চান্দেল জিলা
চান্দেল জিলা (Pron:/ˌtʃænˈdɛl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷[1]
চান্দেল জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | মণিপুৰ |
স্থাপিত | ১৩ মে' ১৯৭৪ |
সদৰ | চান্দেল |
মহকুমা | চান্দেল, চ’কপিকাৰং, খেঞ্জয় |
চৰকাৰ | |
• লোকসভা সমষ্টি | আউটাৰ মণিপুৰ |
কালি | |
• মুঠ | 521 km2 (201 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ | 1,68,217 |
• ঘনত্ব | 320/km2 (840/sq mi) |
ইতিহাস
সম্পাদনা কৰক১৯৭৪ চনৰ ১৩ মে’ তাৰিখে তেংন’পল (Tengnoupal) নামেৰে এই জিলাৰ স্ৰৃষ্টি কৰা হয়৷ ১৯৮৩ চনত জিলাখনৰ সদৰ ঠাই চান্দেললৈ অনা হয় আৰু পৰৱৰ্ত্তী কালত জিলাখনক চান্দেল নামেৰেই অভিহিত কৰা হয়৷ চান্দেল নামটো প্ৰকৃততে Chamdil শব্দৰ পৰা অহা৷ আনাল ভাষা (Anāl (Pakan) language) ত এই নামৰ অৰ্থ: cham = 'simple', আৰু dil = 'trousers'৷
ভৌগোলিক অৱস্থান
সম্পাদনা কৰকএই জিলাৰ প্ৰশাসনৰ মূল কেন্দ্ৰ চান্দেল নগৰ৷ মণিপুৰ আৰু ম্যানমাৰৰ মাজৰ বেহা-বেপাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ম’ৰে নগৰ (Moreh town) জিলাখনৰ দক্ষিণ দিশত অৱস্থিত৷ জিলাখনৰ বাণিজ্যৰ অন্য এক উল্লেখযোগ্য কেন্দ্ৰস্থলী হৈছে চ’কপিকাৰং নগৰ (Chakpikarong town)৷ এই নগৰৰ মাজেদি চ’কপি নদী (Chakpi) বৈ গৈছে৷
অৰ্থনীতি
সম্পাদনা কৰক২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০ খন জিলাৰ ভিতৰত চান্দেল জিলাকো অন্তৰ্ভুক্ত কৰে৷[2] ভাৰতৰ Backward Regions Grant Fund Programme (BRGF) ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত চান্দেল জিলা অন্যতম৷[2]
মহকুমা
সম্পাদনা কৰকচান্দেল জিলাখনক তিনিটা মহকুমাত বিভক্ত কৰা হৈছে:
- চান্দেল (Chandel)
- চ’কপিকাৰং (Chakpikarong)
- খেঞ্জয় (Khengjoy)
জনসংখ্যা
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি চান্দেল জিলাৰ জনসংখ্যা ১৪৪,০২৮ জন৷[1] ভাৰতৰত মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৬০২৷[1] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৩ জন৷[1] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ২১.৭২%৷ [1] চান্দেলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩২ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৮৫%।[1]
ভাষাসমূহ
সম্পাদনা কৰকচান্দেল জিলাৰ সদৰ ঠাই চান্দেলৰ মূল ব্যৱহৃত ভাষা Anāl (Pakan), Lamkang আৰু মেইতেই ভাষা৷ এই নগৰৰ সংখ্যাগৰিষ্ঠ লোক Anāl, Lamkang, Moyon আৰু Monsang জনজাতিৰ৷[3] [4]
জিলাখনত ব্যৱহৃত অন্যান্য ভাষাসমূহ হ’ল:
- উত্তৰ-পশ্চিম কুকী-চীন (Kuki-Chin) ভাষাসমূহ
- Aimol ভাষা
- Anal ভাষা
- Zou ভাষা
- Thadou ভাষা
- Lamkang ভাষা
- Chothe ভাষা
- Purum ভাষা
- Moyon ভাষা
- Namfau ভাষা
- Monsang ভাষা
- Tarao ভাষা
- Zeme ভাষা
- Maring ভাষা
- বড়ো ভাষা
জৈৱবৈচিত্ৰ্য
সম্পাদনা কৰক১৯৮৯ চনত এই জিলাৰ ১৮৫ বৰ্গ কিলোমিটাৰ জুৰা এটা অঞ্চল Yangoupokpi-Lokchao বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়৷[5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ 2.0 2.1 Ministry of Panchayati Raj (September 8, 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on April 5, 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: September 27, 2011.
- ↑ M. Paul Lewis, ed. (2009). "Aimol: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
- ↑ M. Paul Lewis, ed. (2009). "Anal: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Manipur". Archived from the original on October 9, 2011. https://web.archive.org/web/20111009113803/http://oldwww.wii.gov.in/envis/envis_pa_network/page_states_ut.htm। আহৰণ কৰা হৈছে: September 25, 2011.