নাইক্স (ইংৰাজী: Nyx) হৈছে গ্ৰীকসকলৰ নিশাৰ দেৱী। এক ছায়াময় চিত্ৰ, নাইক্স সৃষ্টিৰ আৰম্ভণিতে ইৰেবাছৰ (অন্ধকাৰ) সৈতে লগ হৈ হিপ্নোছ (টোপনি) আৰু থানাটোছৰ (মৃত্যু) দৰে আন আদি-দেৱতাসকলৰ জন্ম দিছিল। তেওঁৰ উপস্থিতি বৰ্তমানলৈকে বৰ্তি থকা আখ্যানসমূহত কমেই পোৱা যায়, কিন্তু তেওঁক এনে এক ব্যতিক্ৰমী শক্তি আৰু সৌন্দৰ্যৰ চিত্ৰ হিচাপে প্ৰকাশ কৰা হৈছে যে স্বয়ং জ্যুচেও তেওঁলৈ ভয় কৰে।

নাইক্স
নিশাৰ দেৱী
William-Adolphe Bouguereau (1825-1905) - La Nuit (1883).jpg
নিবাস টাৰ্টাৰাছ
সঙ্গী ইৰেবাছ
পিতৃ-মাতৃ মহাশূন্য
সহোদৰ গেইয়া, টাৰ্টাৰাছ, ইৰেবাছ
সন্তান ইথাৰ, হেমেৰা, ম’ৰছ, এপেটে, নেমেচিছ, চাৰন আদি
ৰোমান সমাৰ্থক নক্স

পৌৰাণিক কাহিনী আৰু সাহিত্যসম্পাদনা কৰক

হেচিঅ’ডসম্পাদনা কৰক

হেচিঅ'ডৰ থিঅ’গনিৰ মতে নাইক্সৰ জন্ম কেঅ’ছ বা মহাশূন্যৰ পৰা হৈছিল। [1] ইৰেবাছৰ (অন্ধকাৰ) সৈতে, লগ হৈ নাইক্সে ইথাৰ (উজ্জ্বলতা) আৰু হেমেৰাৰ (দিন) জন্ম দিয়ে। [2] পিছত নিজে নাইক্সে ম'ৰছ (সৰ্বনাশ, গন্তব্য), কেৰেছ (ধ্বংস, মৃত্যু), থানাটোছ (মৃত্যু), হিপ্নোছ (টোপনি), ওনেইৰোই (সপোন), ম’মাছ (দোষ), অ’ইজিছ (বেদনা, দুখ), হেস্পেৰাইডছ, মৈৰাই (ভাগ্য), নেমেচিছ (ক্ৰোধ, প্ৰতিশোধ), এপেটে (প্ৰৱঞ্চনা), ফিলোটছ (বন্ধুত্ব), গেৰাছ (বৃদ্ধ বয়স), আৰু এৰিচৰ (বিবাদ) জন্ম দিয়ে। [3] শেষত নাইক্সে হেডিচৰ নাৱৰীয়া চাৰনৰ জন্ম দিয়ে। [4] টাৰ্টাৰাছৰ বৰ্ণনাত হেচিঅ’ডে সেই ঠাই নাইক্স[5] আৰু তেওঁৰ সন্তান হাইপ্নোছ আৰু থানাটোছৰ বাসস্থান বুলি উল্লেখ কৰিছে।[6] হেচিঅ’ডে আৰু কয় যে নাইক্সৰ জীয়ৰী হেমেৰা (দিন) প্ৰৱেশ কৰাৰ লগে লগে নাইক্সে টাৰ্টাৰাছ এৰে আৰু হেমেৰাই প্ৰস্থান কৰিলে নাইক্স ঘূৰি আহে। [7] ঋকবেদৰ ৰাত্ৰি (নিশা) আৰু ঊষাৰ চিত্ৰায়নৰ সৈতে এই বৰ্ণনাৰ মিল দেখা যায়।

হোমাৰসম্পাদনা কৰক

ইলিয়াডত টোপনিৰ দেৱতা হিপ্নোছে জ্যুচক নিদ্ৰামগ্ন কৰাৰ পিছত হীৰাক এক পুৰণি উপকাৰৰ কথা মনত পেলাই দিয়ে। তেওঁ পূৰ্বতে এবাৰ হীৰাৰ কথামতে জ্যুচক নিদ্ৰামগ্ন কৰিছিল যাৰ ফলত হীৰাই হেৰাক্লেছৰ (যি ট্ৰয়ৰ পৰা সাগৰীয় পথেৰে উভতি আহিছিল) দুৰ্ভাগ্যৰ সূচনা কৰিব পাৰিছিল। এই কথাত জ্যুচ ক্ৰোধান্বিত হয় আৰু হিপ্নোছ ভয়ত তেওঁৰ মাতৃ নাইক্সৰ কাষলৈ পলাই আছে। হোমাৰে বৰ্ণনা কৰিছে যে হিপ্নোছে তেওঁৰ শক্তিশালী মাতৃক আবেদন কৰি জ্যুচৰ ক্ৰোধৰ পৰা ৰক্ষা পৰে। এই ঘটনাৰ পিছত তেওঁ জ্যুচক কেৱল কেইবাৰমানহে বিচলিত কৰিছিল আৰু সদায় জ্যুচৰ পৰা ৰক্ষা পৰিবলৈ নাইক্সৰ ওচৰলৈ পলায়ন কৰিছিল।

অন্যান্যসম্পাদনা কৰক

এৰিষ্টোফেনছৰ দ্য বাৰ্ডছৰ আৰম্ভণিৰ কোৰাছত নাইক্স হৈছে প্ৰথম নীতি। ইয়াত তেওঁ ইৰ'চৰ মাতৃও। [8] সাগৰৰ সিপাৰে বা ব্ৰহ্মাণ্ডৰ কাষৰীয়া কোনো ঠাইত অৱস্থিত নাইক্সৰ গুহা বা প্ৰাসাদৰ বিষয়বস্তু পাৰমেনাইডছৰ দাৰ্শনিক কবিতাত প্ৰতিধ্বনিত হ'ব পাৰে। কিছুমান বিৱৰণত যাদুবিদ্যাৰ দেৱী হেকেটক নিশাৰ জীয়ৰী বুলিও কোৱা হৈছিল।[9]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Hesiod. Theogony, 123
  2. Hesiod. Theogony, 124– 125; Gantz, p. 4.
  3. Hesiod. Theogony, 212– 225; Gantz, pp. 4– 5
  4. Hesiod, Theogony from The Homeric Hymns and Homerica with an English Translation by Hugh G. Evelyn-White, Cambridge, MA.,Harvard University Press; London, William Heinemann Ltd. 1914.
  5. Hesiod. Theogony, 744– 745
  6. Hesiod. Theogony, 758– 759.
  7. Hesiod. Theogony, 746– 750
  8. Aristophanes, The Birds (play) 693
  9. Scholia on Apollonius of Rhodes, Argonautica 3.467 with the Orphic hymns as the authority