চিত্ৰ-ভাগৱত
এই প্ৰবন্ধ বা পৰিচ্ছেদটো সম্পাদকীয় বা মতামতৰ দৰে হৈছে আৰু ইয়াৰ সংশোধনৰ আৱশ্যক হ'ব পাৰে। অনুগ্ৰহ কৰি এই প্ৰবন্ধ বা অনুচ্ছেদটো বিশ্বকোষীয় শৈলীৰে আৰু নিৰপেক্ষভাৱে লিখি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা আৰু ৱিকিপিডিয়া:ৱিকিপিডিয়া প্ৰচাৰযন্ত্ৰ নহয় চাওক। |
এতিয়ালৈকে উদ্ধাৰ হোৱা অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি সচিত্ৰ পুৰণি কালৰেপৰাই এক চিত্ৰচৰ্চাৰ পৰম্পৰা আছিল যদিও চিত্ৰ-ভাগৱতৰ আগৰ প্ৰমাণ্য উদাহৰণ আমাৰ হাতত আজি নাই। আলোচ্য 'চিত্ৰ-ভাগৱত' খনি এই মহাভাগৱতৰ 'প্ৰথম অংশ' বা 'আদ্য দশম'ৰ আধাৰত সচিত্ৰ কৰা হৈছিল। মূল সচিত্ৰ পুথিখন 'আদ্য দশম' বা 'আদি দশম'। তাকে হৰিনাৰায়ণ দত্ত বৰুৱাই ১৯৪৯ খ্ৰীষ্টাব্দত 'চিত্ৰ-ভাগৱত' নামত ছপা কৰি ৰাইজৰ আগলৈ উলিয়াই দিয়ে। তেতিয়াৰ পৰাহে এই সচিত্ৰ পুথিখনক সকলোৱে 'চিত্ৰ-ভাগৱত' বুলি ক'বলৈ লয়। মূল পুথিখন নগাঁৱৰ বালি সত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। মূল পুথিখনৰ এটা পৃষ্ঠাত ১৪৬১ শকটো লিখালৈ চাই কোনো কোনোৱে এই পুথি ১৫৩৯ খ্ৰীষ্টাব্দতে অৰ্থাৎ শংকৰদেৱৰ জীৱন কালৰ ভিতৰতে সচিত্ৰ কৰা হৈছিল বুলি ভাবে। 'চিত্ৰ-ভাগৱত' ৰ সম্পাদনাত হৰিনাৰায়ণ দত্তবৰুৱাই উল্লেখ কৰিছে যে শংকৰদেৱৰ জীৱনকালত শংকৰদেৱৰ অনুমোদনক্ৰমে তেখেতে নিজে আগত থাকি আদ্য দশমৰ চিত্ৰসমূহ অঁকোৱা ন'হলেও শংকৰদেৱে আগতে কৰোৱা বা অনুমোদন জনোৱা চিত্ৰৰ চানেকিৰ আধাৰ পাছত কোনোবা খনিকৰে কোনোবা সত্ৰত হয়তো নতুনকৈ নকল কৰি সচিত্ৰ কৰিছিল। সেই কথা হয়তো হ'ব পাৰে। 'চিত্ৰ-ভাগৱত' ৰ প্ৰথম চিত্ৰখন শুকদেৱ আৰু পৰীক্ষিত। সত্ৰীয়া চিত্ৰশৈলী দুটা প্ৰধান বৈশিষ্ট্যৰে সমৃদ্ধ এই চিত্ৰখনিৰ পশ্বাৎপট হেঙুলীয়া আৰু ধেনুভিৰীয়া ক্ষেত্ৰৰে আবৃত। সূৰ্য, বৰুণ, বায়ু, অগ্নি, বসুমতি, ইন্দ্ৰ, কুবেৰ , চন্দ্ৰ, যম, নাৰদ, মহেশ, যোগাময় আদি সকলো দেৱ-দেৱী, অসুৰ, মানৱ, সকলোৰে মুখ একাষৰীয়াকৈ অঁকা। এইটোও সত্ৰীয়া চিত্ৰশৈলীৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য । মাত্ৰ কেইখনমান চিত্ৰত পদ্মাসনত বহি থকা বিষ্ণু, ৰাজহংসৰ ওপৰত আৰোহণ কৰি থকা চতুৰ্মুখী ব্ৰক্ষ্মা, অষ্টভূজা কাত্যায়নী, অনন্তই ছত্ৰৰ তলত নিজৰ কোলাত বহুৱাই লোৱা চতুৰ্ভূজী নাৰায়ণ, বসুদেৱ-দৈৱকীক কৃষ্ণই নিজৰূপে দেখা দিওঁতে কৃষ্ণ, কৃষ্ণই ময়ুৰক সিয়াৰোঁতে অষ্টভূজী অম্বিকা দেৱী, এই সকলক সন্মুখৰ পৰা অঁকা হৈছে। 'চিত্ৰ-ভাগৱত'ৰ নাৰী চৰিত্ৰসমূহৰ প্ৰায় সকলোৰে সাজ-পোছাক একেই ধৰণেৰে পিন্ধা দেখুৱাইছে। নাৰীসকলে সযতনে নেঘেৰী খোপাৰ দৰে খোপা বন্ধা আৰু তাৰে কিছুমান খোপাত ফুলৰ মালা লগোৱা, পুৰুষ নাৰী উভয়ৰে ডিঙিত মণিহাৰ, কৃষ্ণৰ বাজুবন্ধন আৰু মণি বন্ধনেৰে দেহ শোভিত। পৰীক্ষিত ৰজাৰো মণিবন্ধ অলংকাৰৰে শোভিত। বিপৰীতে শুকদেৱ উপবীত সহিতে বস্ত্ৰহীন। শুকদেৱৰ কেশ দীঘলকৈ পৃষ্ঠদেশ আৰু কিছু বুকুৰ ফালে বাগৰি যোৱা। দুই এখন চিত্ৰিকাত নন্দৰ দাড়ি-গোফ অঁকাৰ বিপৰীতে অসুৰবিলাকৰ সকলো চিত্ৰিকাৰে দাড়ি-গোফ অঁকা হৈছে। 'চিত্ৰ-ভাগৱত' ৰ চিত্ৰসমূহৰ থলুৱা চৰাই-চিৰিকতি আৰু জীৱ- জন্তুৰ চিত্ৰায়ণে স্থানীয় শৈলীটোক বিশিষ্টতা প্ৰদান কৰাৰ লগতে সোণত সুৱগা চৰাইছে। চিত্ৰৰ দেৱতাসকলে তেওঁলোকৰ বাহনসমূহত আৰোহণ কৰি থকা ; কংস, শ্ৰীকৃষ্ণ আৰু বলৰাম, অক্ৰুৰৰ ৰথৰ ঘোঁৰা, নন্দৰ গাড়ীৰ বলধ, বিভিন্ন দৃশ্যত হাতী, গাই, চেঁউৰি-দমৰা, ম'হ , বান্দৰ, ছাগলী, বাঘ, সিংহ, মৃগ, মেথোন, বৰা আদি জন্তুৰ চিত্ৰৰ লগতে ৰাজহাঁহ, ময়ুৰ আৰু অন্যান্য সৰু-বৰ স্থানীয় চৰাইৰ ৰূপাংগই বৃন্দাবনত ৰূপায়ণত স্থানীয় সৌন্দৰ্যৰ ছাপ পৰিছে। 'চিত্ৰ-ভাগৱত' ত নানা ধৰণৰ বাদ্যৰ চিত্ৰণো মনকৰিবলগীয়া। নানা আকাৰৰ শংখ, মৃদংগ, তাল, কালি, বাঁহী, ডম্বৰু, ডবা, ঢোল, বীণা আদি দেৱতাসকল, গন্ধৱ, কৃষ্ণ, শিৱ, নাৰদ আদি বিভিন্ন ধৰণৰ চৰিত্ৰত শোভা পাইছে। বিভিন্ন চিত্ৰিকাত বিভিন্ন উপলক্ষত শৰাই, বঁটা, গছা, ধূপদানী, চাকি, চত্ৰ, দধিমথা যতন, উৰাল, কলহ, হোমৰ সঁজুলি, কান্ধ মাৰি আদিৰ চিত্ৰ আঁকি খনিকৰে 'চিত্ৰ-ভাগৱত' ত স্থানীয় ৰহন সানিছে।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ দিগন্ত হাজৰিকা. অসমৰ সচিত্ৰ পুথি. গ্ৰন্থ-সংস্কৃতি. পৃষ্ঠা. ১০১. ISBN 978-81-922765-7-1.