মূল মেনু খোলক

মেইতেই ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক "মণিপুৰী ভাষা" হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।

মেইতেই
ꯃꯤꯇꯩ ꯂꯣꯟ
Meitei language written in Meitei script.svg
অঞ্চল উত্তৰ-পূৱ ভাৰত, বাংলাদেশ, ম্যানমাৰ
স্থানীয় ভাষিক
৩৩ লাখ
ভাষা পৰিয়াল
চীনা-তিব্বতী
লিখন প্ৰণালী অসমীয়া-বঙালী লিপি, মৈতৈ ময়েক[1]
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভাৰত (মণিপুৰ)
ভাষা সংকেত
ISO 639-2 mni
ISO 639-3 mni

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. A Manipuri Grammar, Vocabulary, and Phrase Book - 1888 Assam Secretariat Press