গোলাই ছিৰিজ হ'ল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হ'ল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়। কিন্তু তেওঁ প্ৰখ্যাত হৈ পৰে ৰহস্য কাহিনী ৰচনাৰ মাজেদিহে। প্ৰধানকৈ অৰ্থাভাৱতহে তেওঁ ৰহস্য উপন্যাসত হাত দিছিল বুলি উল্লেখ কৰি গৈছে। অৱশ্যে পৰৱৰ্তী কালত কিছুমান সমালোচকে এই কাহিনীসমূহক উপন্যাস বুলি উল্লেখ কৰিছিল যদিও বৰঠাকুৰদেৱে নিজে ক'তো উপন্যাস বুলি অভিহিত কৰা পোৱা নাই, তেওঁ কথা, কাহিনী বা ছিৰিজ বুলিহে উল্লেখ কৰিছিল। প্ৰায় ৭০খন এনে উপন্যাস তেওঁ ৰচনা কৰি গৈছে। যদিও তেওঁ এইবোৰ 'গোলাই ছিৰিজ', 'অসমীয়া মৌলিক ডিটেকটিভ কাহিনী', 'অসমীয়া সামাজিক ডিটেকটিভ কাহিনী', 'অসমীয়া মৌলিক দেশসেৱা ডিটেকটিভ কথা' আৰু 'ৰহস্য কথাৱলী': এই পাঁচ ভাগত ভাগ কৰি গৈছে, সকলোৰে মূল নায়ক গোলাই চোৰ। গোলাইৰ লগৰীয়া হ'ল ফাকিদাস, নিংনা, বৃহস্পতীয়া, হৰনাথ আৰু গহীন। গোলাইৰ বিপৰীতে আছে ৰহস্যান্বেষী জগত দাৰোগা, তেওঁৰ সহযোগী গজ আৰু কুকুৰ জেলী। ১৯৪৫ চনমানৰপৰা প্ৰকাশ পোৱা এই ছিৰিজত গোলাইৰ দেশপ্ৰেম, সাহস, বুদ্ধি আদি ফুটাই তোলাৰ বিপৰীতে জগত দাৰোগাৰ কৰ্তব্যপৰায়ণতা ফুটি উঠিছে।

চৰিত্ৰসমূহ সম্পাদনা কৰক

গোলাই চোৰৰ দলটো
  • গোলাই চোৰ
  • ফাকিদাস
  • নিংনা
  • বৃহস্পতীয়া
  • হৰনাথ
  • গহীন
পুলিছৰ দলটো
  • জগত দাৰোগা
  • গজ
  • জেলী নামৰ কুকুৰ এটা

গোলাই ছিৰিজৰ পুথিসমূহ সম্পাদনা কৰক

 
  • প্ৰিয়ে: গোলাই ছিৰিজৰ ১নং পুথি, প্ৰকাশ ১৯৫০ চন, মূল্য আঠ অনা। "প্ৰিয়ে"ৰ লগত গোলাই ছিৰিজৰ আন দুখন পুথি "পুতুমাইৰ বিয়া" আৰু "ৰূপহী" লগ লগালেহে কাহিনীটো সম্পূৰ্ণ হয়। ইয়াত আন্তৰ্জাতিক চোৰাং হীৰাৰ ব্যৱসায় আৰু গাৰো পাহাৰৰ কয়লা উলিয়াবলৈ অসমীয়া কোম্পানীৰ উদ্যম দেখুওৱা হৈছে। পুথি কেইখনত গোলাই আৰু জগত দাৰোগাৰ দলৰ সংঘৰ্ষৰ ৰোমাঞ্চকৰ বৰ্ণনা দিয়া হৈছে।
  • পুতুমাইৰ বিয়া: গোলাই ছিৰিজৰ ৩নং পুথি, প্ৰকাশ ১৯৫০ চন, মূল্য আঠ অনা।
  • ৰূপহী: গোলাই ছিৰিজৰ ৫নং পুথি, প্ৰকাশ ১৯৫০ চন, মূল্য আঠ অনা।
  • কেৰপাই: গোলাই ছিৰিজৰ ৮নং পুথি, প্ৰকাশ ৫০৫ শংকৰাব্দ, মূল্য আঠ অনা। ইয়াত গোলায়ে সুদূৰ লণ্ডনলৈ গৈ নিজৰ অদমনীয় সাহসেৰে কাৰ্য্যসিদ্ধি কৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে।
  • এটম বোমা: অসমীয়া মৌলিক ডিটেকটিভ কাহিনীৰ পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য এটকা দুঅনা। ইয়াত অসমৰ ভিতৰতে এখন মুক্তিস্থান নিৰ্মাণৰ অৰ্থে গোলায়ে এজন অসমীয়া বিজ্ঞানীৰ জৰিয়তে এটম বোমা নিৰ্মাণৰ প্ৰস্তুতিৰ বৰ্ণনা আছে। অৱশ্যে জগত দাৰোগাই সেই প্ৰচেষ্টা বিফল কৰে।
  • ইনজেকছন: অসমীয়া মৌলিক ডিটেকটিভ কাহিনীৰ পুথি, মূল্য আঠ অনা। ইয়াত চৰিত্ৰহীন ত্যাজ্যপুত্ৰ জ্যোতিষে পিতৃৰ মৃত্যুৰ পাছত ভায়েক ভৱতোষৰ ওচৰলৈ আহিল আৰু অকস্মাৎ ভৱতোষৰ মৃত্যু হ'ল। অগাধ সম্পত্তিৰ গৰাকী জ্যোতিষে গোলাইৰ লগ লাগি হত্যাৰ পাছত হত্যা কৰি যায় আৰু শেষত জগত দাৰোগাৰ হাতত ধৰা পৰে।
  • হত্যাকাণ্ড: অসমীয়া মৌলিক ডিটেকটিভ কাহিনীৰ পুথি, প্ৰকাশ আনুমানিক ১৯৪৭ চন। ইয়াত অসমত এসময়ত প্ৰচলিত চোৰাং কানিৰ এজন ব্যৱসায়ীৰ কাৰ্য্যকলাপ দাঙি ধৰা হৈছে। ইয়াত জগত দাৰোগাই কানিৰ ব্যৱসায়িক আটক কৰিবলৈ চেষ্টা চলায় আৰু গোলাই চৰ্দাৰ দাৰোগাৰ প্ৰতিদ্বন্দ্বীৰূপে আবিৰ্ভাৱ হয়।
  • ভাকৌ: অসমীয়া সামাজিক ডিটেকটিভ কাহিনীৰ ১নং পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য পাঁচ অনা। ইয়াত দ্বিতীয় মহাসমৰৰ সময়ত অসমত আৰম্ভ হোৱা সামাজিক ভাঙোন, অসমীয়াক ঠগি বিদেশীৰ সুবিধা ভোগ, গাভৰু ছোৱালীৰ মৰ্য্যাদা হানিৰ প্ৰচেষ্টা আৰু ইয়াত কিছুমান অসমীয়াৰ সহযোগ দেখুওৱা হৈছে। দুষ্কৃতিকাৰীসকলক গোলায়ে শাস্তি দিয়ে।
  • লাওচা: অসমীয়া সামাজিক ডিটেকটিভ কাহিনীৰ ২নং পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য পাঁচ অনা। ইয়াত অনাথ লাওচাক গোলায়ে আমেৰিকাত শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়ে। এইখনতো জগত দাৰোগাৰ লগত গোলাইৰ সংঘৰ্ষৰ উপৰিও ফাকিয়াল জনজাতিসকলৰ বাপুচাঙৰ শিক্ষা ব্যৱস্থাৰ বৰ্ণনা আছে।
  • ব্লেক মাৰ্কেট: অসমীয়া সামাজিক ডিটেকটিভ কাহিনীৰ ৩নং পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য পাঁচ অনা। ইয়াত দ্বিতীয় মহাসমৰত অত্যাৱশ্যকীয় বয়বস্তুৰ মূল্যবৃদ্ধি, দুৰ্নীতিপৰায়ণ বিষয়াৰ কাৰ্য্যকলাপ, চোৰাং কাৰবাৰ আৰু এইবোৰ নিৰ্মূল কৰিবলৈ গোলাই আৰু জগত দাৰোগাই নিজাকৈ কেনেদৰে কি কৰিছিল তাৰ বৰ্ণনা আছে। লগতে গোলাইৰ বৈজ্ঞানিক জ্ঞানৰো বৰ্ণনা আছে।
  • সাগৰতলি: মৌলিক দেশসেৱা ডিটেকটিভ কথাৰ পুথি, মূল্য তিনি অনা। ইয়াত সাগৰৰ তলিখনৰ ৰহস্যময় জগতখনৰ আকৰ্ষণীয় বৰ্ণনা পোৱা যায়। ইয়াত গোলায়ে বেহা-বেপাৰৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ অসমীয়াসকলক সকলো প্ৰকাৰে সহায় কৰিছে।
  • খুনী কোন: ৰহস্য কথাৱলীৰ ১নং পুথি, প্ৰকাশ আনুমানিক ১৯৪৮ চন, মূল্য এটকা। ইয়াত গোলাই চৰ্দাৰ দুৰ্বলৰ সহায়ৰ বাবে আগবাঢ়ি আহে। গোলায়ে সংগীকেইজনক কয় --- "আমাৰ বাবে এয়েই দেশসেৱা। বক্তৃতা দি, জেললৈ গৈহে কেৱল দেশসেৱা কৰিব পাৰিনে? আমি পাপৰ ধনৰ ওপৰত শনাহি হৈ পৰোঁ। "
  • মাইকা: ছিৰিজ চিনাক্ত নোহোৱা এই পুথিখনৰ বিষয়বস্তু হ'ল জয়ন্তীয়া পাহাৰৰ বালিচন্দাৰ চোৰাং কাৰ্য্যকলাপ আৰু হত্যাকাণ্ড। ভাৰতৰ কোনো খনিতে অসমীয়াৰ স্বত্ব নাই। এই খনিত কাম কৰি লাভৰ টকাৰে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ গোলায়ে প্ৰচেষ্টা চলায় আৰু তাত বাধা দিয়া বাবে প্ৰফেছৰ নিয়োগীক গুলিয়াই হত্যা কৰে। হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ জগত দাৰোগাই খনিৰ কামত বাধা দিয়ে আৰু গোলাই আঁতৰি যায়।
  • কোদোৰ বাহ: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথি বঙালী আৰু ইংৰাজী শিশু পুথি ক্ৰমে হেমেন্দ্ৰকুমাৰ ৰায়ৰ আবাৰ যখেৰ ধন" আৰু ছাৰ এইচ. ৰাইডাৰ হেগাৰ্ডৰ "কিং চ'লমনছ মাইন"ৰ আৰ্হিত ৰচনা কৰা হৈছে। ইয়াত গোলাইৰ দলে আফ্ৰিকাৰ গুপ্তধনৰ সন্ধানত আফ্ৰিকামুখী জাহাজত গৈ থাকে। জগত দাৰোগাৰ দলেও একে পথেৰেই গুপ্তধনৰ সন্ধানত যায়। আফ্ৰিকাৰ গভীৰ অৰণ্যৰ মাজত দুঃসাহসিক ভ্ৰমণৰ বৰ্ণনাই পাঠকসকলক পুথিখনৰ প্ৰতি আকৰ্ষিত কৰি তোলে। ইয়াৰ চৰিত্ৰসমূহৰ কথোপকথনৰ মাজেদি আমাৰ সমাজত প্ৰচলিত নিয়ম, দুৰ্নীতি আদি দাঙি ধৰা হৈছে।
  • তেজপিয়া: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথিৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই যদিও খুব সম্ভৱ এইখন গোলাই ছিৰিজৰ পুথি।
  • পাটমাদৈ: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথিৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই যদিও খুব সম্ভৱ এইখন গোলাই ছিৰিজৰ পুথি।
  • দাৰোগা আৰু দাৰোগা বা দুই দাৰোগা: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথিৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই। মাত্ৰ বন্দীতা ফুকনৰ প্ৰবন্ধতহে ইয়াৰ উল্লেখ পোৱা গৈছে। খুব সম্ভৱ এইখন গোলাই ছিৰিজৰ প্ৰথম পুথি।

প্ৰসংগ সম্পাদনা কৰক

  • কুমুদেশ্বৰ বৰঠাকুৰ ৰচনা সংগ্ৰহ (১ম খণ্ড), সম্পাদক: যতীন্দ্ৰ নাথ গোস্বামী, কুমুদ বুকছ, যোৰহাট, ১৯৯৭
  • প্ৰথম অসমীয়া ৰহস্য লেখক কুমুদেশ্বৰ বৰঠাকুৰ, বন্দীতা ফুকন, "সাতসৰী", ৯ম বছৰ ৭ম সংখ্যা, ফেব্ৰুৱাৰী ২০১৪
  • অসমীয়া ৰহস্য সাহিত্য:এটা উপেক্ষিত বিষয়, জয়ন্ত কুমাৰ শৰ্মা, "প্ৰান্তিক", ১৪শ বছৰ ৬ষ্ঠ সংখ্যা, ১৬-২৮ ফেব্ৰুৱাৰী ১৯৯৫
  • প্ৰিয়ে (গোলাই ছিৰিজৰ ১নং পুথি), কুমুদেশ্বৰ বৰঠাকুৰ, প্ৰকাশক: কমল চন্দ্ৰ বড়া, পুথিঘৰ, নগাঁও, প্ৰথম প্ৰকাশ: ১৫ নৱেম্বৰ, ১৯৫০
  • এটম বোমা (অসমীয়া মৌলিক ডিটেকটিভ ছিৰিজৰ পুথি), কে, বৰঠাকুৰ (কুমুদেশ্বৰ বৰঠাকুৰ), প্ৰকাশক: বি, আৰ, কলিতা এণ্ড কোং, তেজপুৰ
  • ইনজেকছন (অসমীয়া মৌলিক ডিটেকটিভ ছিৰিজৰ পুথি), কে, বৰঠাকুৰ, "বিস্ময়", ২৪শ বছৰ ৯ম সংখ্যা, ছেপ্টেম্বৰ ১৯৯২