গ্ৰীক কিংবদন্তি অনুসাৰে, গেইয়া (ইংৰাজী: Gaia);[1] (ভূমি বা পৃথিৱীৰ কাব্যিক নাম)[2] হৈছে পৃথিৱীৰ মূৰ্ত্তমান ৰূপ[3] আৰু গ্ৰীকসকলৰ আদি দেৱ-দেৱীসকলৰ অন্যতম। গেইয়া সকলো জীৱৰে মাতৃ। তেওঁ ইউৰেনাচ অৰ্থাৎ আকাশৰো মাতৃ আৰু তেওঁৰ সৈতে মিলনৰ ফলস্বৰূপে গেইয়াই বহুকেইজন অলিম্পিয়ান দেৱ-দেৱীৰ পিতৃ-মাতৃ টাইটানসকলৰ লগতে চাইক্ল'পচসকল, দানৱসমূহ আৰু প'নটাচ অৰ্থাৎ সমুদ্ৰৰ জন্ম দিয়ে। সমুদ্ৰৰ সৈতে গেইয়াৰ মিলনৰ ফলত আদি সমুদ্ৰ দেৱতাসকলৰ জন্ম হয়। গেইয়াৰ সমকক্ষ ৰোমানসকলৰ দেৱী হৈছে টেৰা।[4]

গেইয়া
ভূদেৱী

এনচেম ফিউয়াৰবেকৰ গেইয়া (১৮৭৫) শীৰ্ষক ছবি
নিবাস পৃথিৱী
সঙ্গী ইউৰেনাচ (আকাশ), প'ণ্টাছ (সমুদ্ৰ), ইথাৰ আৰু টাৰটাৰাচ
পিতৃ-মাতৃ পিতৃ-মাতৃহীন, বা কেঅ'চ (মহাশূন্য), বা ইথাৰ আৰু হেমেৰা
সহোদৰ সহোদৰহীন, বা নাইক্স, ইৰেবাচ, টাৰটাৰাচ, ইৰ'চ, বা ইউৰেনাচ, থালাচা
সন্তান ইউৰেনাচ, প'নটাচ, টাইটানসকল, চাইক্ল'পচসকল আদি
ৰোমান সমাৰ্থক টেৰা
হিন্দু সমাৰ্থক ভূদেৱী

আখ্যান সম্পাদনা কৰক

হেচিঅ'ডৰ থিঅ'গণিত মহাশূন্যৰ পিছত উঠন বুকুৰ গেইয়া দ্বাদশ অলিম্পিয়ানৰ সৰ্বকালৰ স্থান হিচাপে পৰিগণিত হোৱা,[5] গেইয়াৰ আৱিৰ্ভাৱৰ পিছত টাৰটাৰাচক পৃথিৱীৰ গভীৰতাত স্থাপন কৰা আৰু প্ৰেমৰ দেৱতা ইৰ'চৰ কথা বৰ্ণনা কৰা হৈছে।[6] হেচিঅ'ডে ইয়াকো কয় যে গেইয়াই ইউৰেনাচক তেওঁৰ চৌপাশ আৱৰি ৰাখিবলৈ উৎপন্ন কৰে।[7] গেইয়াই কোনো পিতৃ অবিহনেই অওৰিয়া (পৰ্বতমালা) আৰু প'নটাচৰো (সমুদ্ৰ) জন্ম দিয়ে।[8]

পৰৱৰ্ত্তী সময়ত ইউৰেনাচৰ ঔৰসত গেইয়াই টাইটানসকলৰ জন্ম দিয়ে।[9] ইয়াৰ লগতে এচকুৱা চাইঅক্ল'পচসকল, ব্ৰ'ণ্টেচ (ঢেৰেকনি), ষ্টেৰ'পচ (বিজুলী), আৰ্গেচ, এশখন হাত আৰু পঞ্চাশটাকৈ মূৰযুক্ত হেকাটনখিয়েৰচসকলৰো জন্ম হয়।[10][11] চাইক্ল'পচ আৰু হেকাটনখিয়েৰসকল জন্ম হোৱাৰ পিছত ইউৰেনাচে তেওঁলোকক গেইয়াৰ অভ্যন্তৰৰ এক গোপন স্থানত লুকুৱাই ৰাখে। ফলস্বৰূপে গেইয়া প্ৰচণ্ড বেদনাত ভোগে। সেয়ে তেওঁ এখন কাচি সাজে আৰু ক্ৰ'নচে ইয়াৰ দ্বাৰা ইউৰেনাচক অণ্ডকোষ চ্ছেদ কৰে। তেওঁৰ দেহৰপৰা নিৰ্গত ৰক্তৰপৰা গেইয়াই ইৰিনিচ, দানৱ আৰু মিলিসকলৰ (বনদেৱতা) সৃষ্টি কৰে।[12]

সমুদ্ৰ অৰ্থাৎ প'নটাচৰ সৈতে হোৱা মিলনৰ জৰিয়তে গেইয়াই সমুদ্ৰ দেৱতা নেৰিয়াচ, থাউমাচ, ফ'ৰ্চিছ, চিট' আৰু ইউৰিবিয়াৰ জন্ম দিয়ে।[13]

জ্যুচৰ জন্মৰ পিছত ৰীয়াই তেওঁক ক্ৰ'নচৰ পৰা লুকুৱাই ৰাখোঁ‌তে গেইয়াই জ্যুচৰ তত্ত্বাৱধান লয়।[14]

গেইয়াৰ উপদেশ মতেই[15] জ্যুচে ক্ৰ'নচক পৰাভূত কৰে। পিছলৈ টাৰটাৰাচৰ সৈতে হোৱা গেইয়াৰ মিলনৰ ফলত টাইফ'নৰ জন্ম হয়। [16]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Wells, John (3 April 2008). Longman Pronunciation Dictionary (3rd সম্পাদনা). Pearson Longman. ISBN 978-1-4058-8118-0. 
  2. γῆ, γᾶ, γαῖα. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.
  3. Smith, "Gaea".
  4. Larousse Desk Reference Encyclopedia, The Book People, Haydock, 1995, p. 215.
  5. Hesiod, Theogony 116–118
  6. Hesiod, Theogony 119– 120
  7. Hesiod, Theogony 126–128
  8. Gantz, p. 10; Hesiod, Theogony 129–132
  9. Hesiod, Theogony 132–138; cf. Pseudo-Apollodorus, Bibliotheca 1.1.3.
  10. Hesiod, Theogony 139–146; cf. Pseudo-Apollodorus, Bibliotheca 1.1.2.
  11. Hesiod, Theogony 147–153; cf. Pseudo-Apollodorus, Bibliotheca 1.1.1.
  12. Hesiod, Theogony 154–200
  13. Hesiod, Theogony 233–239
  14. Hesiod, Theogony 453–491
  15. Hesiod, Theogony 626
  16. Hesiod, Theogony 820–880