চাৰিদুৱাৰ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
চাৰিদুৱাৰ শোণিতপুৰ জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত এটি অঞ্চল। জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা চাৰিদুৱাৰ অঞ্চলৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিদুৱাৰৰ পূৱে জীয়া ভৰলী নদী, পশ্চিমে গাভৰু নদী, দক্ষিণে বালিপৰা আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং। ভিন্ন জাতি-জনজাতি, ধৰ্ম-সম্প্ৰদায়ৰ লোকৰ বসতি চাৰিদুৱাৰ অঞ্চলৰ সামাজিক-সাংস্কৃতিক-ঐতিহাসিক গুৰুত্ব অপৰিসীম।
চাৰিদুৱাৰ | |
— অঞ্চল — | |
স্থানাঙ্ক | 26°52′0″N 92°46′50″E / 26.866667°N 92.78056°E |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | শোণিতপুৰ জিলা |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
চাৰিদুৱাৰ নামটোৰ উৎপত্তি:
সম্পাদনা কৰকচাৰিদুৱাৰ অঞ্চলৰ গাঁও সমূহ:
সম্পাদনা কৰকচাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত চাৰিদুৱাৰ অঞ্চলৰ গাঁও সমূহ হ’ল চেঙেলীমাৰী, নঘৰীয়া, চপালগা, গাৰোগাঁও, গামিনী, এৰাললগা, ঢাৰিকাটি, গড়মৰা, আমলগা,চপালগা।
লোকসভা আৰু বিধানসভা সমষ্টি:
সম্পাদনা কৰকচতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত চাৰিদুৱাৰ অঞ্চলটো তেজপুৰ লোকসভা সমষ্টিৰ অধীনত।
শিক্ষা প্ৰতিষ্ঠান:
সম্পাদনা কৰক- চেঙেলীমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
- চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়
- চাৰিদুৱাৰ চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়
- চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
চাৰিদুৱাৰ অঞ্চলটোৰ গুৰুত্ব:
সম্পাদনা কৰকচাৰিদুৱাৰত অসমৰ একমাত্ৰ কপাহী সূতা কটা কল আছিল। পিছে কেঁচা মালৰ অভাৱ আৰু বিভিন্ন প্ৰশাসনিক অসুবিধাৰ বাবে বৰ্তমান কলঘৰটো বন্ধ হৈ আছে। ইয়াৰোপৰি এই চাৰিদুৱাৰ অঞ্চলতেই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনে বিশ্ব মানচিত্ৰত চাৰিদুৱাৰ অঞ্চলৰ যথেষ্ট গুৰুত্ব বঢ়াইছে।
==তথ্য সংগ্ৰহ==জলবায়ু