সূৰ্যকুমাৰ ভূঞা

ভাৰতীয় লেখক

ৰায় বাহাদুৰ সূৰ্যকুমাৰ ভূঞা (ইংৰাজী: Surjya Kumar Bhuyan; ১৮৯৪-১৯৬৪) অসমৰ এজন বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক,গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু অধ্যাপক। তেখেতে অসমীয়া সাহিত্য জগতত প্ৰাচীন বুৰঞ্জী বিষয়ক বহুবোৰ গ্ৰন্থ উদ্ধাৰ কৰি সম্পাদনা কৰাৰ লগতে গল্প, প্ৰবন্ধ, জীৱনী আদি গ্ৰন্থ লিখি ভাষা-সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক আছিল, তেখেত ১৯৫৩ চনত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতি আছিল আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তেখেত ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। নগাওঁ জিলা বিভাজনৰ আগতে এই জিলাৰ পৰা অসম সাহিত্য সভালৈ নিৰ্বাচিত হোৱা সূৰ্যকুমাৰ ভূঞা আছিল সৰ্বপ্ৰথম ব্যক্তি।[1] তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটীৰপৰা জালুকবাৰীলৈ স্থানান্তৰ কৰা হয়৷ অসম বুৰঞ্জীক অসমীয়া সাহিত্যত এক উচ্চ আসন প্ৰদান কৰাত সুৰ্যকুমাৰ ভূঞাৰ অৱদানেই সৰ্বাধিক।

সূৰ্যকুমাৰ ভূঞা
জন্ম ১৩ জানুৱাৰী, ১৮৯৪ চন (প্ৰকৃত: ১৮৯২, ২৭ জানুৱাৰী)
ফৌজদাৰী পট্টি, নগাওঁ, অসম
মৃত্যু ৫ জুলাই, ১৯৬৪ চন
ছদ্মনাম ভানুনন্দন
পেচা সাহিত্যিক, বুৰঞ্জীবিদ, প্ৰবন্ধকাৰ, কবি, শিক্ষক, উপাচাৰ্য
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতক (১৯১৩), স্নাতকোত্তৰ (১৯১৬)
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (১৯৫৬)
ৰায়বাহাদুৰ খিতাপ (১৯৩৩)

জন্মসম্পাদনা কৰক

সূৰ্যকুমাৰ ভূঞাই ১৮৯৪ চনৰ ১৩ জানুৱাৰীৰ দিনা নগাঁও জিলাৰ ফৌজদাৰীপট্টিত জন্ম গ্ৰহণ কৰে। সূৰ্যকুমাৰ ভূঞাৰ পিতৃৰ নাম ৰবিলাল ভূঞা আৰু মাতৃৰ নাম ভুৱনেশ্বৰী ভূঞা আছিল। তেওঁ সৰু হৈ থাকোঁতেই মাতৃৰ বিয়োগ হয়। ঊনবিংশ শতিকাৰ শেষৰফালে হোৱা ক’লাজ্বৰৰ সময়ছোৱাত তেখেতৰ পিতৃৰ দুই ভাতৃ কনকলাল ভূঞা আৰু মতিলালভূঞাৰ লগতে ভুৱনেশ্বৰী ভূঞাৰো মৃত্যু হয়।[2] সৰুৰে পৰা সূৰ্যকুমাৰ ভুঞাক পাহিতা আৰু লবিতা নামৰ দুগৰাকী আইতাকে লালন-পালন কৰিছিল। [3] তেওঁৰ পিতৃয়ে নগাঁও জিলাৰ মুখ্য জিলা দণ্ডাধীশ হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল।[2]

শিক্ষাসম্পাদনা কৰক

সূৰ্যকুমাৰ ভূঞাৰ বাল্যকালৰ শিক্ষা নগাঁও চহৰতে আৰম্ভ হৈছিল। ১৯০১ চনত তেখেতে নগাওঁ চৰকাৰী হাইস্কুলত অষ্টমমান শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও পাছলৈ পিতৃৰ চাকৰিসূত্ৰে বদলি হোৱাত তেওঁলোকৰ পৰিয়াল ১৯০৪ চনত শ্বিলঙলৈ যায়। তাতে তেখেতে ১৯০৯ চনত শ্বিলং চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখ্য যে ‘আহোমৰ দিন’ গ্ৰন্থখন ভূঞাই ১৯০৯ চনত কটন কলেজত পঢ়িবৰ বাবে এণ্ট্ৰেস পৰীক্ষা দি আজৰি পোৱা সময়ছোৱাত লিখিছিল। সেইবাৰেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ "জুনিয়ৰ বৃত্তি" আৰু "ভিক্টোৰিয়া মেম’ৰিয়েল সোণৰ পদক" লাভ কৰে।[2] তেখেতে ১৯০৯ চনত কটন কলেজৰ আই.এ শ্ৰেণীত নামভৰ্তি কৰে আৰু ১৯১১ চনত কটন কলেজৰপৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। এইদৰে উত্তীৰ্ণ হৈ তেখেতে‘দীপৰু মেধি ৰূপৰ স্মৃতি পদক’ আৰু ‘আনন্দৰাম বৰুৱা বঁটা’ লাভ কৰিছিল।[2] ইয়াৰোপৰি তেওঁ পঁচিশটকীয়া এটা প্ৰতিযোগিতামূলক বৃত্তিও লাভ কৰিছিল।

এই সময়ছোৱাতে তেখেত নগাঁৱত কিছুদিন থাকিছিল আৰু নগাঁৱৰ ছাত্ৰ সকলৰ বাবে থকা হিতসাধিনী সভাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতৰ লগত সহযোগ কৰা ব্যক্তিসকল ক্ৰমে- দেৱানন্দ ভঁৰালী, কালিৰাম মেধি, শৰৎ চন্দ্ৰ গোস্বামী, পণ্ডিত তৰানাথ চক্ৰৱৰ্তী কাব্যবিনোদ, হৰিনাৰায়ণ দত্তবৰুৱা আৰু কমলাকান্ত বৰুৱা। তেখেতে ১৯১৩ চনত কলিকতাৰ ‘প্ৰেচিডেন্সি কলেজ’ৰ পৰা দ্বিতীয় শ্ৰেণীত স্নাতক আৰু ১৯১৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯২৪ চনত তেখেতে ‘বি এল’ সন্মান লাভ কৰে।[1] ১৯১৭ চনত ভূঞাক বালিগাঁৱৰ সংস্কৃত টোলৰ পৰা ‘বিদ্যা-ভূষণ’ উপাধি প্ৰদান কৰা হৈছিল। [4] তেখেত কটন কলেজৰ অধ্যাপক হৈ থাকোঁতেই দুবছৰৰ বাবে ছুটী লৈ বিলাতলৈ যাত্ৰা কৰে আৰু অধ্যাপক হেনৰু হাৱাৰ্ড ডডৱেলৰ তত্ত্বাবধানত গৱেষণা আৰম্ভ কৰে। তেখেতে ১৯৩৮ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। গৱেষণাৰ বিষয় আছিল-'A History of The relations of Assam With The East India Company From 1771 to 1826'. সুদীৰ্ঘ এঘাৰ বছৰৰ পাছত এই গৱেষণা গ্ৰন্থখন ‘Anglo Assamese Relations’ নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ হৈছিল। ইয়াৰ কেইবছৰ মানৰ পাছত ১৯৫১ চনত ভূঞাই বুৰঞ্জীমূলক অমূল্য গ্ৰন্থৰাজি সংগ্ৰহ, সম্পাদনা কৰাৰ বাবে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ‘ডি-লিট’ উপাধি লাভ কৰিবলৈ সমৰ্থ হয়।

সংসাৰসম্পাদনা কৰক

সূৰ্য্যকুমাৰ ভূঞাই শিক্ষা গ্ৰহণৰ মাজতে ১৯১৭ খ্ৰীষ্টাব্দত ১৪ ফেব্ৰুৱাৰীত বিয়া কৰায়। লখিমপুৰ জিলাৰ গড়েহগা গাঁৱৰ বিনন্দ চন্দ্ৰ ভূঞাৰ তৃতীয় কন্যা লক্ষেশ্বৰী ভূঞাৰ লগত বিবাহ সম্পন্ন হৈছিল। বিয়াৰ পিছদিনা ভূঞাই তেওঁৰ পত্নীক এখন কবিতাৰ পুথি হাতত তুলি দি কৈছিল,- “লোৱা এয়ে তোমাৰ সম্পত্তি।" তেতিয়া তেওঁৰ পৰিবাৰে কিতাপখন শিৰত তুলি লৈ ক'লে- “এয়ে মোৰ জীৱনৰ প্ৰথম নিৰ্মালি।”[5] তেওঁৰ পৰিবাৰৰ উক্তিৰ পৰাই কবিতাপুথিখনৰ নাম 'নিৰ্মালি' হয়। ভূঞাৰ পুত্ৰ-কন্যাৰ সংখ্যা হ’ল ৬জন। তেওঁলোক হ’ল- পাৰ্বতী কুমাৰ ভূঞা, ভৱানী কুমাৰ ভূঞা, বিজয় কুমাৰ ভূঞা আৰু কন্যা সন্তান ক্ৰমে-শুৱলা ভূঞা, শীতলা ভূঞা আৰু কমলী ভূঞা।[6]

কৰ্ম জীৱনসম্পাদনা কৰক

সূৰ্যকুমাৰ ভূঞাই ১৯১৬ চনৰ শেষলৈকে বেজবৰুৱা হাইস্কুলত ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে কেইমাহমান আৰু ১৯১৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯১৮ চনৰ মাৰ্চ মাহলৈকে যোৰহাট বেপ্টিষ্ট মিছন হাইস্কুলত কাম কৰিছিল।[2] পৰৱৰ্তী সময়ত ১৯১৮ চনৰ ৪ জুলাইত কটন কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে তেখেতে যোগদান কৰে। সূৰ্যকুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথম অসমীয়া অধ্যাপক। প্ৰায় ৩০ বছৰ কাল তেখেতে কটন কলেজত অধ্যাপনা কৰিছিল। অসমত ১৯১২ চনত কামৰূপ অনুসন্ধান সমিতিৰ জন্ম হৈছিল আৰু ভূঞা সেই বছৰতে সমিতিখনৰ সদস্য হৈছিল। ১৯২২ চনত প্ৰথম আৰু ১৯২৬ চনত দ্বিতীয়বাৰৰ বাবে তেখেত এই সমিতিৰ সম্পাদক ৰূপে নিয়োজিত হৈছিল।[2] ১৯২৪ চনৰপৰা ১৯২৭ চনলৈকে তেখেত গুৱাহাটী পৌৰ সভাৰ চৰকাৰী মনোনীত সদস্য আছিল। ১৯২৮, ২৯ চনত তেখেতে কটন কলেজৰ আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। সেইদৰে তেখেত কটন কলেজৰ ছাত্ৰাৱাস ‘কস্মোপলিটান’ৰ অধ্যক্ষ আছিল।

তেখেতে নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন আৰু অধ্যাপনা কৰাৰ উপৰি বিবিধ ৰাজহুৱা কামত আত্মনিয়োগ কৰিছিল। ১৯২৬ খ্ৰীষ্টাব্দত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনৰ বুৰঞ্জী শাখাত সূৰ্য্যকুমাৰ ভূঞাই সভাপতিত্ব কৰিছিল। ১৯২৮ খ্ৰীষ্টাব্দৰ ২৫ জুনত গুৱাহাটীত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ স্থাপন কৰা হয়। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ সূৰ্য্যকুমাৰ ভূঞাৰ সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভ।[7] সূৰ্য্যকুমাৰ ভূঞা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ উপ-সঞ্চালক পদতো আছিল। ১৯২৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৫৭ খ্ৰীষ্টাব্দলৈকে তেওঁ এই বিভাগৰ লগত জড়িত আছিল। ভূঞাৰ যত্নতে বিভাগৰ প্ৰত্যেকটো মৌলিক দিশ সংগ্ৰহ, সংৰক্ষণ, গৱেষণা আৰু প্ৰকাশনৰ কাম আগবাঢ়িছিল। এই বিভাগৰ বহুতো মূল্যৱান দুষ্প্ৰাপ্য পুথি-পাজি এই কালছোৱাৰ ভিতৰত সংগৃহীত হৈ বিভাগৰ মূল বুনিয়াদৰ সৃষ্টি হৈছিল, লগতে প্ৰকাশন আৰু গৱেষণা এই দুটা দিশতো বিভাগটোৱে গা কৰি উঠিছিল।[8] উল্লেখযোগ্য যে ভূঞাৰ প্ৰচেষ্টা আৰু ঐকান্তিকতাৰ ফলতেই গুৱাহাটীত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ স্থাপন হৈছিল। ব্ৰিটিছ চৰকাৰৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৰ সমুদায় কৃতিত্ব সূৰ্য্যকুমাৰ ভূঞাৰ। [9]

ভাৰতীয় ৰেকৰ্ড কমিচনৰ সদস্য হৈ ১৯২৯ খ্ৰীষ্টাব্দত গোৱালিয়ৰত অনুষ্ঠিত ৰেকৰ্ড কমিচনৰ দ্বাদশ অধিবেশনত তেখেতে যোগদান কৰিছিল। ১৯৩৫ খ্ৰীষ্টাব্দত জন্মলাভ কৰা ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ লগতো ভূঞা জন্মলগ্নৰে পৰা জড়িত। ১৯৩৫ খ্ৰীষ্টাব্দত পুনাত অনুষ্ঠিত ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ প্ৰথম অধিবেশনত যোগদান কৰিছিল।

১৯৪১ খ্ৰীষ্টাব্দত অসম উপত্যকাৰ স্কুল পৰিদৰ্শক হিচাপে সূৰ্য্যকুমাৰ ভূঞাই নিযুক্তি লাভ কৰিছিল। পৰিদৰ্শক হিচাপে ভূঞাৰ কাৰ্যকাল দুমাহ একৈশ দিন যদিও এই কালছোৱাত তেওঁ পৰিদৰ্শন কৰা স্কুলৰ সংখ্যা ৪০ খন। ১৯৪৮ চনৰপৰা ভূঞা অসমৰ শিক্ষাধিকাৰ হিচাপে নিযুক্ত হয়। সূৰ্য্যকুমাৰ ভূঞা কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ। অৱশ্যে অধ্যক্ষ স্বৰূপে তেওঁৰ নিযুক্তি অস্থায়ী আছিল। অধ্যক্ষ ‘আৰ. আৰ. থমাচ’ৰ অনুপস্থিতিত ভূঞাই ১৯৪৬ খ্ৰীষ্টাব্দৰ ২২ জুলাইৰ পৰা ১৬ আগষ্টলৈ মাত্ৰ ২৬ দিনৰ বাবে অধ্যক্ষৰ কাৰ্য্যৰ্ভাৰ গ্ৰহণ কৰিছিল। ১৯৪৭ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহত দ্বিতীয়বাৰ ভুঞা স্থায়ীভাৱে অধ্যক্ষ নিযুক্ত হৈছিল। কিন্তু বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ স্থায়ী সঞ্চালক স্বৰূপে কাৰ্যনিবাহ কৰাৰ বাবে তেওঁ কটন কলেজৰ অধ্যক্ষৰ পদ গ্ৰহণ নকৰিলে। [10] অধ্যক্ষ স্বৰূপে ভূঞাৰ কাৰ্যকাল অস্থায়ী আৰু চমু যদিও ভালেকেইটা উল্লেখযোগ্য কাম এই কালছোৱাত সম্পন্ন হয়। ভূঞাই শিক্ষক আৰু ছাত্ৰৰ মাজত ব্যক্তিগত সম্বন্ধ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত কটন কলেজত আই.এছ.চি. আৰু বি.এছ.চি. ৰ আসন সীমিত আছিল। অধ্যক্ষ ভূঞাই আসন বঢ়াবৰ বাবে চৰকাৰক টানি অনুৰোধ জনাইছিল। অসমৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী (বৰ্তমান মুখ্যমন্ত্ৰী) গোপীনাথ বৰদলৈয়ে সকলো দিশ আলোচনা কৰি আই.এছ.চি. ৰ আসন ১৪৪ৰ ঠাইত ২১৪ আৰু বি.এছ.চি.ৰ আসন ৩৬ৰ ঠাইত ৪১ লৈ বৃদ্ধি কৰিলে। ভূঞাই কলেজৰ আন আন অভাৱ অভিযোগ সমূহৰ প্ৰতি প্ৰধানমন্ত্ৰী বৰদলৈৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ভূঞাই কটন কলেজৰ পুথিভঁৰালৰ বাবে আঢ়ৈলাখ টকাৰ এখন নতুন আঁচনি প্ৰস্তুত কৰিছিল। ১৯৪৭ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত অসম চৰকাৰে সূৰ্য্যকুমাৰ ভূঞাক “বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়া” হিচাপে নিয়োগ কৰিছিল। শিক্ষা বিভাগৰ বিশেষ বিষয়া স্বৰূপে তেওঁৰ প্ৰধান কাম হ'ল আগন্তুক পৰীক্ষা সম্বন্ধে কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰা। সূৰ্য্যকুমাৰ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী বিশেষ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। [11]

ভূঞাই বিভিন্ন স্থান আৰু সময়ত বিভিন্ন চাকৰি কৰি ১৯৪৯ চনত অসমৰ শিক্ষাধিকৰৰূপে অৱসৰ গ্ৰহণ কৰে। ১৯৪৬ চন পৰ্যন্ত সূৰ্যকুমাৰ ভূঞা কটন কলেজৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল। কটন কলেজৰ অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰা তেওঁৱেই আছিল প্ৰথম অসমীয়া।[12] আজীৱন বুৰঞ্জী চৰ্চা কৰা ভূঞাই ১৯৫২ চনত গোৱালিয়ৰত অনুষ্ঠিত ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ আধুনিক বুৰঞ্জী শাখাৰ সভাপতিৰ আসনত উপবিষ্ট হৈছিল। ১৯৫২ চনতে তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। কাৰ্যকাল আছিল ১৫৫২ চনৰ ১৩ মে’ৰ পৰা ১৯৫৪ চনৰ ১ এপ্ৰিললৈকে। তেখেত ১৯৫৩ চনৰ ৮ নৱেম্বৰত অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনত সভাপতি হয়।

১৯৫৩ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জী প্ৰণয়ন আঞ্চলিক সমিতিৰ সদস্য হিচাপেও তেখেত নিযুক্ত হয়। সেইদৰে তেখেত ১৯৫৫ চনত ভাৰতীয় হিষ্টৰিকেল ৰেকৰ্ড কমিচনৰ আঞ্চলিক অনুসন্ধান সমিতিৰ সভাপতি নিৰ্বাচিত হৈছিল। ভাৰতীয় সংবিধানখন অসমীয়ালৈ অনুবাদ কৰা কমিটিখনৰো সভাপতি আছিল ভূঞা। তেখেত ১৯৫৭ চনৰপৰা ১৯৬০ চনৰ ২২ ফেব্ৰুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত আছিল। তেওঁৰ কাৰ্যকালতে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটীৰপৰা জালুকবাৰীলৈ স্থানান্তৰ কৰা হয়।[13]

ভূঞাদেৱে ১৯৩৬ চনত ব্ৰিটিছ চৰকাৰৰপৰা ৰায়বাহাদুৰৰ খিতাপ লাভ কৰিছিল। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাতা ভূঞাদেৱে ১৯৫৬ চনত ভাৰত চৰকাৰপদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়।[1]

মৃত্যুসম্পাদনা কৰক

১৯৬৪ চনৰ ৫ জুলাই তাৰিখে ছাত্ৰীবাৰীস্থিত আমেৰিকান বেপ্টিষ্ট মিছন হস্পিতালত ৭০ বছৰ বয়সত ড° সূৰ্য কুমাৰ ভূঞাৰ দেহাৱসান ঘটে। তেওঁ ইহসংসাৰত পত্নী লক্ষেশ্বৰী ভূঞা, তেওঁৰ ৩জন পুত্ৰ আৰু তিনিগৰাকী কন্যাৰ লগতে কেইবাজনো নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়।[2]

সাহিত্য কৰ্মসম্পাদনা কৰক

তেখেতে উচ্চমাধ্যমিক বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হওঁতে ভূঞাই টেনিছনৰ লকছলি হিলৰ আধাৰত কিছুসংখ্যক পংক্তি ৰচনা কৰিছিল। , "য়ে চন্স অফ ইংলেণ্ড" শীৰ্ষক এই পংক্তিসমূহ চেঞ্চুৰী ৰিভিউত প্ৰকাশ পাইছিল আৰু ই বহুলভাৱে প্ৰশংসিত হৈছিল। কলিকতাত ভূঞাই অধ্যাপক হোৱাৰ সপোনক লালন-পালন কৰাৰ সুযোগ আৰু আনন্দৰাম বৰুৱাৰ জীৱনী সংকলনৰ সুবিধা লাভ কৰিছিল।[2] পঢ়ি থকা কালতে তেওঁ আহোমৰ দিন গ্ৰন্থখন ৰচনা কৰিছিল আৰু পদ্মনাথ গোহাঞিবৰুৱাঊষাত তেওঁৰ কিছুসংখ্যক কবিতা আৰু অন্যান্য লেখা প্ৰকাশ পাইছিল। তেওঁ ১৯১৮ চনত নিৰ্মালি নামৰ কাব্য সংকলন প্ৰকাশ কৰে। তাৰ পিছত ১৯২০ চনত বৈষ্ণৱ কাব্যৰ আৰ্হিত ঐতিহাসিক আখ্যান জয়মতী উপাখ্যান প্ৰকাশ কৰে।[2] তেওঁৰ সাহিত্যকৰ্ম কিছুমান তলত উল্লেখ কৰা হ’ল:

কবিতা সংকলন
  1. সু আৰু কু
  2. নিৰ্মালি, (১৯১৮)
প্ৰবন্ধ সংকলন
  1. আহোমৰ দিন, (১৯১৮)
  2. বৰফুকনৰ গীত, (১৯২৪)
  3. তুংখুঙ্গীয়া ফৈদৰ কনাংক
  4. পুৰণি অসম বুৰঞ্জী
  5. অহোম ৰজাৰ মৈদাম
  6. অসমীয়া চনেট কবিতা
  7. সাহিত্যৰ মূল কথা
  8. অনিৰুদ্ধৰ প্ৰতি উষা
  9. সপ্তম এডৱাৰ্ডৰ স্বৰ্গাৰোহণ
গল্প সংকলন
  • পঞ্চমী (১৯২৭)
ভ্ৰমণ কাহিনী
  • ইউৰোপ যাত্ৰা
জীৱনী সংকলন
  1. গোপাল কৃষ্ণ গোখেল, (১৯১৬)
  2. আনন্দৰাম বৰুৱা, (১৯২০)
  3. ৰবীন্দ্ৰনাথ ঠাকুৰ, (১৯২০)
  4. জোনাকী, (১৯২৮)
  5. চানেকি, (১৯২৮)
  6. অসম জীয়ৰী, (১৯৩৫)
  7. হৰিহৰ আতা, (১৯৬০)
  8. স্বৰ্গদেউ গদাধৰ সিংহ,
  9. হাজী মহম্মদ মহসীন,
  10. আনন্দৰাম ঢেকীয়াল ফুকন,
  11. জগন্নাথ বৰুৱা,
  12. মাণিকচন্দ্ৰ বৰুৱা,
  13. হৰিনাথ দে,
  14. দ্বিজেন্দ্ৰলাল ৰয়,
  15. গুৰুদাস বন্দোপাধ্যায়,
  16. হেমচন্দ্ৰ গোস্বামী,
  17. মোমাই তামোলী বৰবৰুৱা,
  18. চাৰ এডৱাৰ্ড গেইট,

গ্ৰন্থ সংকলন/সম্পাদনা
  1. জয়মতী উপাখ্যান, (১৯২০)
  2. অসম বুৰঞ্জীৰ কথা,(১৯৩৯)
  3. কোঁৱৰ বিদ্ৰোহ (১৯৪৮),
  4. বুৰঞ্জীৰ বাণী (১৯৫১),
  5. ৰমণী গাভৰু (১৯৫১),
  6. বুৰঞ্জীমূলক প্ৰবন্ধাৱলীৰ তালিকা (১৯৫৫),
  7. মীৰজুমলাৰ অসম আক্ৰমণ (১৯৫৬),
  8. ত্ৰিপদী, (১৯৫৯)
  9. ৰাজেশ্বৰ সিংহ, (১৯৭৪)
  10. শৰাইঘাটৰ সুবচনী, (১৯৬৩)
  11. কছাৰী বুৰঞ্জী, (১৯৩৬)
  12. পাদশ্যাহ বুৰঞ্জী, (১৯৩৬)
  13. জয়ন্তীয়া বুৰঞ্জী, (১৯৩৭)
  14. সাতসৰী অসম বুৰঞ্জী, (১৯৬০)
  15. ত্ৰিপুৰা বুৰঞ্জী,(১৯৩৮)
  16. অসমৰ পদ্য বুৰঞ্জী,(১৯৩৩)
  17. দেওধাই অসম বুৰঞ্জী, (১৯৩২)
  18. শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ তুংখুঙ্গীয়া বুৰঞ্জী, (১৯৩২)
  19. কামৰূপৰ বুৰঞ্জী, (১৯৩০)
  20. হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী, (১৯৩০)
  21. সুকুমাৰ মহন্তৰ ঘৰত পোৱা ‘অসম বুৰঞ্জী’, (১৯৪৫)
  22. ৰাজেশ্বৰ সিংহ,
  23. বঞ্চিত,
  24. অন্তিম,
  25. জননী,
  26. বঙলা চনেট,
  27. বঙালী ভাষায় আসামেৰ ইতিহাস (বঙালী)
  28. অবসানে আহোম ৰাজত্ব,
  29. কাব্যৰসিক বৈজ্ঞানিকেৰে আত্মচৰিত।
  30. য়ুৰোপত অসমৰ জ্যোতিষ সূত্ৰ

ইংৰাজী গ্ৰন্থ
  1. An Assamese Nurjahan, (1926)
  2. Early British Relation With Assam, (1928)
  3. Tungkhungia Buranji, (1933)
  4. Assamese Historical Literature, (1928)
  5. Assamese Literature Ancient and Modern, (1936)
  6. An Account of Assam, (1940)
  7. Preliminary Report on the old Record at Assam Secretariat, (1931)
  8. Lachit Barphukan and his Times, (1947)
  9. Annal of Delhi Badsahai, (1947)
  10. Anglo Assamese Relations-171-1826, (1937)
  11. The Seven Hinderances (1953),
  12. Atan Buragohain and his Times (1937),
  13. Biblography of the Works of Dr. S.K. Bhuyan, (1951)
  14. Some Literary Reminiscences, (1954)
  15. Studies in the Literature of Assam, (1955)
  16. Man Have Met, (1962)
  17. Two Years in Parliament,
  18. Quintessence And Experience,
  19. London Memories,
  20. Studies in the History of Assam,
  21. An Assamese Miscellany[14]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ৬৯, ৭০. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 "Life Sketch of Dr. S. K. Bhuyan". suryyakumarbhuyan.com. http://www.suryyakumarbhuyan.com/ssc/life_sketch.php। আহৰণ কৰা হৈছে: 21 June 2022. 
  3. নন্দ তালুকদাৰ, সূৰ্যকুমাৰ ভূঞা, পৃষ্ঠা-২৬
  4. নন্দ তালুকদাৰ, সূৰ্যকুমাৰ ভূঞা, পৃষ্ঠা-৩২
  5. পদ্মনাথ গোহাঞি বৰুৱা,সম্পা. জীৱনী সংগ্ৰহ, পৃষ্ঠা-৩১০
  6. বিজয় কুমাৰ ভূঞা, সম্পা. মোৰ জীৱন দৰ্শন, ড° সূৰ্যকুমাৰ ভূঞা, পৃষ্ঠা-২৭
  7. নন্দ তালুকদাৰ, সূৰ্যকুমাৰ ভূঞা, পৃষ্ঠা-২০৪
  8. কনক চন্দ্ৰ ডেকা আৰু ৰঞ্জিত কুমাৰ শৰ্মা, সম্পা, সূৰ্যকুমাৰ ভূঞাৰ ব্যক্তিত্ত্বৰ জিলিকনি,পৃষ্ঠা-৬৪
  9. ৰূপকোঁৱৰৰপৰা জ্যোতিপ্ৰসাদলৈ, লেখক- লক্ষ্মীনাথ ফুকন লয়াৰ্ছ বুক ষ্টল,পঞ্চম প্ৰকাশ,২০১২, পৃষ্ঠা-১১৩
  10. ৰূপকোঁৱৰৰপৰা জ্যোতিপ্ৰসাদলৈ, লেখক- লক্ষ্মীনাথ ফুকন লয়াৰ্ছ বুক ষ্টল,পঞ্চম প্ৰকাশ,২০১২, পৃষ্ঠা-১১৩
  11. আকচাদ আলী মীৰ, ড° সূৰ্যকুমাৰ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠান নেপথ্যৰ নায়কজন, আমাৰ অসম, পৃষ্ঠা-৪-
  12. কটন কলেজৰ ৱেবছাইটত অধ্যক্ষসকলৰ তালিকা, আহৰণৰ তাৰিখ: ০৭-০৬-২০১৩
  13. আকচাদ আলী মীৰ, ড° সূৰ্যকুমাৰ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠান নেপথ্যৰ নায়কজন, আমাৰ অসম, পৃষ্ঠা-৪-
  14. "Books". suryyakumarbhuyan.com. http://www.suryyakumarbhuyan.com/ssc/book.php। আহৰণ কৰা হৈছে: 21 June 2022.