চাওডাং(আহোম: 𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,ইংৰাজী: Choudang) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল।[1] বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল।[2] এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল। চাওডাংসকল হ'ল লুকুমাই আহোম । উল্লেগযোগ্য যে পুৰণি অসম বুৰজ্ঞী আৰু দেওধাই অসম বুৰজ্ঞী মতে স্বৰ্গদেউ চুকাফাই নৰা ৰাজ্য এৰি আহি আয়তনত নগৰ পাতিছিল ৷ সেইঠাই পৰ্বতৰ কাষৰ ঠেক ঠাই হোৱাত স্বৰ্গদেউৱে তাত প্রত্যেক ঘৰ ভাল মানুহৰ একোজনকৈ ৰাখি তাৰপৰা সৌমাৰলৈ আহিছিল৷ পাছত নৰা ৰজাই সেই ঠাই খোজাত দি দিলে ৷ আয়তনত যাৰ বংশ পৰিয়াল নাই সেইসকলক লুকুমাই আহোম বোলে ৷ [3]

নামৰ উৎপত্তি

সম্পাদনা কৰক

চাও(𑜋𑜰𑜫) শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু ডাং (𑜓𑜂𑜫) মানে টাঙোন, শাস্তি।[1] অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যিসকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওডাং(𑜋𑜰𑜫𑜓𑜂𑜫)।[1]

চাওডাং সকলৰ বৰ্তমান অৱস্থিতি

সম্পাদনা কৰক

আহোম সকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাং সকলে এতিয়াও বসবাস কৰি আছে। লোক-সংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাং সকলে পাৰস্পৰিক আদান-প্ৰদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে।

সংস্কৃতি

সম্পাদনা কৰক

চাওডাংসকলৰ ৰঙালী বিহু অতি আদৰৰ। চাওডাংসকলৰ ৰাতি বিহু আৰু দিন বিহু বৰ জনপ্ৰিয় আছিল বুলি জনা যায়। ৰাতি বিহু চ’ত মাহৰ দ্বিতীয় পক্ষত গাভৰুসকলে গাঁৱৰ ওচৰৰ মুকলি বাকৰিত ৰাতি বিহু পাতিছিল। ইয়াত কেৱল পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল। ৰাতি বিহু গাভৰু সকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ নকৰিছিল। কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ কৰিব পাৰিছিল। ৰাতি বিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্ৰকাৰে প্ৰকাশ কৰিবলৈ সুযোগ পাইছিল। লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া-নিয়া হৈ ভৱিষ্যৎ জীৱনৰ লগৰী বাচি ল’বলৈ সুবিধা পাইছিল। ৰাতি বিহুত কোনো ব্যভিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত, গীত-মাতেৰে, চকুৰ ঠাৰেৰে বা নাচোনৰ ভঙ্গীমাৰে নিজৰ পছন্দজনক হিয়াৰ বতৰা দিছিল। আৰু সেই সূত্ৰে কোনোবা কৰোবাৰ বাগদত্তা হৈছিল। এই সকলোবোৰ ডেকা-গাভৰু সকলৰ সন্মতি, বজাবুজি আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। ৰাতি বিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ’ল –একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতি বিহু নাপাতে। এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰু সকলৰ লগতহে বিহু মাৰিছিল। সেয়ে ৰাতি বিহুৰ ফলশ্ৰুতিত হোৱা প্ৰায়বিলাক বিয়া একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহৈ ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল। লগতে আৰু এটা মন কৰিবলগীয়া দিশ হ'ল ৰাতিবিহু চ'তমাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা নব্বৈ শতাংশৰ বিয়া ব’হাগ মাহতে হৈছিল।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 (দেওধাই ফুকন,বৰুৱা & ১৯৬৪ পৃষ্ঠা ১০৭)
  2. (দেওধাই ফুকন,বৰুৱা & ১৯৬৪ পৃষ্ঠা ১০৭)
  3. ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ ,তৃতীয় সংস্কৰণ ২০১৭, পৃষ্ঠা নং ৬২
  4. অৰূপ জ্যোতি বৰা, নিবন্ধ:চাওদাং সকলৰ ৰাতিবিহুঃ এটি আলোকপাত, অসমীয়াত কথা বতৰা (ফেচবুক গোট)২৯ মাৰ্চ, ২০১৪

উৎস প্ৰসংগ

সম্পাদনা কৰক
  • দেওধাই ফুকন,বৰুৱা, বি,এন এন (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ. 
  • ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ, ৬২পৃষ্ঠা, তৃতীয় সংস্কৰণ ২০১৭চন