সাতসৰী (আলোচনী)

(সাতসৰীৰ পৰা পুনঃনিৰ্দেশিত)


সাতসৰী গুৱাহাটীৰ পৰা মাহেকীয়াভাৱে প্ৰকাশিত এখন অসমীয়া ভাষাৰ আলোচনী। সাদিন প্ৰকাশৰপৰা প্ৰকাশ পোৱা ভিন্নবিষয়ৰ আলোচনীখনৰ বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। বৰ্তমানৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য। ২০০৫ চনত এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়। প্ৰতিষ্ঠাপক সম্পাদক আছিল হোমেন বৰগোহাঞি। ২০০৭ চনৰপৰা আলোচনীখনৰ সম্পাদক হয় অনুৰাধা শৰ্মা পূজাৰী আৰু কাৰ্যবাহী সম্পাদক দিগন্ত ওজা। ২০১৫ চনৰপৰা অতনু ভট্টাচাৰ্যই কাৰ্যবাহী সম্পাদকৰূপে দায়িত্ব পালন কৰি আছে। ২০২২ চনত আলোচনীখন সপ্তদশ বছৰত চলি আছে।

সাতসৰী
সাতসৰী
সাতসৰীৰ ল’গ’
সম্পাদক অনুৰাধা শৰ্মা পূজাৰী
পূৰ্বৰ সম্পাদক হোমেন বৰগোহাঞি
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক যতীন চৌধুৰী, জয়ন্ত বৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া

এই আলোচনীখন 'ইউ জি চি কেয়াৰ লিষ্ট'ত অন্তৰ্ভুক্ত গৱেষণা পত্ৰিকা হিচাপেও স্বীকৃত।