গোৰেশ্বৰ মহাবিদ্যালয় (ইংৰাজী: Goreswar College) অসমৰ বাক্সা জিলাগোৰেশ্বৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৭৪ চনৰ ২৯ আগষ্ট তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন 'বেতনা কৃষি উন্নয়ন সংঘ'ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। ২০২০ চনলৈ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈ আছিল যদিও বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ পৰিৱৰ্তন কৰা হৈছে।

গোৰেশ্বৰ মহাবিদ্যালয়
গোৰেশ্বৰ মহাবিদ্যালয়ৰ ল’গ’
স্থাপিত ২৯ আগষ্ট ১৯৭৪
ধৰ্মীয় ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
অধ্যক্ষ উমেশ চন্দ্ৰ বড়ো (ভাৰপ্ৰাপ্ত)
ৱেবছাইট goreswarcollege.ac.in

ইতিহাস সম্পাদনা কৰক

পূৰ্বৰ কামৰূপ জিলা আৰু বৰ্তমানৰ বাক্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ নাম অনুসৰি মহাবিদ্যালয়খনৰ নামকৰণ গোৰেশ্বৰ মহাবিদ্যালয় কৰা হৈছে। মহাবিদ্যালয়খন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা বাইহাটা চাৰিআলিৰপৰা উত্তৰে প্ৰায় ২২ কিলোমিটাৰ নিলগত অৱস্থিত গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত। মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ আঁৰত আছিল গোৰেশ্বৰ অঞ্চলৰ এটি বেচৰকাৰী সামাজিক সংগঠন 'বেতনা কৃষি উন্নয়ন সংঘ'। এই সংঘৰ আৰ্থিক অনুদানেৰে শিক্ষকৰ দৰমহাৰ লগতে ভৱন নিৰ্মাণ কৰা হৈছিল। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে নিযুক্ত হয় শৰৎ চন্দ্ৰ পাটোৱাৰী। ১৯৭৪ চনৰ ২৯ আগষ্টত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খন ১৯৮১ চনত অসম চৰকাৰৰ deficit grant-in-aid system-ৰ অধীনলৈ অনা হয়। পাছত ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা মহাবিদ্যালয়খন প্ৰাদেশীকিকৰণ (Provincialised) কৰা হয়। ২০০৩ চনৰ ৮ এপ্ৰিলৰপৰা মহাবিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনৰ 2 (F) & 12 (B) তালিকাভুক্ত হৈছে। ২০০৪ চনত প্ৰথম আৰু ২০১৬ চনত দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ বা চমুকৈ 'নাক' (NAAC) -ৰ পৰিৰ্দশকৰ দল আহি মহাবিদ্যালয়খনৰ পৰিদৰ্শন কৰি মূল্যায়ন কৰিছে। বৰ্তমান ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ (RUSA) দ্বাৰা Model Degree College হিচাপে স্বীকৃত হৈ অনুদান লাভ কৰিছে। মহাবিদ্যালয়খনত কলা-বাণিজ্য আৰু বিজ্ঞান শাখাত মেজৰ বিষয় আৰু সাধাৰণ বিষয়ত শিক্ষালাভৰ সুবিধা আছে।[1]

শাখা সম্পাদনা কৰক

প্ৰতিষ্ঠানটোৱে উচ্চ মাধ্যমিক স্তৰত কলা আৰু বাণিজ্য শাখা আৰু স্নাতক পৰ্যায়ত কলা-বাণিজ্য আৰু বিজ্ঞান শাখাৰ প্ৰায় সকলো বিষয়ে সামৰি লোৱা হৈছে। কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা থকাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এটি অধ্যয়ন কেন্দ্ৰও মহাবিদ্যালয়খনত আছে।

 
গোৰেশ্বৰ মহাবিদ্যালয়ৰ এটা অংশ

মান্যতা সম্পাদনা কৰক

২০০৪ চনত মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘C++’ গ্ৰেড লাভ কৰিলেও শেহতীয়া ২০১৬ চনৰ পৰিদৰ্শনত B গ্ৰেড পাবলৈ সক্ষম হয়।[2]

বিভাগসমূহ সম্পাদনা কৰক

কলা শাখা
  • অসমীয়া
  • বড়ো
  • ইংৰাজী
  • শিক্ষা
  • অৰ্থনীতি
  • ইতিহাস
  • ৰাজনীতি
  • দৰ্শন
বাণিজ্য শাখা
  • বিত্ত
  • হিচাপবিজ্ঞান
  • ব্যৱস্থাপনা
বিজ্ঞান শাখা
  • গণিত
  • পৰিসংখ্যা
  • ৰসায়ন
  • পদাৰ্থবিদ্যা
  • জীৱবিদ্যা
  • উদ্ভিদবিদ্যা
  • অৰ্থনীতি

অন্যান্য সা-সুবিধা সম্পাদনা কৰক

মহাবিদ্যালয়খনত ২০২০ চনৰ পৰা ভাৰতীয় সেনাৰ ৩০ অসম বাহিনী (30Assam Battalion) ৰ অধীনৰ NCC এশজনীয়া এটা গোট অছে। তদুপৰি NSS ৰো এটা শাখা সক্ৰিয়তাৰে কাম কৰি আছে। ইয়াৰোপৰি শৰীৰ চৰ্চা, সংগীত চৰ্চাৰ বিশেষ সুবিধা আছে মহাবিদ্যালয়খনত।

অধ্যক্ষসকল সম্পাদনা কৰক

অধ্যক্ষৰ তালিকা
নাম কাৰ্যকাল
শৰৎ চন্দ্ৰ পাটোৱাৰী ২৯-০৮-১৯৭৪ পৰা ২৮-০২-১৯৯৫
উমেশ চন্দ্ৰ ডেকা (ভাৰপ্ৰাপ্ত) ০১-০৩-১৯৯৫ পৰা ০৯-১১-২০০৬
ভৱেশ চন্দ্ৰ শৰ্মা (ভাৰপ্ৰাপ্ত) ১০-১১-২০০৬ পৰা ০৯-০৯-২০০৭
ড॰ খৰ্গেশ্বৰ ডেকা ১০-০৯-২০০৭ পৰা ৩১-০৮-২০১৮
যাদৱ চন্দ্ৰ গোস্বামী (ভাৰপ্ৰাপ্ত) ০১-০৯-২০১৮ পৰা ৩০-০৯-২০১৯
উমেশ বড়ো (ভাৰপ্ৰাপ্ত) ০১-১০-২০১৯ পৰা ১০-০৫-২০২৩
ড৹ প্ৰমোদ মেধি ১১-০৫-২০২৩ পৰা বৰ্তমানলৈ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক