গৰিমা হাজৰিকা

অসমৰ নৃত্যশিল্পী

গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওডিছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে। গুৱাহাটী মহানগৰীত মিতালী কলাকেন্দ্ৰ স্থাপন কৰি তেওঁ সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত হৈ আছে।[1] তেওঁ সেন্দূৰ আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰত কলা নিদেৰ্শনা আৰু কৰিঅ'গ্ৰাফীৰ কাম কৰিছে।

গৰিমা হাজৰিকা
জন্ম ১৯৩৯ চন
উজানবজাৰ, গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়
পেচা নৃত্য পটিয়সী, নৃত্য পৰিচালক
দাম্পত্যসঙ্গী কৃষ্ণমূৰ্তি হাজৰিকা
পিতৃ-মাতৃ ডাঃ ভূবনেশ্বৰ বৰুৱা (পিতৃ)

সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

১৯৩৯ চনত গুৱাহাটী মহানগৰৰ উজানবজাৰ অঞ্চলত গৰিমা হাজৰিকাৰ জন্ম হয়।[1] সৰুৰেপৰাই শাস্ত্ৰীয় নৃত্যৰ প্ৰতি গৰিমাৰ আকৰ্ষণ আছিল। তেওঁ সত্ৰীয়া নৃত্য আৰু ওডিছী শিকিছিল আৰু দুয়োটা নৃত্যশৈলীতে পাৰ্গত হৈ পৰিছিল। অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া আৰু ওডিছী নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছে। ইয়াৰ ভিতৰত ১৯৫৭চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি ৰূপে গৰিমা হাজৰিকাই দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পৰিৱেশন কৰা সত্ৰীয়া নৃত্যই বিশেষ সুনাম অৰ্জন কৰিছিল।[1] গৰিমা হাজৰিকাই কেইবাখনো নৃত্য-নাটিকা ৰচনা আৰু পৰিচালনাও কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰিছিল। কলা নিৰ্দেশক আৰু ক'ৰিঅ'গ্ৰাফাৰ ৰূপেও তেওঁ কাম কৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ নৃত্য-নাটিকাৰ ক্ষেত্ৰতো গৰিমা হাজৰিকাই বহুবোৰ পৰিৱৰ্তন আনি চৰ্চিত হৈছে। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰো কলা-নিৰ্দেশনা আৰু কৰিঅ'গ্ৰাফীৰ কাম কৰিছে। ইয়াৰ ভিতৰত সেন্দূৰ চলচ্চিত্ৰ উল্লেখযোগ্য।

অৱদান সম্পাদনা কৰক

কলা-নিৰ্দেশনা আৰু নতুন প্ৰজন্মক শুদ্ধ ৰূপত সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়াসেৰে গৰিমা হাজৰিকাই নিজা উদ্যোগত গুৱাহটীত মিতালী কলাকেন্দ্ৰ স্থাপন কৰিছিল। সুদীৰ্ঘ পঁচিশ বছৰ জুৰি এই কেন্দ্ৰৰ জৰিয়তে তেওঁ নতুন চামক সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ দি আছে। ২০ মে', ২০১৬ চনত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত মিতালী কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানত বিশেষ ভাবে সক্ষম শিশুসকলৰ বাবে এটি বিশেষ নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিল।[2] এই জয়ন্তীৰ অংশ হিচাপে তেওঁলোকে সত্ৰীয়া আৰু ওডিছী নৃত্যৰ কৰ্মশালা আৰু কৰিঅ'গ্ৰাফী আৰু কষ্টিউম ডিজাইনিঙৰ কৰ্মশালা[2] আয়োজন কৰি নতুন সকলৰ বাবে এটি শিকনৰ বাট খুলি দিছিল। ছাত্ৰ-ছাত্ৰীক সমাজৰ প্ৰতি দায়িত্ববোধ শিকাবলৈও মিতালী কলাকেন্দ্ৰ বদ্ধপৰিকৰ।

বঁটা আৰু সম্মান সম্পাদনা কৰক

  1. নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনে গৰিমা হাজৰিকাক বিশেষ বঁটা প্ৰদান কৰিছে।[1]
  2. ২০০৬: সংগীত নাটক একাডেমী বঁটা (নৃত্যকলা শিতানত)।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 শোনিত বিজয় দাস, মুনীন বায়ন (২০০৬). "অসমীয়া নৃত্য (কুৰি শতিকাৰ ৬ গৰাকী নৃত্য-শিল্পী)". কথা বৰেণ্য ১০০. কথা প্ৰকাশন. পৃষ্ঠা. ২৯১-২৯৩. ISBN ৮১-৮৯১৪৮-১৪-১. 
  2. 2.0 2.1 5th May, 2016. "A few steps to win hearts of special kids - City-based dance academy plans workshop for physically-challenged children". The Telegraph. https://www.telegraphindia.com/north-east/a-few-steps-to-win-hearts-of-special-kids-city-based-dance-academy-plans-workshop-for-physically-challenged-children/cid/879747। আহৰণ কৰা হৈছে: 5 February 2021.