বন্দিতা ফুকন

(বন্দীতা ফুকনৰ পৰা পুনঃনিৰ্দেশিত)

বন্দিতা ফুকন (ইংৰাজী: Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। অনুবাদক হিচাপে নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলা বন্দিতা ফুকনে ২০১১ চনত শিশু-সাহিত্যৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰে। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা হৈছে ১২৬ খন। তেখেতৰ এখন গ্ৰন্থ মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনুবাদিত হৈছে। উল্লেখযোগ্য যে, বন্দিতা ফুকন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কল্প-বিজ্ঞান লেখিকা।[1] জনপ্ৰিয় অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ পাতত "প্ৰিয়তমা" নামৰ কল্পবিজ্ঞান কাহিনীটোৰ জৰিয়তে তেখেতে আত্মপ্ৰকাশ কৰিছিল।[2]

বন্দিতা ফুকন
জন্ম ১৬ ফেব্ৰুৱাৰী, ১৯৪৮
ঢেকীয়াজুলি, শোণিতপুৰ
পেচা লেখিকা, অভিযন্তা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা যান্ত্ৰিক অভিযান্ত্ৰিকীত স্নাতক
বিষয় বিজ্ঞানধৰ্মী সাহিত্য, কল্প-বিজ্ঞান, শিশু-সাহিত্য, অনুবাদ
উল্লেখনীয় কৰ্মৰাজি সেউজীয়া ধৰণী
জুমি, ৰীমা আৰু সিহঁত
মহান বিজ্ঞানীৰ শৈশৱ কাল
উল্লেখযোগ্য বঁটা শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা (২০১১)
অসম চৰকাৰৰ সাহিত্য বঁটা (২০১১)
সম্প্ৰীতি শইকীয়া টুকটুকি বঁটা
নিৰ্মালী দত্ত অনুবাদ বঁটা
দাম্পত্যসংগী শ্যামন্ত ফুকন
ৱেবছাইট banditaphukan.com

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

বন্দিতা ফুকনৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ ফেব্ৰুৱাৰীত, শোণিতপুৰ জিলাঢেকীয়াজুলি চহৰত। তেখেতে নিজৰ শৈশৱৰ কালছোৱা নেফা (নৰ্থ ইষ্টা ফ্ৰণ্টিয়াৰ এজেন্সী; এতিয়াৰ অৰুণাচল প্ৰদেশ)-ত অতিবাহিত কৰিছিল। নেফাৰ বিদ্যালয়সমূহৰ মাধ্যমটো অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ সলনি কৰাত তেখেত মাকৰ সৈতে অসমলৈ আহে। তাৰপিছত নগাঁৱস্থিত নগাঁও ছোৱালী হাইস্কুলত তেওঁৰ নামভৰ্তি কৰা হয়। উচ্চতৰ মাধ্যমিকলৈকে তেখেতে নগাঁৱতেই থাকি পঢ়া-শুনা কৰে। তাৰপিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ যায়। সেইখন মহাবিদ্যালয়ৰ পৰাই তেখেতে ১৯৭১ চনত যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখনীয় যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইটো বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তেখেতে প্ৰথমগৰাকী মহিলা।[3]

চাকৰি-জীৱন সম্পাদনা কৰক

অভিযান্ত্ৰিকৰ ডিগ্ৰী পোৱাৰ পাছত তেখেতে অসম গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড, আছাম কণডাক্টৰছ্ এণ্ড টিউবছ্ লিমিটেড আৰু অসম ঔদ্যোগিক বিকাশ নিগমৰ বিভিন্ন সন্মানজনক পদবীত কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত ২০০১ চনত তেখেতে অসম ঔদ্যোগিক বিকাশ নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ আমেৰিকাস্থিত এক ঔদ্যোগিক প্ৰতিষ্ঠানত যোগদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু প্ৰায় দুবছৰৰ পিছত অসমলৈ ঘূৰি আহে আৰু কেইটামান ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মনিৰ্বাহ কৰে।[1] তাৰ কেইবছৰমানৰ পিছত তেওঁ একাণপতীয়াকৈ সাহিত্যক্ষেত্ৰত মনোনিৱেশ কৰে।[3]

সাহিত্যক্ষেত্ৰত সম্পাদনা কৰক

বন্দিতা ফুকনৰ দ্বাৰা লিখিত গ্ৰন্থ সম্পাদনা কৰক

লেখিকা বন্দিতা ফুকনৰ সাহিত্য-কৰ্ম অসমৰ কাকত-আলোচনীত প্ৰকাশিত হৈছে। গল্প-উপন্যাসকে ধৰি শিশু আৰু কিশোৰৰ উপযোগী হোৱাকৈ যুগুত কৰা ভালেমান গ্ৰন্থ প্ৰকাশিত হৈছে। তেখেতৰ সৃষ্টিৰাজীৰ এখন সংক্ষিপ্ত তালিকা তলত দিয়া হ'ল।

চুটি গল্প সংকলন

  1. আন্তৰিক
  2. বজা
  3. শিপা
  4. আমেৰিকাৰ আপোন কাহিনী

কল্প-বিজ্ঞান কাহিনী সংকলন

  1. তেওঁ কেনে আছে?
  2. আপেক্ষিকতাবাদ, তেওঁৰ বাবেই
  3. আঠ ৰহস্য
  4. সময় হৈছেনে?

উপন্যাস

  1. আপোনজন
  2. মই, আমি ইত্যাদি
  3. জীৱন এনেকৈয়ে
  4. অপত্য

শিশু-কিশোৰৰ বাবে ৰচনা কৰা সাহিত্য সম্পাদনা কৰক

উপন্যাস

  1. কিয় এনে হৈছে?
  2. সোণটিহঁতৰ বিপদ
  3. জুমি, ৰীমা আৰু সিহঁত (পুৰস্কাৰপ্ৰাপ্ত)
  4. সিহঁতে খেলিছিল(পুৰস্কাৰপ্ৰাপ্ত)
  5. বন্ধৰ দিনত সোণটিহঁত (পুৰস্কাৰপ্ৰাপ্ত)
  6. বান আহিছিল
  7. সুন্দৰপুৰত সোণটি
  8. এখন চাৰ্কাছ আহিছিল
  9. সোণটিৰ কেইদিনমান
  10. সোণটিহঁতৰ পিকনিক
  11. মিনুৰ অতিথি
  12. সোণটি আৰু হেনৰিহঁত
  13. সেউজীয়া ধৰণী (শিশু-সাহিত্যত সাহিত্য অকাডেমিৰে সন্মানীত)
  14. ৰাজীৱৰ গান
  15. সোণটিহঁতৰ চহৰখন
  16. সোণটিৰ খেতি
  17. সোণটিৰ বেমেজালি
  18. ককাৰ জিমি
  19. সোণটিহঁতৰ চুবুৰীত

শিশু-কিশোৰৰ বাবে কল্প-বিজ্ঞান উপন্যাস

  1. কিয় এনে হৈছে?
  2. সোণটিহঁতৰ বিপদ
  3. সোণটিৰ ৰবট কুকুৰ
  4. মিনুৰ ৰবট সখী
  5. সন্ধান


শিশু-কিশোৰৰ বাবে লিখা অনূদিত উপন্যাস

  1. সাতনেজীয়া নিগনি পোৱালি
  2. যাদুৰ নগৰী
  3. স্বাধীনতাৰ এটা পথ

শিশুৰ বাবে লিখা অনূদিত জীৱনী-পুথি

  1. এলবাৰ্ট
  2. থমাছ আলভা এডিছন
  3. আলেকজেণ্ডাৰ ফ্লেমিঙ
  4. মেৰি কুৰী
  5. গেলিলিঅ' গেলিলি
  6. উইলিয়াম হাৰ্ভে
  7. আলেকজেণ্ডাৰ গ্ৰাহামবেল
  8. আৰ্কিমিডিছ
  9. মাইকেল ফাৰাডে, আদি।

বুৰঞ্জীমূলক জীৱনীপুথি

  1. জোৱান অৱ আৰ্ক

শিশুৰ বাবে বিজ্ঞানধৰ্মী গ্ৰন্থ

  1. যন্ত্ৰ-পাতি চিনো আহা
  2. মটৰ গাড়ী কেনেকৈ চলে?
  3. পৰীক্ষা কৰোঁ আহা
  4. মানুহৰ যন্ত্ৰ-পাতি

সচিত্ৰ ইংৰাজী কাহিনী

  1. জয়মতী(পৰিৱেশক-অমৰ চিত্ৰ কথা, মুম্বাই)

জীৱনী পুথি

  1. হৰিশ চন্দ্ৰ গোস্বামী
  2. জ্যোতি প্ৰকাশ মেধী
  3. বিজ্ঞানী জগদীশ চন্দ্ৰ বসু আৰু তেওঁৰ নিৰ্বাচিত কিশোৰ ৰচনা

বঁটা আৰু সন্মান সম্পাদনা কৰক

শিশু-সাহিত্যকে ধৰি অসমীয়া সাহিত্যৰ অন্যান্য ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা বৰঙনিৰ বাবে লেখিকা বন্দিতা ফুকন বহুবাৰ সন্মানীত আৰু পুৰস্কৃত হৈছে। তাৰে ভিতৰত-

  • জুমি, ৰীমা আৰু সিহঁত শীৰ্ষক শিশু উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ পৰা পুৰস্কাৰ।
  • "সদৌ অসম লেখিকা সমাৰোহ"ৰ পৰা শ্ৰেষ্ঠ চুটি গল্পৰ বাবে "দুলাল শৰ্মা" বঁটা।
  • শিশু-সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ২০০৬ চনত, সদৌ অসম লেখিকা সমাৰোহৰ তৰফৰ "সম্প্ৰীতি শইকীয়া টুকটুকি বঁটা"।
  • ২০১১ চনত সেউজীয়া ধৰণীৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ পৰা শিশু-সাহিত্য বঁটা
  • ২০১১ চনত অসম চৰকাৰৰদ্বাৰা সাহিত্যিক বঁটা।
  • অনুবাদ-কৰ্মৰ বাবে সদৌ অসম লেখিকা সন্থাই প্ৰদান কৰা ২০১৪-১৫ বৰ্ষৰ নীলিমা দত্ত সোঁৱৰণী বঁটা।
  • মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনূদিত। অনুবাদক: পুণ্যাখ বসুমতাৰী (Punyakh Bosumatary)
  • মূল্যবোধ শীৰ্ষক চুটি গল্পটো ছেবাৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত।
  • সিহঁতে খেলিছিল শীৰ্ষক শিশু-উপন্যাসখন অন্তৰা জি. চৌধুৰীৰদ্বাৰা মঞ্চস্থ।
  • অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেঞ্চনৰ বাবে অনুমোদন।
  • মূল্যবোধ শীৰ্ষক গল্পটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰমত একেৰাহে ছবছৰৰ বাবে অন্তৰ্ভুক্ত।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক