছিল-“তেওঁৰ (ৰবীন্দ্ৰনাথৰ) কবিতামালাত এনেকুৱা এক স্নিগ্ধ প্ৰশান্তি আছে যাৰ শিক্ষা পশ্চিমৰ অশান্ত চিত্ত মানুহৰ বৰ দৰকাৰ”।[7]
  • টি.ডব্লু.ৰলেষ্টনে ১১০০ শব্দৰ দীঘলীয়া প্ৰবন্ধত লিখিছিল যে-“জীৱনৰ মৌলিক বিষয়ৰ লগত এই কবিতাসমূহ ইমান ঘনিষ্ঠভাৱে সংশ্লিষ্ট হৈ আছে যে ইয়াৰ চেতনা আৰু আনকি ইয়াৰ বাক্‌প্ৰতিমাৰ এটা বিশ্বজনীন তাত্পৰ্য্য আছে”।[8]
  • দি নেচন কাকতত লিখা হৈছিল- “ইয়েটচৰ উদ্ধৃতি পাহৰি গ’লেও, এইটো যে এটা বিশ্ব-সাহিত্যৰ এক বিৰল ঘটনা তাক পাহৰি গ’লেও, গীতাঞ্জলিত পাব প্ৰণয়াকুল হেমন্তৰ নিখাদ পুষ্পকোৰক য’ত আছে (মানুহৰ) সনাতন বিশ্বাসৰ ইঙ্গিত[9]

ন'বেল পুৰস্কাৰ প্ৰাপ্তি

সম্পাদনা কৰক

১৯১৩ চনত তেওঁ এই গ্ৰন্থৰ কাৰণে সাহিত্যৰ ন'বেল পুৰস্কাৰ অৰ্জন কৰে। ইংৰাজী লেখক আৰু ৰয়েল চোচাইটিৰ সদস্য ষ্টাৰ্জ মুৰে নোবেল পুৰস্কাৰৰ বাবে ৰবীন্দ্ৰনাথক মনোনয়ন দিছিল। এই মনোনয়নে চুইদিছ একাডেমীক বিস্মিত কৰিছিল। তথাপি একাডেমীৰ সদস্য পাৰ হলষ্টৰ্স ৰবীন্দ্ৰনাথৰ ক্ষেত্ৰত উৎসাহী আছিল। ৰবীন্দ্ৰনাথৰ প্ৰধান প্ৰতিদন্দী আছিল ফৰাচী লেখক এমিল ফগ। তদুপৰি আৰু এজন একাডেমীৰ সদস্য ভাৰ্নাৰ লন হেইডেনষ্টামে ৰবীন্দ্ৰনাথৰ হৈ এনেকুৱা প্ৰশস্তিপূৰ্ণ শক্তিশালী আৰু লিখিত বক্তব্য দিয়ে যে সকলো সংশয়ৰ অৱসান ঘটে আৰু ৰবীন্দ্ৰনাথক নোবেল পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯১৩ চনৰ ১০ নবেম্বৰ বুধবাৰে সাহিত্যত নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়। পাছদিনা ইংলণ্ডৰ বিভিন্ন কাকত-আলোচনীত খবৰটো প্ৰচাৰ হয় কিন্তু কলকাতাত দেৰিকৈ পায়। ১৫ নবেম্বৰৰ সন্ধিয়া তাঁৰযোগে খবৰ আহে যে ৰবীন্দ্ৰনাথক সাহিত্যৰ নোবেল পুৰস্কাৰেৰে ভূষিত কৰা হৈছে। গীতাঞ্জলি (১৯১২) সহ সেই সময়ত সামান্য যি কিছু ৰবীন্দ্ৰৰচনাৰ অনুবাদে পাশ্চাত্য পাঠক মহলত পৰিচিতি লাভ কৰিছিল পুৰস্কাৰৰ ঘোষণাপত্ৰত সেইসকলোবোৰৰ ভূয়সী প্ৰশংসা কৰে চুইদিছ একাডেমীয়ে।

তথ্যসংগ্ৰহ

সম্পাদনা কৰক
  1. সুকুমাৰ সেন, বাংলা সাহিত্যৰ ইতিহাস, চতুৰ্থ খণ্ড, আনন্দ পাবলিচাৰ্চ প্ৰাঃ লিঃ, কলকাতা, ১৯৯৬ সং, পৃ. ১১০
  2. প্ৰভাতকুমাৰ মুখোপাধ্যায়, ৰবীন্দ্ৰজীবনকথা, আনন্দ পাবলিচাৰ্চ প্ৰাঃ লিঃ, কলকাতা, ১৩৮৮ সং, পৃ. ৭৫
  3. প্ৰভাতকুমাৰ মুখোপাধ্যায়, ৰবীন্দ্ৰজীবনকথা, পৃ. ৭৫-৭৭
  4. Tagore 1977, পৃষ্ঠা 5
  5. এ.টম্পচন : ৰবীন্দ্ৰনাথ ট্যাগোৰ - পোয়েট এণ্ড ড্ৰামাটিষ্ট, ১৯২৬, পৃ. ৪৫, ৪৯-৫১
  6. এ. টম্পচন : ৰবীন্দ্ৰনাথ ট্যাগোৰ - পোয়েট এণ্ড ড্ৰামাটিষ্ট, ১৯২৬, পৃ. ২৩১
  7. এথেমিয়াম, নম্বৰ-৪৪৫৮, এপ্ৰিল ৫, ১৯১৩, পৃ. ৩৮২।
  8. হিবাৰ্ট জৰ্নাল, বষ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰ, এপ্ৰিল, ১৯১৩, পৃ. ৬৯২
  9. দি নেশান, নিউ ইয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ, মে ১৫, ১৯১৩, পৃ. ৫০০

বাহ্যিক সংযোগ

সম্পাদনা কৰক