গুইডো ইমবেন্স

ওলন্দাজ-আমেৰিকান অৰ্থনীতিবিদ

গুইডো উইলহেলমাছ ইমবেন্স (ইংৰাজী: Guido Imbens, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৬৩) এগৰাকী ডাচ্চ আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ২০১২ চনৰ পৰা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ অৰ্থনীতিৰ অধ্যাপক পদত অধিষ্ঠিত।[1] ২০২১ বৰ্ষত ডেভিদ কাৰ্ড আৰু জছুৱা এংৰিষ্টৰ সৈতে তেওঁক অৰ্থনীতিৰ ন'বেল স্মাৰক বঁটা প্ৰদান কৰা হয়। এংৰিষ্ট আৰু ইমবেন্সে "কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে" বঁটাটোৰ এক চতুৰ্থাংশকৈ লাভ কৰে। [2][3] আনহাতে কাৰ্ডে "শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে" বঁটাৰ লগত মুঠ ধনৰাশিৰ অৰ্ধাংশ লাভ কৰে।

গুইডো ইমবেন্স
জন্ম গুইডো উইলহেলমাছ ইমবেন্স
৩ ছেপ্টেম্বৰ, ১৯৬৩ (৬০ বছৰ)
গেলড্ৰপ, নেডাৰলেণ্ড
জাতীয়তা
  • ডাচ্চ
  • আমেৰিকান
ক্ষেত্ৰ ইকনোমেট্ৰিস্ক
শিক্ষানুষ্ঠান ইৰাচমাছ বিশ্ববিদ্যালয় (বিএ)
হাল বিশ্ববিদ্যালয় (এমএছচি)
ব্ৰাউন বিশ্ববিদ্যালয় (এমএ, পিএইচডি)
ডক্তৰেল পৰামৰ্শদাতা এন্থনি লেঙ্কাষ্টাৰ
ডক্তৰেল বিদ্যাৰ্থী ৰাজীৱ দেহেজিয়া
উল্লেখনীয় বঁটা অৰ্থনৈতিক বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা, ২০২১
দাম্পত্যসঙ্গী চুজান এথে

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৬৩ চনৰ ৩ ছেপ্টেম্বৰত নেডাৰলেণ্ডৰ গেলড্ৰপত গুইডো উইলহেলমাছ ইমবেন্সৰ জন্ম হৈছিল।[4] ১৯৭৫ চনত তেওঁৰ পৰিয়াল ডেউৰনেলৈ স্থানান্তৰ হয় আৰু তেওঁ পিললেণ্ডকলেজ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। সৰুতে ইমবেন্স এজন উৎসাহী দবা খেলুৱৈ আছিল।[5] ২০২১ চনৰ এটা সাক্ষাৎকাৰত ইমবেন্সে ইকনমেট্ৰিস্কৰ প্ৰতি থকা তেওঁৰ আগ্ৰহক ডবা খেলৰ প্ৰতি তেওঁৰ শৈশৱৰ আগ্ৰহৰ সৈতে সংযুক্ত কৰিছিল।[6]

ইমবেন্সে ১৯৮৩ চনত ইৰাচমাছ বিশ্ববিদ্যালয় ৰটাৰডামৰ পৰা ইকনোমেট্ৰিস্কত প্ৰাৰ্থীৰ ডিগ্ৰী (স্নাতক ডিগ্ৰীৰ সম্পৰ্যায়ৰ) ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৮৬ চনত যুক্তৰাজ্যৰ কিংষ্টন আপন হালৰ হাল বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ইকনোমেট্ৰিস্কত সুখ্যাতিৰে এমএছচি ডিগ্ৰী লাভ কৰে।

১৯৮৬ চনত হাল বিশ্ববিদ্যালয়ৰ ইমবেন্সৰ এজন পৰামৰ্শদাতা এন্থনী লেঙ্কাষ্টাৰে ৰ'ড আইলেণ্ডৰ প্ৰভিডেন্সৰ ব্ৰাউন বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হয়। ইমবেন্সে উচ্চ শিক্ষাৰ বাবে লেঙ্কাষ্টাৰক ব্ৰাউন বিশ্ববিদ্যালয়লৈ অনুসৰণ কৰিছিল।[7] ইমবেন্সে ক্ৰমান্বয়ে ১৯৮৯ আৰু ১৯৯১ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানৰ এএম আৰু পিএইচডি ডিগ্ৰী লাভ কৰিছিল।[8][9][1]

কৰ্মজীৱন সম্পাদনা কৰক

ইমবেন্সে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (১৯৯০-৯৭, ২০০৬-১২), টিলবাৰ্গ বিশ্ববিদ্যালয় (১৯৮৯-১৯৯০), কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছ (১৯৯৭-২০০১), আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে (২০০২-০৬)ত অধ্যাপনা কৰিছে। তেওঁ অৰ্থনীতি বিজ্ঞানৰ ইক'ন'মেট্ৰিকৰ বিশেষজ্ঞ। ই হৈছে কাৰণমূলক অনুমান অংকন কৰাৰ বাবে এক নিৰ্দিষ্ট পদ্ধতি।[1] তেওঁ ২০১৯ চনত ইকনোমেট্ৰিকাৰ সম্পাদক হিচাপে নিৰ্বাচিত হওঁ আৰু ২০২৩ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকিব।[10] ২০২১ চনলৈকে তেওঁ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ এপ্লাইড ইকনোমেট্ৰিকছ এণ্ড ইকনমিক্সৰ অধ্যাপক। তেওঁ ষ্টেনফৰ্ড ইনষ্টিটিউট ফৰ ইকনমিক পলিচী ৰিচাৰ্ছ (এছ.আই.ই.পি.আৰ.)ৰ এজন জ্যেষ্ঠ সভ্য আৰু তেওঁ এই প্ৰতিষ্ঠানৰ মানৱবিজ্ঞান আৰু বিজ্ঞান বিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক।[11]

ইমবেন্স ইকনোমেট্ৰিক চছাইটি (২০০১) আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছ (২০০৯)ৰ এজন সভ্য।[1][12][13] ইমবেন্স ২০১৭ চনত ৰয়েল নেডাৰলেণ্ড একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ বিদেশী সদস্য নিৰ্বাচিত হয়।[14][15] ২০২০ চনত তেওঁ আমেৰিকান ষ্টেটিষ্টিকেল এছ'চিয়েশ্যনৰ সভ্য হিচাপে নিৰ্বাচিত হয়।[16]

ইকন'মেট্ৰিক্স আৰু কাৰণমূলক সম্পৰ্কৰ ওপৰত গৱেষণা সম্পাদনা কৰক

জছুৱা এংৰিষ্ট আৰু এলান ক্ৰুয়েগাৰকে ধৰি সহযোগী অৰ্থনীতিবিদসকলৰ সৈতে গৱেষণা কৰি ইমবেন্সে বাস্তৱ জীৱনৰ তত্ত্ববোৰ পৰীক্ষা কৰিবলৈ অৰ্থনীতিবিদসকলক প্ৰাকৃতিক পৰীক্ষা-নিৰীক্ষা বুলি জনা জাত বাস্তৱ জীৱনৰ পৰিস্থিতি ব্যৱহাৰ কৰাত সহায় কৰা পদ্ধতি আৰু ফ্ৰেমৱৰ্ক বিকশিত কৰাত গুৰুত্ব দিছিল। বিশেষকৈ তেওঁৰ অধ্যয়নৰ জৰিয়তে তেওঁ কাৰণমূলক সম্পৰ্ক বিশ্লেষণ কৰাত সহায় কৰিছিল। তেওঁৰ অধ্যয়নৰ জৰিয়তে বিশ্লেষণ কৰা কিছুমান সমস্যাৰ বিবৃতিত মহাবিদ্যালয়ৰ শিক্ষাৰ প্ৰভাৱ বা উপাৰ্জনৰ ওপৰত অতিৰিক্ত বছৰৰ শিক্ষা অন্তৰ্ভুক্ত আছিল।[17] কাৰণমূলক সম্পৰ্ক অধ্যয়নৰ বাবে তেওঁৰ ফ্ৰেমৱৰ্কসমূহে সামাজিক আৰু জৈৱ চিকিৎসা বিজ্ঞানকে ধৰি আন একাধিক ক্ষেত্ৰত ব্যৱহাৰ পাইছিল। তেওঁৰ গৱেষণায়ে বিভিন্ন শাখাৰ গৱেষকসকলক বাস্তৱ-পৃথিৱীৰ পৰীক্ষা-নিৰীক্ষাৰ সীমাবদ্ধতা বুজিবলৈ সঁজুলি প্ৰদান কৰিছে যি ক্ষেত্ৰ আৰু পৰীক্ষামূলক তথ্য আধাৰিত হস্তক্ষেপৰ প্ৰভাৱ ভালদৰে বুজি পোৱাৰ ক্ষমতা উন্নত কৰে। গৱেষকসকলৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত নতুন নিয়মাৱলীৰ প্ৰভাৱ অধ্যয়ন কৰা আৰু ৰোগীৰ ওপৰত নতুন ঔষধৰ কাৰ্যকৰীতাৰ ওপৰত অধ্যয়ন কৰাৰ দৰে বিবিধ গৱেষণাৰ লগত জড়িত সমস্যা বিশ্লেষণ কৰাৰ বাবে পদ্ধতিবোৰ উপযোগী হৈছে।[18]

এংৰিষ্টৰ সৈতে তেওঁৰ প্ৰাৰম্ভিক সহযোগিতাবোৰৰ অন্যতম এক অধ্যয়নত ইমবেন্সে স্থানীয় গড় চিকিৎসা প্ৰভাৱ (লেট) নামৰ এটা মডেল প্ৰৱৰ্তন কৰিছিল যি গৱেষণাবোৰক পৰ্যৱেক্ষণমূলক তথ্যৰ পৰা কাৰণগত অনুমান আহৰণ কৰাত সহায় কৰিছিল। ১৯৯৪ চনত "স্থানীয় গড় চিকিৎসা প্ৰভাৱৰ চিনাক্তকৰণ আৰু অনুমান" শীৰ্ষক এক ইকনোমেট্ৰিকা কাকতত মডেলটোৰ বিষয়ে বৰ্ণনা কৰি তেওঁলোকে প্ৰাকৃতিক পৰীক্ষাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল। এই ধাৰণাসমূহ মুখ্য পৰিৱৰ্তনৰ প্ৰভাৱ অধ্যয়ন কৰিবলৈ নিয়ন্ত্ৰিত পৰিস্থিতিৰ বিপৰীতে বাস্তৱ পৃথিৱীৰ ঘটনা আৰু পৰিস্থিতি আছিল। এনে কৰোতে তেওঁলোকে নিয়ন্ত্ৰিত অনুকৰণৰ সলনি বাস্তৱ পৃথিৱীত স্বাভাৱিকতে সংঘটিত ভূমিকাৰ সুযোগ আৰু যাদৃচ্ছিককৰণৰ সুবিধা গ্ৰহণ কৰিছিল। এয়া ব্যয়বহুল, সময় সাপেক্ষ বা আনকি অনৈতিকো হ'ব পাৰে।[19][20] কাকত আৰু আৰ্হিটোৱে ইকন'মেট্ৰিক, পৰিসংখ্যা আৰু অন্যান্য ক্ষেত্ৰত অন্যান্য গৱেষণা প্ৰচেষ্টাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল।

বাহ্যিক সংযোগ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Imbens_Curriculum_Vitae নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. "The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2021". nobelprize.org. 11 October 2021. Archived from the original on 11 October 2021. https://archive.ph/20211011100030/https://www.nobelprize.org/prizes/economic-sciences/2021/summary/. 
  3. Smialek, Jeanna (11 October 2021). "The Nobel in economics goes to three who find experiments in real life.". The New York Times. https://www.nytimes.com/2021/10/11/business/nobel-economics-prize-david-card-joshua-angrist-guido-imbens.html#:~:text=David%20Card%2C%20Joshua%20Angrist%20and,Joshua%20Angrist%20and%20Guido%20Imbens.. 
  4. Haegens, Koen (11 October 2021). "Nobelprijs voor 'stille en bescheiden man achterin de zaal' die de slimste vragen stelt" (nl-NL ভাষাত). de Volkskrant. https://www.volkskrant.nl/gs-be7105ad। আহৰণ কৰা হৈছে: 11 October 2021. 
  5. Linders, Twan; Broers, Daphne (11 October 2020). "'Bedachtzame slimmerik' zat in Deurne op school en is nu winnaar van de Nobelprijs". Eindhovens Dagblad. https://www.ed.nl/de-peel/bedachtzame-slimmerik-zat-in-deurne-op-school-en-is-nu-winnaar-van-de-nobelprijs~ac1b7e11/?referrer=https%3A%2F%2Fwww.google.com%2F&referrer=https%3A%2F%2Fen.wikipedia.org%2F। আহৰণ কৰা হৈছে: 11 October 2021. 
  6. "The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2021" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/economic-sciences/2021/imbens/interview/। আহৰণ কৰা হৈছে: 11 October 2021. 
  7. Irel, Corydon; Office, Harvard News (2007-03-15). "Bringing hard science to economics" (en-US ভাষাত). Harvard Gazette. https://news.harvard.edu/gazette/story/2007/03/bringing-hard-science-to-economics/। আহৰণ কৰা হৈছে: 2021-10-13. 
  8. The Vita of Guido Wilhelmus Imbens Archived 21 April 2014 at the Wayback Machine – website OpenScholar of Harvard University
  9. "Guido Imbens, 1991 Brown Ph.D. recipient, is 2016 – 17 Horace Mann Medal winner". Brown University Department of Economics website. 22 May 2017. https://economics.brown.edu/announcements/guido-imbens-1991-brown-phd-recipient-2016-17-horace-mann-medal-winner। আহৰণ কৰা হৈছে: 11 October 2021. 
  10. "Editorial Board | The Econometric Society". www.econometricsociety.org. https://www.econometricsociety.org/publications/econometrica/editorial-board। আহৰণ কৰা হৈছে: 16 February 2021. 
  11. University, Stanford (11 October 2021). "Guido Imbens wins Nobel in economic sciences" (en ভাষাত). Stanford News. https://news.stanford.edu/2021/10/11/guido-imbens-wins-nobel-economic-sciences/। আহৰণ কৰা হৈছে: 12 October 2021. 
  12. "Econometric Society Fellows, October 2016". Econometric Society. https://www.econometricsociety.org/society/organization-and-governance/fellows। আহৰণ কৰা হৈছে: 14 May 2017. 
  13. "List of active members by class". American Academy of Arts and Sciences. 27 October 2016. https://www.amacad.org/multimedia/pdfs/classlist2016.pdf। আহৰণ কৰা হৈছে: 14 May 2017. 
  14. "KNAW kiest 26 nieuwe leden" (Dutch ভাষাত). Royal Netherlands Academy of Arts and Sciences. 10 May 2017. Archived from the original on 25 May 2019. https://web.archive.org/web/20190525042257/https://knaw.nl/nl/actueel/nieuws/knaw-kiest-26-nieuwe-leden-2017। আহৰণ কৰা হৈছে: 14 May 2017. 
  15. "Guido Imbens". Royal Netherlands Academy of Arts and Sciences. Archived from the original on 14 May 2017. https://web.archive.org/web/20170514074540/https://www.knaw.nl/en/members/foreign-members/15411। আহৰণ কৰা হৈছে: 31 October 2021. 
  16. "ASA Fellows list". American Statistical Association. https://www.amstat.org/ASA/Your-Career/Awards/ASA-Fellows-list.aspx। আহৰণ কৰা হৈছে: 1 June 2020. 
  17. Smialek, Jeanna (11 October 2021). "The Nobel in economics goes to three who find experiments in real life." (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/10/11/business/nobel-economics-prize-david-card-joshua-angrist-guido-imbens.html. 
  18. Imbens, Guido W.; Rubin, Donald B. (2015). Causal Inference for Statistics, Social, and Biomedical Sciences: An Introduction. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 978-0-521-88588-1. https://www.cambridge.org/core/books/causal-inference-for-statistics-social-and-biomedical-sciences/71126BE90C58F1A431FE9B2DD07938AB। আহৰণ কৰা হৈছে: 12 October 2021. 
  19. D., Angrist, Joshua. Identification and Estimation of Local Average Treatment Effects. OCLC 1144555780. http://worldcat.org/oclc/1144555780. 
  20. University, Stanford (11 October 2021). "Guido Imbens wins Nobel in economic sciences" (en ভাষাত). Stanford News. https://news.stanford.edu/2021/10/11/guido-imbens-wins-nobel-economic-sciences/। আহৰণ কৰা হৈছে: 12 October 2021.