চামুণ্ডা (সংস্কৃত: चामुण्डा) বা চামুণ্ডেশ্বৰী বা চামুণ্ডী হৈছে চণ্ডীৰূপী পাৰ্বতীৰ এক বিকট ৰূপ। তেওঁ সপ্তমাতৃকাসকলৰ অন্যতম।[2]

চামুণ্ডা
যুদ্ধ-বিগ্ৰহ, মহামাৰী, ফোঁ‌হাজাতীয় ৰোগ আৰু অন্যান্য দুৰ্যোগৰ অধিষ্ঠাত্ৰী মাতৃকাসকলৰ নেত্ৰী[1]

চতুৰ্দশ শতিকাৰ চামুণ্ডাৰ ভাস্কৰ্য
দেৱনাগৰী चामुण्डा
সম্পৰ্ক আদি পৰাশক্তি, পাৰ্বতী, কালী, মহাকালী
নিবাস শ্মশান বা ডিমৰুৰ গছ
মন্ত্ৰ ওম আইম হ্ৰীম ক্ৰীম চামুণ্ডায়ে বিচ্ছে
অস্ত্ৰ ত্ৰিশূল আৰু তৰোৱাল
সঙ্গী ভীষণ ভৈৰৱৰ ৰূপত শিৱ
আসন/বাহন শৱদেহ (প্ৰেত)

চামুণ্ডা পাৰ্বতীৰ সহায়কাৰী চৌষষ্ঠী বা একাশীগৰাকী তান্ত্ৰিক দেৱী যোগিনীসকলৰো অন্যতম।[3] চামুণ্ডা নামটো তেওঁ বধ কৰা চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰৰ নামৰ সমষ্টি। পাৰ্বতীৰ আন এক বিকট ৰূপ কালীৰ সৈতে চামুণ্ডাৰ ওচৰ সম্পৰ্ক আছে। তেওঁক সততে পাৰ্বতী, কালী বা দুৰ্গাৰ সৈতে চিহ্নিত কৰা হয়।

চামুণ্ডাক শ্মশানস্থলী অথবা ডিমৰুৰ গছত চিত্ৰিত কৰা হয়। জীৱ-জন্তুৰ বলি-বিধান আৰু সুৰাৰে দেৱীৰ উপাসনা কৰা হয়। প্ৰাচীন কালত চামুণ্ডাৰ প্ৰতি নৰবলিও যচা হৈছিল। বৰ্তমান শৈৱ আৰু বৈষ্ণৱ পন্থাৰ প্ৰভাৱত বলি-বিধান কমি অহা দেখা যায়।

ব্যুৎপত্তি

সম্পাদনা কৰক

ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰৰ মতে চামুণ্ডা মূলতঃ এগৰাকী জনজাতীয় দেৱী। মধ্য ভাৰতৰ বিন্ধ্য পৰ্বত নিবাসী জনজাতীয় লোকসকলে চামুণ্ডাৰ উপাসনা কৰিছিল। এই লোকসকলে দেৱীক জীৱ-জন্তু আৰু নৰবলিৰ উপৰিও নিচাযুক্ত পানীয় যাচিছিল। হিন্দু ধৰ্মৰ সৈতে চামিল হোৱাৰ পিছতো উপাসনাৰ এই পদ্ধতি চামুণ্ডাৰ তান্ত্ৰিক অৰ্চনাত ৰৈ যায়। চামুণ্ডাৰ বিকট ৰূপৰ সন্দৰ্ভত ভাণ্ডাৰকাৰে মত প্ৰকাশ কৰে যে চামুণ্ডা সততে বৈদিক যুগৰ ৰুদ্ৰ বা অগ্নিৰ সৈতে জড়িত হোৱাটোৱেই ইয়াৰ মুখ্য কাৰণ।[4] আন কিছু পণ্ডিতেও এই ক্ষেত্ৰত ভাণ্ডাৰকাৰৰ সৈতে সহমত প্ৰকাশ কৰে[5]

 
দিল্লী সংগ্ৰহালয়ত থকা ১১-১২ শতিকাৰ চামুণ্ডা। দশভূজা চামুণ্ডাই মুণ্ডমালা পৰিধান কৰি এক শৱদেহৰ ওপৰত আসন গ্ৰহণ কৰিছে।

মেঘ বা ৰক্তবৰ্ণ চামুণ্ডাক এক মুণ্ডমালা পৰিধান কৰা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁক চতুৰ্ভূজা, অষ্টভূজা, দশভূজা বা দ্বাদশভূজা হিচাপে ডম্বৰু, ত্ৰিশূল, তৰোৱাল, সৰ্প, খটভংগ, বজ্ৰ, ছিন্ন মুণ্ড, ৰক্তৰে পৰিপূৰ্ণ পানপাত্ৰ বা কপালা ধাৰণ কৰি এক শৱদেহ বা প্ৰেত অথবা পৰাজিত এক দানৱৰ ওপৰত অৱস্থান কৰা ৰূপত চিত্ৰায়িত কৰা হয়। হাড়-মূৰ আৰু সৰ্প তেওঁৰ অংগ ভূষণ। তেওঁ জপমালাও পৰিধান কৰে। শিৰোস্ত্ৰাণ হিচাপে চামুণ্ডাই সৰ্প অথবা লাওখোলা পিন্ধে। তেওঁৰ শিৰত অৰ্ধচন্দ্ৰও দেখা যায়।[6][7] চামুণ্ডাৰ চকুহাল জ্বলন্ত আৰু অশুভ আত্মাসমূহ তেওঁৰ সংগী।[7][8] কঙ্কাল বা ভূত আৰু শিয়াল আদি জন্তু তেওঁৰ চাৰিওকাষে বিৰাজমান আৰু এইসমূহে দেৱীয়ে অৱস্থান কৰা শৱদেহৰ মাংস ভক্ষণ কৰি থাকে। কেতিয়াবা এই সংগীসমূহে ছিন্ন মুণ্ড বা কপালাৰ পৰা নিগৰি পৰা ৰক্ত পান কৰি থকা দেখা যায়। এই কথাই সূচায় যে চামুণ্ডাই পৰাজিত শত্ৰুৰ ৰক্তপান কৰে।[9] ৰক্তপান কৰাৰ এই বৈশিষ্ট্য সকলো মাতৃকাৰে থকাৰ লগতে চামুণ্ডা এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। কেতিয়াবা তেওঁক এটা ফেঁচাৰ পিঠিতো আসনৰত অৱস্থাত দেখা যায়।[7]

হিন্দুধৰ্মৰ দেৱীসকলৰ সচৰাচৰ দেখা পোৱা পূৰ্ণাংগ স্তনযুগল আৰু সুন্দৰ মুখাৱয়বৰ বিপৰীতে চামুণ্ডাৰ ৰূপে বাৰ্ধক্য, মৃত্যু, পচন আৰু ধ্বংসকে চিহ্নিত কৰে।[10] চামুণ্ডাক কালীৰে এক স্বৰূপ বুলি ধৰা হয় যি বাৰ্ধক্য আৰু মৃত্যুক সূচায়। তেওঁ এক ভয়লগা বৃদ্ধাৰ ৰূপ লৈ ভয় আৰু আতংকৰ সঞ্চাৰ কৰে।[11][12]

আখ্যানসমূহ

সম্পাদনা কৰক

হিন্দু কিংবদন্তি অনুসৰি দেৱী কৌশিকীৰ ভ্ৰুৰ পৰা চণ্ডিকা জয়াসুন্দৰা হিচাপে চামুণ্ডাৰ উৎপত্তি হয় আৰু তেওঁক অসুৰৰাজ শুম্ভ আৰু নিকুম্ভৰ সেনাপতি চণ্ড আৰু মুণ্ডক বধ কৰাৰ দায়িত্ব দিয়া হয়। এক তয়াময়া যুঁজৰ অন্তত চণ্ড-মুণ্ডক চামুণ্ডাই বধ কৰে।[13]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Nalin, David R. (15 June 2004). "The Cover Art of the 15 June 2004 Issue". Clinical Infectious Diseases খণ্ড 39 (11): 1741–1742. doi:10.1086/425924. PMID 15578390. 
  2. Wangu p.72
  3. Wangu p.114
  4. Vaisnavism Saivism and Minor Religious Systems By Ramkrishna G. Bhandarkar, p.205, Published 1995, Asian Educational Services, আই.এচ.বি.এন. 81-206-0122-X
  5. Wangu p.174
  6. See:
  7. 7.0 7.1 7.2 Goswami, Meghali; Gupta, Ila (March 2005). "Sapta Matrikas In Indian Art and their significance in Indian Sculpture and Ethos: A Critical Study". Anistoriton Journal. Anistoriton. http://www.anistor.gr/english/enback/Saptmatrika.pdf। আহৰণ কৰা হৈছে: 2008-01-08.  "Anistoriton is an electronic Journal of History, Archaeology and ArtHistory. It publishes scholarly papers since 1997 and it is freely available on the Internet. All papers and images since vol. 1 (1997) are available on line as well as on the free Anistorion CD-ROM edition."
  8. Kinsley p.147
  9. "Durga: Avenging Goddess, Nurturing Mother ch.3, Chamunda". Norton Simon Museum. Archived from the original on 2006-10-03. https://web.archive.org/web/20061003135311/http://www.nortonsimon.org/guide_item.aspx?id=470&item=chamunda। আহৰণ কৰা হৈছে: 2021-02-16. 
  10. Wangu p.94
  11. http://www.art-and-archaeology.com/india/jagat/jagat13.html
  12. http://www.art-and-archaeology.com/asianartglossary.html#chamunda
  13. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 81. https://archive.org/details/indiathroughages00mada.