গৌৰৱ গগৈ

ভাৰতীয় ৰাজনীতিক

গৌৰৱ গগৈ (ইংৰাজী: Gaurav Gogoi) (জন্ম ৪ ছেপ্তেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমকলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।

গৌৰৱ গগৈ
লোকসভাৰ সাংসদ
কলিয়াবৰ (লোকসভা সমষ্টি)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ ছেপ্তেম্বৰ ২০১৪
পূৰ্বসূৰী দীপ গগৈ
অসম বিধানসভাৰ বিধায়ক
কলিয়াবৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ ছেপ্তেম্বৰ ২০১৪
পূৰ্বসূৰী দীপ গগৈ
ব্যক্তিগত তথ্য
জন্ম ৪ ছেপ্টেম্বৰ, ১৯৮২ (৪১ বছৰ)
দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী এলিজাবেথ কলবাৰ্ণ গগৈ
মাতৃ ডলি গগৈ
পিতৃ তৰুণ গগৈ
শিক্ষানুষ্ঠান নিউয়ৰ্ক বিশ্ববিদ্যালয়, ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, দিল্লী
২ জানুৱাৰী, ২০১২-ৰ তথ্য

পৃষ্ঠভূমি সম্পাদনা কৰক

গৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শাসনত আছিল। গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

গগৈ ২০১৪ চনৰ মাৰ্চত চনত কংগ্ৰেছ দলৰ পৰা মনোনীত হয় কলিয়াবৰ (লোকসভা সমষ্টি)ৰ বাবে।[1] তাৰ পিছত তেওঁ লোকসভা নিৰ্বাচনত সৰ্বমুঠ ৪,৪৩,৩১৫ ভোট লাভ কৰি বিজয়ী হয় আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।

তথ্য উৎস সম্পাদনা কৰক