চকোৱা চাউল

ধানৰ এক প্ৰজাতি

চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত এমিলুজ উপাদান (শৰ্কৰা অণু) তুলনামূলকভাৱে কম পৰিমাণে পোৱা যায়। আন চাউলসমূহত এমিলুজ উপাদান ২০-২৭% হোৱাৰ পৰিৱৰ্তে চকোৱা চাউলত এই পৰিমাণ ১২-১৭% হয়।[1] চকোৱা চাউল কিছু পৰিমাণে আঠাজাতীয় হয়। উইলিয়াম উইলছন হাণ্টাৰে ১৮৭৯ চনত প্ৰকাশ পোৱা তেওঁৰ গ্ৰন্থ এ ষ্টেটিষ্টিকেল একাউণ্ট অফ আছামত অসমত পোৱা ৮৭ বিধ চাউলৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ ভিতৰত চকোৱা চাউল অন্যতম। চকোৱা চাউল ইমানেই কোমল যে অসমৰ লোকে ইয়াক নিসিজোৱাকৈ কেৱল পানীত তিয়াই ৰাখিয়েই কোমল চাউল হিচাপে ব্যৱহাৰ কৰে।[2] বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাহিষ্ট্ৰি অফ আছাম (১৯৬৫) শীৰ্ষক গ্ৰন্থত আহোম সৈন্যবাহিনীয়ে চকোৱা চাউলৰ পৰা প্ৰস্তুত কৰা কোমল চাউল খাদ্য হিচাপে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে।[3]

চকোৱা চাউল
ভৌগোলিক স্বীকৃতি
বৰ্ণনা পানীত তিয়ালেই কোমল হোৱা চাউল
প্ৰকাৰ ধান/চাউল
অঞ্চল অসম
দেশ ভাৰত
চকোৱা চাউলৰ সৈতে বুট,নাৰিকল, আদা আৰু জলকীয়াৰ জুতি।

চকোৱা চাউলৰ গা-গছজোপা প্ৰায় ১৫৮ চেঃমিঃ ওখ হয়। এটা গোছাত গড়ে ৯ ডালকৈ নল থাকে আৰু ইয়াত গড়ে ১৫৮ টা পূৰ্ণ বীজ থকাৰ বিপৰীতে পতান থাকে ১৫ টা।[1]

হাণ্টাৰে চকোৱা চাউলৰ তিনিবিধ প্ৰকাৰৰ নাম উল্লেখ কৰিছে আৰু এয়া হৈছে গৰু চকোৱা, সৰু চকোৱা আৰু বৰ চকোৱা।[2] তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ বিভিন্ন ঠাইৰ পৰা চকোৱা চাউলৰ প্ৰায় ২৩টা সঁচ সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

অসমৰ তিনিচুকীয়া, ধেমাজী, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাওঁ, মৰিগাওঁ আৰু শোণিতপুৰ জিলাতে প্ৰধানকৈ ইয়াৰ খেতি কৰা হয় যদিও মাজুলী আৰু দৰং জিলাতো চকোৱা চাউলৰ খেতি দেখা যায়। চকোৱা চাউলৰ উৎপাদন চক্ৰটো ১৩৫-১৬৫ দিনীয়া। ভূঁই ৰোৱা কাৰ্য জুন-জুলাই মাহত আৰম্ভ হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত শস্য চপাবৰ বাবে উপযোগী হৈ উঠে। প্ৰতি হেক্টৰ মাটিত এই ধানবিধৰ গড় উৎপাদন ২.৫ টন। কিন্তু অসমৰ কৃষকসকলে ঘৰত খাবলৈ আন ধানসমূহৰ লগতেই খেতি কৰা ওখ পৰম্পৰাগত চকোৱা চাউলৰ উৎপাদন প্ৰতি হেক্টৰত ১ টনতকৈ বেছি নহয়। ৰ’দ বা পোহৰৰ প্ৰতি সংবেদনশীলতাৰ বাবে ৰ’দ পৰা সময়ছোৱাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ বৃদ্ধি বা উৎপাদনত হীন-দেঢ়ী ঘটিব পাৰে।[1]

ভৌগোলিক স্বীকৃতি

সম্পাদনা কৰক

২০১৬ চনত শিৱসাগৰ জিলাৰ সেউজ সতীৰ্থ নামৰ এক প্ৰতিষ্ঠানে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত চকোৱা চাউলক ভৌগোলিক স্বীকৃতি প্ৰদানৰ বাবে আবেদন জনায়।[4] ২০১৯ চনৰ ২৪ অক্টোবৰত প্ৰকাশ পোৱা ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়ন বিভাগৰ পৰা প্ৰকাশ পোৱা পত্ৰিকা ১২৪ সংখ্যক সংস্কৰণত চকোৱা চাউলক ভৌগোলিক স্বীকৃতি প্ৰদান কৰা হয়।[5]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "CHOKUWA RICE OF ASSAM". GEOGRAPHICAL INDICATIONS JOURNAL (১২৪): ৮-১৩. অক্টোবৰ 2019. http://www.ipindia.nic.in/writereaddata/Portal/IPOJournal/1_4799_1/Journal_124.pdf. 
  2. 2.0 2.1 Hunter William Wilson (১৮৭৯). A Statistical Account of Assam. প্ৰকাশক লণ্ডন: Trubner & Co.. পৃষ্ঠা. ২৫০, ২৫৩, ৩০০, ৩৭০. 
  3. Bhuyan SK (১৯৬৫). History of Assam. 
  4. http://www.ipindia.nic.in/writereaddata/Portal/IPOJournal/1_4799_1/Journal_124.pdf
  5. "Traditional Scarf (Gamosa) of Assam gets Geographical Indications tag". The Sentinel. November 18, 2019. https://www.sentinelassam.com/north-east-india-news/assam-news/traditional-scarf-gamosa-of-assam-gets-geographical-indications-tag/। আহৰণ কৰা হৈছে: April 12, 2020.