চাংকেন
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
পঞ চাংকেন বা পয়চাংকেন (ইংৰাজী: Sangken) হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ নতুন বছৰক আদৰণি জনোৱা এক বসন্ত উৎসৱ।[2] টাই জনগোষ্ঠীৰ লোক ম্যানমাৰ, থাইলেণ্ড আদিতো বাস কৰে৷ ম্যানমাৰত বাস কৰা টাইসকলক শ্যান নামে জনা যায়৷ নতুন বছৰক আদৰা এই উৎসৱক ম্যানমাৰত ’ক্ৰুট সংক্ৰণ’, উত্তৰ থাইলেণ্ডত ’সংক্ৰান্তি’ আৰু মধ্য থাইলেণ্ডত ’মহ সংগ্ৰাম’ নামে জনা যায়৷ থেৰাৱাডী বৌদ্ধ সম্প্ৰদায়ৰ লোকে পৰম্পৰাগত এই উৎসৱ ইংৰাজী এপ্ৰিল মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ পালন কৰে। এই উৎসৱৰ উদযাপন আন বহুতো বৰ্ষপঞ্জীৰ নৱবৰ্ষাৰম্ভনিৰ সৈতে একে সময়তে পৰে। পয় চাংকেন উৎসৱ অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ, টাই খাময়াং, টাংছা, টাইফাকে, টাই আইটন, টাই আহোম আৰু টাই টুৰুং সম্প্ৰদায়ৰ লোকসকলে উৎসৱ পালন কৰে। চাংকেন উৎসৱ সাধাৰণতে খামতি চান্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ পঞ্চম মাহ 'নুয়েন হা' ('Nuean Ha')-ত পৰে। ৰোমান বৰ্ষপঞ্জী অনুসাৰে ই এপ্ৰিল মাহত সংঘটিত হয়। পুৰণি বছৰৰ শেষৰ দিনকেইটাত উদযাপিত হোৱা এই উৎসৱৰ অন্তিম দিনৰ পিছতেই নৱবৰ্ষৰ আৰম্ভণি ঘটে। এই উৎসৱৰ প্ৰকৃত উদ্দেশ্য, বছৰটোৰ অন্তত সভক্তি আৰু উল্লাসেৰে বৌদ্ধ বিহাৰসমূহত থকা মূৰ্তি আৰু পুথ-পাজিকে ধৰি আন আন সামগ্ৰীসমূহ বাহিৰলৈ উলিয়াই পৰিস্কাৰ কৰা৷[3]
চাংকেন | |
---|---|
সম্পূৰ্ণ নাম | চাংকেন উৎসৱ |
পালন কৰে | উত্তৰ পূব ভাৰতৰ খামতি জনগোষ্ঠী, চিংফৌ জনগোষ্ঠী, টাংছা জনগোষ্ঠী, টাই খাময়াং জনগোষ্ঠী, টাই আহোম জনগোষ্ঠী টাইফাকে জনগোষ্ঠী, টাই আইটন জনগোষ্ঠী |
প্ৰকাৰ | এছীয় |
মহত্ব | টাই বসন্ত উৎসৱ, খামতি নৱবৰ্ষ |
আৰম্ভ হয় | ১৩ এপ্ৰিল |
শেষ হয় | ১৫ এপ্ৰিল |
তাৰিখ | ১৩-১৫ এপ্ৰিল[1] |
উদযাপন | পানী চটিওৱা |
সম্পৰ্কিত | চংক্ৰান (থাইলেণ্ড), চাংকান (চীন) দক্ষিণ আৰু দক্ষিণ-পূৱ এছীয় সৌৰ নৱবৰ্ষ |
অৱধি | তিনি দিনীয়া |
সংঘটন | বাৰ্ষিক |
পয় চাংকেনৰ প্ৰস্তুতি
সম্পাদনা কৰকপয়চাংকেনৰ কিছুদিন আগৰে পৰা গাঁৱৰ ডেকা-গাভৰু-বয়োজ্যেষ্ঠ, জীয়াৰী-বোৱাৰীৰ গাত তৎ নোহোৱা হয়৷ ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি, চাউলৰ গুড়িৰে নানা পিঠ-পনা আৰু জা-জলপান প্ৰস্তুত কৰে৷ উৎসৱত পিন্ধিবলৈ কিছুদিন আগৰে পৰাই নিজে তাঁতত বৈ কাপোৰ তৈয়াৰ কৰে৷ ডেকাসকলে, কিছুদিন আগৰে পৰাই বিহাৰৰ চৌহদত এটা অস্থায়ী বিহাৰ সাজে৷ ৰং-বিৰঙৰ কাগজ কাটি আঠাৰে লগাই, বিহাৰটোৰ মাজত এখন বেদী সাজি এক বিশেষ কৌশলেৰে সৰু নাও এখন বান্ধি বুদ্ধ মূৰ্তিসমূহৰ গাত পানী পৰাৰ ব্যৱস্থা কৰা হয়৷ ইয়াক ক্যাংফ্ৰা বোলে৷[4] এই নাওখনৰ এটা মূৰত ভক্তসকলে পানী ঢালিলে, আনটো মূৰেৰে গৈ বুদ্ধ মূৰ্তিৰ গাত পৰে৷[5] পয় চাংকেনৰ আৰম্ভণিৰ দিনটোক ’পয় হেপ’ বোলে৷ সেইদিনা চাক্ৰিত বা চাগ্ৰেইট(পঞ্জিকা)ৰ সময় অনুযায়ী বুদ্ধ মূৰ্তিসমূহ বাহিৰলৈ আনি অস্থায়ী বেদীত স্থাপন কৰা হয়৷[6]
পয় চাংকেনৰ বিধি
সম্পাদনা কৰকচাংকেন উৎসৱৰ মুখ্য আকৰ্ষণ হৈছে পৰিষ্কাৰ পানীৰ ছটিওৱাৰ জৰিয়তে কৰা হৰ্ষ-আনন্দ। এই পানী ছটিওৱা পৰ্ব শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক হিচাপে বিবেচিত হয়।[7]নিৰ্দ্দিষ্ট দিনত বিহাৰৰ ঘণ্টাধ্বনি শুনাৰ লগে লগে সকলো গোট খাই গৌতম বুদ্ধৰ প্ৰতিচ্ছবি বা মূৰ্তি আচাৰানুষ্ঠানিক স্নানৰ বাবে শোভাযাত্ৰাৰে উলিয়াই নিয়া হয়। তাৰ পিছত অস্থায়ী বেদীত স্থাপন কৰি ৰাইজে বুদ্ধ, ধৰ্ম আৰু সংঘৰ নামত তিনিখন শৰাই আগবঢ়ায়৷ ভিক্ষুয়ে সেই শৰাই বেদীত উছৰ্গা কৰে৷ তাৰপিছত পুৰুষ-মহিলা দুটা শাৰীত ৰাইজে শোভাযাত্ৰা কৰি মূল বিহাৰলৈ আগবাঢ়ে৷ [8]এই শোভাযাত্ৰাত সাধাৰণতে ঢোল, নৃত্য আৰু হৰ্ষোল্লাসৰ পয়োভৰ থাকে। বুদ্ধদেৱৰ পৱিত্ৰ স্নান এক মাংগলিক কাৰ্যসূচী হিচাপে চিহ্নিত। প্ৰথম প্ৰধান ভিক্ষুৱে পানী ঢালি উৎসৱৰ শুভাৰম্ভণি কৰে আৰু তাৰ পিছত সকলোৱে বুদ্ধ মূৰ্তিত পানী ঢালে৷[9] উৎসৱ ৩ দিন ধৰি উদযাপিত হয় আৰু এই সময়চোৱাত অধিবাসীসকলে নিজৰ নিজৰ গৃহত কৰা পিঠা-পনা ইত্যাদি সকলোৰে মাজত বিলাই দিয়ে। ইজনে সিজনে উপহাৰ দিয়া পৰ্বও এই উৎসৱৰ আন এক অংশ। চাংকেনৰ উপৰিও খামতিসকলে বছৰৰ ভিন-ভিন সময়ত ভিন-ভিন উৎসৱ উদযাপন কৰে আৰু এইবোৰৰ ভিতৰত প'ই-পী-মাউ (টাই বা দাই নৱবৰ্ষ), মাই-কাচুং-ফাই, ফাও-ৱা, পৌৱাত-ৱা আদি উল্লেখনীয়।
বৌদ্ধ ধৰ্মাৱলম্বীলোকসকলৰ প্ৰত্যেক উৎসৱৰ উপলক্ষ বা উদযাপনৰ সৈতে বুদ্ধদেৱৰ নীতিসমূহ আৰু দীক্ষা সংপৃক্ত হৈ থাকে। তেওঁলোকৰ সকলো সামাজিক-সাংস্কৃতিক ক্ৰিয়াকলাপ ধৰ্মীয় লোকাচাৰেৰে সমৃদ্ধ। এই উৎসৱসমূহৰ সাৰমৰ্মই হৈছে মানুহৰ একত্ৰ সমাগমৰ যোগেদি তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ অন্তৰ্নিহিত মূল্যবোধসমূহৰ প্ৰসাৰ। বুদ্ধদেৱৰ অনুগামী হিচাপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল শান্তি আৰু ঐক্যৰ প্ৰয়াসী। চাংকেন উৎসৱৰ জৰিয়তে শান্তি, সমন্বয় আৰু ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰা হয়। তেওঁলোকৰ শিষ্টাচাৰ, শিল্পকুশলতা আৰু ৰন্ধনপ্ৰণালী আৰু ক্ৰীড়াৰ নিপুণতাও এই উৎসৱৰ মাধ্যমেৰে প্ৰকাশিত হয়।
টাইফাকে জনগোষ্ঠী অসমৰ আপেক্ষিকভাৱে কম পৰিচিত বৌদ্ধ ধৰ্মাৱলম্বী আন এক নৃগোষ্ঠীয় গোট।[10] ২০০০ জনতকৈও কম জনসংখ্যাৰ এই ক্ষুদ্ৰ জনগোষ্ঠীৰ অধিকাংশই গ্ৰামাঞ্চলৰ অধিবাসী। অৱশ্যে এই ক্ষুদ্ৰ জনসমষ্টিয়েও তেওঁলোকৰ অনন্য জীৱনশৈলী, পৰম্পৰা আৰু সংস্কৃতি বৰ্তাই ৰাখিবলৈ চেষ্টা চলাই আহিছে।
চাংকেন উৎসৱৰ তিনিদিন
সম্পাদনা কৰকচাংকেন আৰম্ভ হোৱাৰ আগেয়ে উৎসৱকালীন সময়ত বুদ্ধৰ মূৰ্তি ৰাখিবৰ বাবে 'কিয়ুংফ্ৰা' ('Kyongfra') নামৰ এক বিশেষ অস্থায়ী মঠ সজা হয়। চাংকেনৰ সময়ত 'লুংকং' ('Lungkong') নামৰ বিশেষভাৱে নিৰ্মিত এক পানীৰ ঝাৰ্ণাৰ জৰিয়তে 'কিয়ুংফ্ৰা'ত পানী ছটিওৱা হয়। 'কিয়ুংফ্ৰা'ত ৰখা বুদ্ধৰ বিগ্ৰহত পৰিষ্কাৰ আৰু সুগন্ধিযুক্ত পানী ছটিয়াই স্নান কৰোৱাৰ পিছত পবিত্ৰ পানী হিচাপে ভক্তসকলে আদৰেৰে গ্ৰহণ কৰে। চাংকেন উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। উৎসৱৰ প্ৰথম দিনা এক মাংগলিক সময়ত বুদ্ধৰ বিগ্ৰহ আৰু প্ৰতিচ্ছবি মঠৰ পৰা উলিয়াই আনি এক আচাৰানুষ্ঠানিক স্নান কৰাই 'কিয়ুংফ্ৰা'ত ৰাখি ঢোল আৰু কৰতালেৰে শোভাযাত্ৰা কৰিবলৈ নিয়া হয়। অনুগামীসকলে প্ৰাৰ্থনা কৰাৰ পিছত মন্দিৰত মিঠাই আৰু অন্যান্য খাদ্য সামগ্ৰী উৎসৰ্গা কৰে আৰু তাৰ পিছত সকলোৰে মাজত সেয়া বিতৰণ কৰে। লগতে ভক্তসকলে পৰস্পৰৰ মাজত পানী ছটিয়ায়। বোধিবৃক্ষ, পবিত্ৰ গ্ৰন্থৰ শৈলিক ৰজ্জু, চাউচাংফাউ-উপুক (Chausangphau-upuk), আৰু চম্মুকাথিং (Sammukathing) ইত্যাদি পবিত্ৰ উপকৰণসমূহতো পানী ছটিওৱা হয়। গোটেই বছৰজুৰি সৌভাগ্য, শান্তি আৰু ঐক্যৰ আশীৰ্বাদ আহ্বানেৰে ভিক্ষুকসকলৰ ওপৰতো পানী ছটিওৱা হয়। [11]
চাংকেন উৎসৱৰ অন্তিমদিনা এক নিৰ্দিষ্ট সময়ত বুদ্ধৰ বিগ্ৰহসমূহ আদিস্তানলৈ ঘূৰাই নিয়া হয় আৰু ইয়াৰ জৰিয়তে পুৰণি বৰ্ষৰ সমাপ্তি চিহ্নিত কৰা হয়। চাংকেন উৎসৱৰ জৰিয়তে পুৰণি বৰ্ষলৈ বিদায় আৰু নৱবৰ্ষলৈ উষ্ম আদৰণি জনোৱা হয়।
চাংকেন উৎসৱৰ পৰিসমাপ্তিত 'প'ই চাংকেন'ৰ সময়ত সামূহিক প্ৰাৰ্থনা আৰু ভোজেৰে নৱবৰ্ষক স্বাগতম জনোৱা হয়। এই দিনটোক নিষ্ঠা আৰু উৎসাহেৰে উদযাপন কৰা হয়। অংশগ্ৰহণকাৰীসকল মঠৰ প্ৰক্ষালন আৰু শুদ্ধিকৰণৰ বাবে বৌদ্ধবিহাৰলৈ যাত্ৰা কৰে। এই উৎসৱৰ জৰিয়তে বুদ্ধক উপাসনাৰ জৰিয়তে মানৱজাতিৰ কল্যাণ আৰু সমৃদ্ধি কামনা কৰা হয়।
অন্য স্থানত চাংকেন
সম্পাদনা কৰকউত্তৰ পূৱ ভাৰতৰ বাহিৰেও বিদেশৰ অন্য স্থানবিশেষেও চাংকেন উদযাপিত হয়। এই ঠাইসমূহত বসবাস কৰা বৌদ্ধমূলীয় লোকসকলেও একেই উৎসাহেৰে চাংকেন উৎসৱ পালন কৰে। অন্য দক্ষিণ পূৱ এছীয় দেশসমূহৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে চাংকেনক চংকৰান (Songkran) হিচাপে উদযাপন কৰে। থাইলেণ্ড, লাওছ ইত্যাদি দেশত উদযাপিত চংকৰান হৈছে নৱবৰ্ষৰ উৎসৱ।[12] টাইফাকে জনগোষ্ঠীৰ লোকসকলে চাংকেনৰ পালনৰ জৰিয়তে অপশক্তিৰ পৰা মানৱজাতিৰ আশ্ৰয়, শান্তি, সমন্বয়, সৌভাগ্য আৰু সুস্বাস্থ্য কামনাৰে বুদ্ধৰ আশীৰ্বাদ আহ্বান কৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Archived copy". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304110138/http://arunachalipr.gov.in/GH_Local.htm। আহৰণ কৰা হৈছে: 2016-02-19.
- ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা, পৃ:নং; ১৪৫, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৬, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
- ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা, পৃ:নং; ১৪৬, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ অসমৰ লোকসংস্কৃতি ২, চাও লোকেশ্বৰ গগৈ, পৃ:নং; ৩২৪, ক্ৰান্তিকাল প্ৰকাশন, ২০১১
- ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৭, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
- ↑ Irani Sonowal Lepcha (April 15, 2019). "Arunachal: How Sangken, the fest of water, washes away impurities". Arunachal: How Sangken, the fest of water, washes away impurities. East Mojo. https://www.eastmojo.com/news/2019/04/15/arunachal-how-sangken-the-fest-of-water-washes-away-impurities/। আহৰণ কৰা হৈছে: March 11, 2021.
- ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৭, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
- ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৭, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
- ↑ "The Tai Phake". Seven Sisters Project. 13 February 2014. Archived from the original on 12 August 2014. https://web.archive.org/web/20140812111949/http://www.thealternative.in/lifestyle/the-tai-phakes-of-assam/। আহৰণ কৰা হৈছে: 11 March 2014.
- ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা, পৃ:নং; ১৪৭, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ "SONGKRAN". thaiworldview.com. http://www.thaiworldview.com/feast/songkran.htm.