চণ্ডাল

হিন্দু সমাজত বহিষ্কৃত

চণ্ডাল হৈছে মৃতদেহ সৎকাৰৰ সৈতে সম্পৰ্কিত ব্যক্তিক বুজাবলৈ ব্যৱহৃত এক সংস্কৃত শব্দ, বা এজন হিন্দু নিম্ন বৰ্ণৰ লোকক বুজাবলৈ ব্যৱহাৰ হোৱা অভিধা।[1] পৰম্পৰাগতভাৱে চণ্ডাল সকলক অস্পৃশ্য বুলি গণ্য কৰা হয়।[2][3]

এই জাতিৰ এগৰাকী মহিলা সদস্যক চণ্ডালী বুলি জনা যায়।

ইতিহাস সম্পাদনা কৰক

বৰ্ণ হৈছে প্ৰাচীন ভাৰতীয় বেদৰ আধাৰত সজ্জিত শ্ৰেণীবদ্ধ সামাজিক শৃংখলা। যিহেতু বেদ সমূহ প্ৰাচীনতম সাহিত্যিক উৎস, ইয়াক জাতি সমাজৰ উৎপত্তিৰ উৎস হিচাপেও গণ্য কৰা হয়। জাতিগত দৃষ্টিভংগীৰ ফালৰ পৰা, এটা নিৰ্দিষ্ট আনুষ্ঠানিকতাৰ মাজেৰে বৰ্ণ সমূহৰ সৃষ্টি কৰা হৈছিল আৰু বৰ্তমানলৈকে এই সমূহ প্ৰায় অপৰিৱৰ্তিত হৈ আছে। সমাজৰ এই ক্ৰমত, বিশুদ্ধতা আৰু প্ৰদূষণৰ ধাৰণাবোৰ কেন্দ্ৰীয় আছিল, আৰু এই সন্দৰ্ভত বৰ্ণ অনুযায়ী কাৰ্যকলাপ সমূহৰ বৰ্ণনা কৰা হৈছিল। বৰ্ণই সমাজক চাৰিটা গোটত বিভক্ত কৰে যিবোৰ পদানুক্ৰমত ভাগ কৰা হয়; ইয়াৰ বাদে, প্ৰণালীৰ বাহিৰত, অস্পৃশ্য বুলি জনাজাত পঞ্চম স্থানত এটা গোট আছে, যাৰ ভিতৰত চণ্ডাল সকল এক উপ অংগ হৈ পৰিছিল।[4]

চাৰিগুণ বৰ্ণ বিভাজনৰ প্ৰথম উল্লেখ পৰৱৰ্তী সময়ত ঋকবেদত পোৱা যায়। বৈদিক সাহিত্যত অযোগৱ, পৌল্কস, চণ্ডাল, আৰু নিশাদৰ দৰে কিছুমান গোটৰ কথাও উল্লেখ কৰা হৈছে যিবোৰ চাৰি বৰ্ণ শ্ৰেণীবিভাজনৰ বাহিৰত আছিল। তেওঁলোকক 'পঞ্চম' বৰ্ণৰ অন্তৰ্ভুক্ত বুলি কোৱা হয়। যজুৰ্বেদত বৰ্ণ শ্ৰেণীৰ পৰা তেওঁলোকৰ অৱনতিৰ কথা উল্লেখ কৰা হৈছে, বিশেষকৈ চণ্ডাল গোটৰ কথা উল্লেখ কৰি, এই সকক শুদ্ৰ পুৰুষ আৰু ব্ৰাহ্মণ মহিলাৰ মাজত মিলনৰ ফলত জন্ম গ্ৰহণ কৰা লোকৰ অস্পৃশ্য শ্ৰেণী বুলি কোৱা হৈছে।[2]

পৰৱৰ্তী ঋকবেদীয় সাহিত্যত বনবাসীসকলৰ বিষয়ে সঘনাই উল্লেখ কৰা হৈছে; চণ্ডাল সকল এই আদিম লোকসকলৰ মাজৰ এজন আছিল বুলি কোৱা হৈছে।

ভাৰতত, বংগৰ বাহিৰে, চণ্ডাল শব্দটো পৰম্পৰাগত ভাৱে এজন হীন বা নিম্ন ব্যক্তিৰ ক্ষেত্ৰত এক নিৰপেক্ষ প্ৰসংগ ৰূপেও ব্যৱহাৰ কৰা হয়।[1][5]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 Viswanath, Rupa (2014). The Pariah Problem: Caste, Religion, and the Social in Modern India. Columbia University Press. পৃষ্ঠা. 268. ISBN 978-0-23116-306-4. https://books.google.com/books?id=EP4YBQAAQBAJ&pg=PA268. 
  2. 2.0 2.1 Chandrashekhar Bhat (1984). Ethnicity and Mobility. Concept publishing. পৃষ্ঠা. 2–3. https://books.google.com/books?id=Qer2LrGuP44C&pg=PA3. 
  3. S. M. Michael (1999). Untouchable: Dalits in Modern India. Lynne Rienner Publishers. পৃষ্ঠা. 3–4. ISBN 9781555876975. https://books.google.com/books?id=Ur3mgfASI7AC&pg=PA3. 
  4. Thapar, Romila (2004). Early India: From the Origins to AD 1300. University of California Press. পৃষ্ঠা. 63, 511. ISBN 978-0-52024-225-8. https://books.google.com/books?id=-5irrXX0apQC&pg=PA63. 
  5. Biswas, A. K. (2000). The Namasudras of Bengal: profile of a persecuted people. Blumoon Books. পৃষ্ঠা. viii. ISBN 9788187190431. https://books.google.com/books?id=Z15uAAAAMAAJ.