আদি পৰাশক্তিহিন্দু ধৰ্মৰ শক্তিপ্ৰথাৰ সৰ্বোচ্চ সত্ত্বা হিচাপে গণ্য কৰা হয়। তেওঁ পৰমশক্তি, আদিশক্তি, মহাশক্তি, মহাদেৱী, মহাগৌৰী, মহাকালী, শ্যামাশক্তি আদি নামেৰেও প্ৰখ্যাত। শাক্ত সাহিত্য অনুসৰি পৰম মানে হৈছে চূড়ান্ত আৰু সত্য মানে সঁচা।[3] দেৱী ভাগৱত পুৰাণৰ মতে আদি পৰাশক্তি হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, পালন আৰু ধ্বংসকাৰী দেৱী।

আদি পৰাশক্তি
দৈবশক্তি
Tripura sundari 4.jpg
সংস্কৃত লিপ্যন্তৰ ādi Parāshakti
সম্পৰ্ক দেৱী, পাৰ্বতী, সতী, পৰা ব্ৰাহ্মণ (শাক্ত), দুৰ্গা, ত্ৰিপুৰা সুন্দৰী
নিবাস মণিদ্বীপ[1]
মন্ত্ৰ Om ayeem hreem kleem shreem[2]
অস্ত্ৰ পাশা, অংগুশা, চক্ৰ, শংখ, ত্ৰিশূল আদি
সঙ্গী শিৱ

নামৰ উৎপত্তিসম্পাদনা কৰক

আদি পৰাশক্তি মানে হৈছে প্ৰথম সৰ্বোচ্চ শক্তি। আদি শব্দৰ অৰ্থ হৈছে আৰম্ভণি। আৰু শক্তি শব্দটো শক্ ধাতুৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে কৰিবলৈ ক্ষমতা থকা।

গুৰুত্বসম্পাদনা কৰক

দেৱী গীতাত কোৱা হৈছে যে পাৰ্বতী ৰূপে অৱতাৰ লোৱাৰ পূৰ্বে আদি শক্তিয়ে নৃপতি হিমালয়ৰ সন্মুখত প্ৰকট হৈ নিজৰ ঐশ্বৰিক শক্তি তথা শাশ্বত জ্ঞানৰ বিষয়ে অৱগত কৰিছিল। তেওঁ বেদৰ শব্দৰ দ্বাৰা নিজৰ বৰ্ণনা কৰি কৈছিল যে তেওঁৰ কোনো আৰম্ভণি বা শেষ নাই। তেৱেই হৈছে শাশ্বত সত্য। গোটেই বিশ্ব ব্ৰহ্মাণ্ড তেওঁৰেই সৃষ্টি। তেওঁৱেই হৈছে বিজয়ী বা বিজয়ৰ বহিৰ্প্ৰকাশ। তাৰপিছত দেৱীয়ে নিজৰ দুৰ্লভ ৰূপ ধাৰণ কৰি হিমালয়ৰ সন্মুখত ধৰা দিলে। তেওঁৰ কপালত সত্যলোক, চুলিত বিশ্বব্ৰহ্মাণ্ড, দুয়োটা চকুত চন্দ্ৰ আৰু সূৰ্য, কাণত চাৰিটা দিশ, তেওঁৰ শব্দই আছিল বেদ, মৃত্যু, মমতা আৰু আবেগসমূহ আছিল তেওঁৰ দাঁত, তেওঁৰ হাঁহিয়ে মায়াৰ প্ৰকাশ কৰিছিল।[4][5]

হিন্দুধৰ্মত আদি পৰাশক্তিসম্পাদনা কৰক

শাক্ত পুৰাণৰ বাহিৰে আন কোনো পুৰাণতেই আদি শক্তিৰ বিষয়ে উল্লেখ নাই যদিও আওপকীয়াকৈ তেওঁকেই সৰ্বোচ্চ শক্তি হিচাপে মানি লোৱা হৈছে।[5]

শিৱ পুৰাণসম্পাদনা কৰক

শিৱপুৰাণৰ মতে আদি পৰাশক্তিয়ে পৰমা প্ৰকৃতি হিচাপে আবিৰ্ভাৱ হৈছে। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰম্ভণিতেই ভগৱান শিৱৰ বাওঁ ফালৰ পৰা দেৱী আদি পৰাশক্তিৰ সৃষ্টি হৈছিল। লিংগ পুৰাণত কোৱা হৈছে যে দেৱীয়ে গোটেই বিশ্বত শিৱ আৰু পাৰ্বতীৰ মিলন ঘটাই জীৱ সৃষ্টিৰ আৰম্ভণি কৰিছিল। স্কণ্ড আৰু মাৰ্কণ্ডেয় পুৰাণত দুৰ্গা আৰু চণ্ডীক আদি পৰাশক্তিৰ বিশুদ্ধ ৰূপ তথা সকলো সৃষ্টিৰ মূল বুলি কোৱা হৈছে।[6]

শাক্ত পুৰাণসম্পাদনা কৰক

দেৱী ভাগৱতী পুৰাণত কোৱা হৈছে যে ভগৱান শিৱই বীজমন্ত্ৰ হ্ৰীং ব্যৱহাৰ কৰি আদি পৰাশক্তিক হাজাৰ বছৰ ধৰি পূজা আৰু ধ্যান কৰিছিল। তাৰপিছত দেৱীয়ে শিৱৰ বাওঁ অংশৰ পৰা সিদ্ধিদাত্ৰী ৰূপে প্ৰকট হৈ শিৱৰ সন্মুখত আবিৰ্ভাৱ হৈছিল। সাকাৰ আৰু নিৰাকাৰ দুয়োটা সত্ত্বাতেই দেৱী আদি পৰাশক্তিক সৰ্বোচ্চ সত্য ৰূপে গণ্য কৰা হৈছে। দেৱীৰ সাকাৰ ৰূপটো হৈছে সগুণ ৰূপ। সগুণ ৰূপত দেৱীক গোটেই বিশ্বৰ মাতৃৰূপে গণ্য কৰা হৈছে আৰু তেওঁ সকলো পৰলোকৰ ওপৰত সৰ্বলোক মণিদ্বীপত বাস কৰে। শক্তি মহাভাগৱত পুৰাণৰ মতে তেওঁ হৈছে এগৰাকী মহান দেৱী আৰু সকলো দেৱী-দেৱতা তেওঁৰ পৰাই উদ্ভৱ হৈছে।[7]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Sitaramiah, Pavani (1993). Sri Kalahasti Easwara Mahima. Pavani Sitaramiah. পৃষ্ঠা. 90. https://books.google.com/books?id=fn_XAAAAMAAJ. 
  2. Swami Narayanananda (1960). The Primal Power in Man: The Kundalini Shakti. Health Research Books. পৃষ্ঠা. 50. ISBN 9780787306311. https://books.google.com/books?id=6_sKqkhwRzoC. 
  3. Srimad Devi Bhagwatam, Devi Gita, Brahmand Purana,
  4. "The Devi Gita index". Sacred-texts.com. http://www.sacred-texts.com/hin/dg/। আহৰণ কৰা হৈছে: 2012-08-05. 
  5. 5.0 5.1 "adi parashakti". https://silambam.asia/god-adi-parashakti.html। আহৰণ কৰা হৈছে: 7 March 2020. 
  6. Shiva Mahapurana | Gitapress Gorakhpur
  7. Sri Bhagwati Gita | Devi Gita | Sri Parvati Gita – Scribd | https://www.scribd.com/doc/147548723/Sri-Bhagwati-Gita-Devi-Gita-Sri-Parvati-Gita