চন্দন ৰয়

ভাৰতীয় অভিনেতা

চন্দন ৰয়(জন্ম:২০ ডিচেম্বৰ,১৯৯৫) এগৰাকী ভাৰতীয় অভিনেতা। The Viral Fever ৰ দ্বাৰা নিৰ্মিত পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক) ৰ দ্বাৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।[1] দীপক কুমাৰ গুপ্তাৰ দ্বাৰা পৰিচালিত ৱেব ছিৰিজ খনত ৰয়ে প্ৰবীণ অভিনেতা ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, জীতেন্দ্ৰ কুমাৰ আদিৰ সৈতে বিকাশ শুক্লাৰ চৰিত্ৰত অভিনয় কৰিছে। ৱেব ছিৰিজ খনত অভিনয় কৰাৰ পিছৰে পৰা তেওঁ দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা সমালোচনাত্মক মূল্যায়ন লাভ কৰিছে।

চন্দন ৰয়
নেটফ্লিক্সৰ ছোনাত চন্দন ৰয়
জন্ম ২০ ডিচেম্বৰ, ১৯৯৫ (২৮ বছৰ)
মহনাৰ, বিহাৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান পাটনা বিশ্ববিদ্যালয়
ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠান, দিল্লী
পেচা অভিনেতা
জনা যায় পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)


প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

চন্দন ৰয়ৰ ঘৰ বিহাৰমহনাৰৰ এখন গাঁৱত। স্কুলীয়া দিনত তেওঁ স্কুলৰ নাটক আৰু সামূহিক অনুষ্ঠানত অভিনয় কৰিছিল, যাৰ ফলত অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ়ি উঠিছিল। তাৰ পিছত ৰয়ে পাটনা বিশ্ববিদ্যালয়ৰ পৰা গণ যোগাযোগত স্নাতক ডিগ্ৰী লাভ কৰাৰ উদ্দেশ্যে পাটনালৈ যায়।[2] পাটনাত তেওঁ কলেজৰ থিয়েটাৰ চাৰ্কিটৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল, বাটৰ নাট পৰিৱেশন কৰিছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানত নামভৰ্তি কৰে আৰু ৰেডিঅ' আৰু টেলিভিছনত ডিপ্ল'মা লাভ কৰে।[3]

কেৰিয়াৰ সম্পাদনা কৰক

ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী পোৱাৰ পিছত তেওঁ দৈনিক জাগৰণত সাংবাদিক হিচাপে কাম কৰিছিল। তদুপৰি ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানত থকা কালছোৱাত ৰয়ে দিল্লীত বাহৰুপ থিয়েটাৰ গ্ৰুপ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আৰু নেচনেল স্কুল অৱ ড্ৰামা আদিৰ সৈতে জড়িত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

জাগৰণত ডেৰ-দুবছৰ কাম কৰাৰ পিছত ৰয়ে চাকৰি এৰি ২০১৭ চনত মুম্বাইলৈ গুচি যায়।কিন্তু ২০১৯ চনত তেওঁ বিকাশ শুক্লাৰ চৰিত্ৰত পঞ্চায়তত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে জনপ্ৰিয় হৈ পৰে।

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

Key
  "বৰ্তমানলৈকে মুক্তি নাইপোৱা" এই অৰ্থত বুজোৱা হৈছে।

ফিল্ম সম্পাদনা কৰক

বৰ্ষ ফিল্ম চৰিত্ৰ টোকা Ref.
২০২০ জামুন দিনো [4]
২০২১ State of Siege: Temple Attack মহচিন A ZEE5 original film
সনক ৰিয়াজ আহমেদ মটলেকাৰ
হনক   জিল্লে [5]

ৱেব ছিৰিজ সম্পাদনা কৰক

বৰ্ষ শিৰোনাম চৰিত্ৰ মাধ্যম Ref.
২০২০ পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক) বিকাশ শুক্লা এমাজন প্ৰাইম ভিদিঅ' [6]
২০২১ হোষ্টেল ডেজ ছিজন ২ সন্তোষ এমাজন প্ৰাইম ভিদিঅ' [7]
২০২২ চুনা  বিষ্ণু নেটফ্লিক্স [8]
পঞ্চায়ত ছিজন ২ বিকাশ শুক্লা এমাজন প্ৰাইম ভিদিঅ'

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Mine is a filmy journey from village to here: Chandan Roy" (en ভাষাত). Hindustan Times. 3 August 2021. https://www.hindustantimes.com/entertainment/web-series/mine-is-a-filmy-journey-from-village-to-here-chandan-roy-101627999112760.html। আহৰণ কৰা হৈছে: 8 August 2021. 
  2. Joshi, Namrata (22 April 2020). "Panchayat's Chandan Roy: ‘The problems of poor farmers and workers is the same everywhere’" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/panchayats-chandan-roy-the-problems-of-poor-farmers-and-workers-is-the-same-everywhere/article31408686.ece. 
  3. "Know more about Chandan Roy and his journey from Vaishali to Mumbai" (en-US ভাষাত). PatnaBeats. 1 June 2020. Archived from the original on 8 August 2021. https://web.archive.org/web/20210808142343/https://www.patnabeats.com/know-more-about-chandan-roy-and-his-journey-from-vaishali-to-mumbai/। আহৰণ কৰা হৈছে: 8 August 2021. 
  4. (en-US ভাষাত) Jamun (2021) – IMDb, https://www.imdb.com/title/tt10755608/, আহৰণ কৰা হৈছে: 8 August 2021 
  5. (en-US ভাষাত) Hanak (2021) – IMDb, https://www.imdb.com/title/tt13521372/, আহৰণ কৰা হৈছে: 8 August 2021 
  6. "Chandan Roy: Panchayat’s set was like a school for me" (en ভাষাত). The Indian Express. 19 April 2020. https://indianexpress.com/article/entertainment/web-series/panchayat-chandan-roy-playing-vikas-6366449/। আহৰণ কৰা হৈছে: 8 August 2021. 
  7. (en-US ভাষাত) "Hostel Daze" Gandagi (TV Episode 2021) – IMDb, https://www.imdb.com/title/tt15000840/, আহৰণ কৰা হৈছে: 8 August 2021 
  8. "Jimmy Sheirgill, Namit Das to star in Netflix series Choona" (en ভাষাত). The Indian Express. 16 June 2021. https://indianexpress.com/article/entertainment/web-series/jimmy-sheirgill-namit-das-and-more-to-star-in-netflix-series-choona-7362054/। আহৰণ কৰা হৈছে: 8 August 2021.