গ্ৰিডা নৃত্য (হিন্দী: ग्रिडा) হৈছে ভাৰতবৰ্ষৰ মধ্য প্ৰদেশৰ কিছুমান গাঁৱত পৰিৱেশন কৰা এক প্ৰকাৰৰ লোক-নৃত্য[1]

গ্ৰিডা
স্থানীয় নাম ग्रिडा
শৈলী লোক-নৃত্য
উৎপত্তিমূল মধ্য প্ৰদেশ, ভাৰত

ৰবি শস্য চপোৱাৰ সময়ত গাঁৱৰ লোকসকল একত্ৰিত হৈ গ্ৰিডা নৃত্য পৰিৱেশন কৰি উৎসৱ উদযাপন কৰে, এই অনুষ্ঠান পুৱাৰে পৰা গধূলিলৈকে চলি থাকে।[2]

লোক-নৃত্য হৈছে এনে এক প্ৰকাৰৰ নৃত্য যি কোনো এখন নিৰ্দিষ্ট দেশ বা কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ জন-জীৱনক প্ৰতিফলিত কৰে। সকলো নৃগোষ্ঠীয় নৃত্য লোক-নৃত্য নহয়। উদাহৰণ স্বৰূপে, আনুষ্ঠানিক নৃত্যসমূহ অথবা আনুষ্ঠানিক উৎসৰ পৰা সৃষ্ট নৃত্যসমূহক লোক-নৃত্য হিচাপে বিবেচনা কৰা নহয়। উদ্দেশ্যৰ ভিত্তিত আনুষ্ঠানিক নৃত্যসমূহক সাধাৰণতে “ধৰ্মীয় নৃত্য” বুলি কোৱা হয়।

নৃত্যৰ সাংস্কৃতিক মূল প্ৰতিস্থাৰ বাবে সাধাৰণতে লোক-নৃত্যসমূহত “নৃগোষ্ঠীয়” আৰু “পৰম্পৰাগত” শিৰোনাম ব্যৱহাৰ কৰা হয়। এই দিশৰ পৰা সকলো লোক-নৃত্যই নৃগোষ্ঠীয়।

গ্ৰিডা নৃত্য তিনিটা পৰ্যায়ত পৰিবেশন কৰা হয়। প্ৰথম পৰ্যায়ৰ নাম হৈছে ‘চেলা’। এই পৰ্যায়ত ভৰিৰ গতি লাহে লাহে আৰু কঠিন হৈ থাকে। দ্বিতীয় পৰ্যায়ৰ নাম ‘চেলালাৰকি’। দ্বিতীয় পৰ্যায়ৰ সময়ত গতিবিধিবোৰে গতি গোটায়। তৃতীয় পৰ্যায়ৰ নাম হৈছে ‘সেলাভদোনি’। এই পৰ্যায়ত হাত-ভৰিৰ ভিগোৰোছ গতিৰে নৃত্যই চূড়ান্ত বিন্দুত উপনীত হয়।

১) চেলা - ভৰিৰ গতি লেহেমীয়া আৰু তুলনামূলকভাৱে কঠিন।

২) চেলালাৰকি - ভৰিৰ গতি দ্ৰুত আৰু দ্ৰুত হৈ পৰে।

৩) সেলাভদোনি - টেম্পোৰ ত্বৰণৰ লগে লগে শৰীৰৰ প্ৰতিটো অংগই উচ্চতাৰ আমেজত দোল খাবলৈ আৰম্ভ কৰে।

অন্যান্য লোক নৃত্য

সম্পাদনা কৰক

মধ্য প্ৰদেশৰ অন্যান্য লোক নৃত্য কিছুমান হৈছে:

মটকি নৃত্য : মধ্যপ্ৰদেশৰ মালৱা জনগোষ্ঠীৰ মহিলাসকলৰ মাজত প্ৰচলিত এক নৃত্য৷ সাধাৰণতে বিবাহ অনুষ্ঠানত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷ নৃত্যত ভাগ লোৱা মহিলাসকলে মুখত দীঘল ওৰণী লৈ মূৰত মাটিৰে নিৰ্মিত পানী অনা কলহ লৈ নৃত্য কৰে৷ এই নৃত্যৰ “আড়া’’ আৰু “খাড়া নাচ’’ নামৰ দুটা প্ৰকাৰ আছে৷

ফুলপতি নৃত্য : মধ্য প্ৰদেশৰ মালৱা অঞ্চলত এই নৃত্য পৰিবেশন কৰা হয়। এই নৃত্য অবিবাহিত ছোৱালীৰ দ্বাৰা হোলী উপলক্ষে পৰিবেশন কৰা হয়।[3]

লাৱনী : এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা। ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢোল্‌কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। মধ্য প্ৰদেশত ন গজ দীঘল শাৰী পিন্ধি মহিলা প্ৰদৰ্শনকাৰীসকলে পৰিৱেশন কৰে। গানবোৰ দ্ৰুত লয়ত পৰিৱেশন কৰা হয়।

সাংগ : সাংগ হৈছে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মালৱা অঞ্চলৰ এক জনপ্ৰিয় লোক–নাট্য অনুষ্ঠান।[4] শ্বোৱাঙত গীত আৰু সংলাপৰ সৈতে উপযুক্ত নাট্য আৰু অনুকৰণমূলক অভিনয় (বা নকল) সন্নিবিষ্ট কৰা হয়। ইয়াত দেহৰ ভংগীমাতকৈ, সংলাপক প্ৰাধান্য দিয়া হয়। দৰ্শকে আগুৰি থকা মুকলি ঠাইত বা মুকলি আকাশৰ তলত নিৰ্মিত মঞ্চত দহ-বাৰজনীয়া এটা নাট্য দলে ধৰ্মীয় গল্প আৰু লোককথা পৰিৱেশন কৰে। সাংগ হৈছে ৰং-ভৰ্ণ বা নকল-কৰ্ণ নামে জনাজাত এক প্ৰকাৰৰ অনুকৰণমূলক কলা।

ইয়াৰোপৰি মধ্য প্ৰদেশ কলা পৰিষদৰ দ্বাৰা আয়োজিত খাজুৰাহো নৃত্য সমাৰোহ হৈছে এটা অতি জনপ্ৰিয় নৃত্য মহোৎসৱ। মধ্য ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছটাৰপুৰ জিলাৰ খাজুৰাহো মন্দিৰৰ কাষত প্ৰতি বছৰে সপ্তাহজুৰি শাস্ত্ৰীয় নৃত্যৰ এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক