চিৰা

ধানৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ চাউলৰ খাদ্য

চিৰা হৈছে কেঁচা, ভজা বা সিজোৱা ধানৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ চাউলৰ খাদ্য। চিৰাক কোনো পৰিৱৰ্তন অবিহনেই খোৱা হয়। ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি চিৰা খৰখৰীয়া, টান, চোবাই খাব পৰা বা কোমল হ’ব পাৰে আৰু ইয়াৰ গাঁথনি পাতল বাদামৰ দৰে হ’ব পাৰে। দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ বহুতো ধান খেতি কৰা মানৱ সংস্কৃতিৰ বাবে চিৰা এক পৰম্পৰাগত খাদ্য।[1][2][3] ইয়াক বিভিন্ন ধৰণে চাউলৰ টুকুৰা, খুন্দি লোৱা চাউল, গুড়ি কৰা চাউল, চেপি লোৱা চাউল বুলিও জনা যায়।[3]

চিৰা

উত্তৰ-পূৱ ভাৰতত সাধাৰণতে মৌ বৰা, বকুল বৰা, চকোৱা, মালভোগ আদি ধান তিনিদিনমান তিয়াই ৰাখি নাইবা ফুট কাঢ়ি (তিয়াই লগে লগে টুকি) ভাজি গৰমে গৰমে ঢেঁ‌কীত খুন্দি চেপেটা কৰি চিৰা জলপান তৈয়াৰ কৰা হয়।

দক্ষিণ এচিয়া সম্পাদনা কৰক

দক্ষিণ এচিয়াৰ দেশ সমূহৰ ভিতৰত ভাৰতত চিৰাক বিভিন্ন নামেৰে জনা যায়। এই চেপেটা চাউল বা চিৰা পুৱাৰ প্ৰধান খাদ্য। ভাৰতৰ লগতে দক্ষিণ এচিয়াত এই চেপেটা চাউল বিধক প'হা, পৌৱা, আভালাক্কি, চিৰা, বা আভাল বুলি জনা যায়। ভাৰত, নেপাল, বাংলাদেশত ই বিশেষভাৱে জনপ্ৰিয়। ধানৰ দানাবোৰ প্ৰথমে ডি-হাস্কিং কৰি তাৰ পিছত পানীত ভিজাই বা ফুট কাঢ়ি শুকুৱাই ভজা হয় আৰু তাৰ পিছত ঢেঁ‌কী, উৰল জাতিয় সঁ‌জুলিত খুন্দি বা ৰোলাৰেৰে চেপেটা কৰি লোৱা হয়। সাধাৰণতে চিৰাৰ গাঁথনি পাতল, মজলীয়া আৰু ডাঠ জাতৰ হ'ব পাৰে। পাতল জাতবোৰ সাধাৰণ ভাৱেই পানীত তিয়াই বা ৰন্ধা-বঢ়া কৰি জলপান হিচাপে ব্যৱহাৰৰ বাবে উত্তম, আনহাতে ডাঠ জাতবোৰ ডিপ ফ্ৰাই কৰি মচমচীয়া কৰিও খোৱা হয়।[3][4]

চিৰাক জলপান হিচাপে খাব পাৰি বা বিভিন্ন মিঠা, টেঙা সোৱাদ যুক্ত উপকৰণ যেনেঃ দৈ, ক্ৰিম আদিৰ সৈতেও খাব পাৰি।[3]

চিৰা-দৈ সম্পাদনা কৰক

 
ভোগালী বিহুৰ সময়ত অন্যান্য পিঠা-পনাৰ সৈতে চিৰা-দৈ

অসমীয়া জলপান হৈছে সাধাৰণতে পুৱাৰ আহাৰ। এই জলপান সুকিয়াকৈ ৰন্ধাৰ প্ৰয়োজন নহয় আৰু কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰিব পৰা যায়। এই জলপান বিহু উৎসৱৰ সময়ত বিশেষভাৱে অতিথিসকলকো পৰিবেশন কৰা হয়। ইয়াৰোপৰি অসমীয়া সমাজত মৃতকৰ দহা-কাজ, উপনয়ন আচাৰ অনুষ্ঠান আদিতো নিৰামিষ আহাৰ হিচাপে দৈ-চিৰা জলপান অতিথি আপ্যায়নৰ বাবে ব্যৱহাৰ হয়।[5] এই জলপানৰ বাবে সাধাৰণতে বিভিন্ন ধৰণৰ চাউল যেনে চাউলৰ চিৰা, মুড়ি, হুৰুম, আখৈ, সান্দহ (ভাঁ‌জি লৈ পিহি লোৱা চাউল), কোমল চাউল ইত্যাদি ব্যৱহাৰ হয়। সোৱাদৰ বাবে শুকান নহ'বলৈ এই জলপানত দৈ, ক্ৰীম আৰু গুড় ব্যৱহাৰ হয়।[6]

দৈ হিচাপে গৰুৰ বা ম’হৰ গাখীৰৰ দৈ যিকোনো ব্যৱহাৰ কৰিব পাৰি। এই দৈ, মাটিৰ কলহ বা বাঁহৰ চুঙাত প্ৰস্তুত কৰিব পাৰে। পৰম্পৰাগত ভাৱে বিহু আদি অনুষ্ঠানৰ সময়ত অসমীয়া জলপান, বিশেষকৈ দৈ-চিৰা কেৱল কাঁ‌হৰ বাটিত পৰিৱেশন কৰাৰ নিয়ম অসমীয়া সমাজত প্ৰচলিত।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Smit, B.A. (2011). A New Kind of Normal: Back to the Basics a Comprehensive Survival Guide for Eating Sugar -- Gluten -- Dairy and Yeast Free. Tuttle Publishing. পৃষ্ঠা. 143. ISBN 9781426975127. 
  2. Alford, Jeffrey; Duguid, Naomi (2003). Seductions of rice. প্ৰকাশক New York: Artisan Books. পৃষ্ঠা. 30. ISBN 9781579655662. 
  3. 3.0 3.1 3.2 3.3 Bladholm, Linda (2016). The Indian Grocery Store Demystified: A Food Lover's Guide to All the Best Ingredients in the Traditional Foods of India, Pakistan and Bangladesh. St. Martin's Publishing Group. পৃষ্ঠা. 30-31. ISBN 9781250120793. 
  4. Sodha, Meera (2016). Made in India: 130 Simple, Fresh and Flavourful Recipes from One Indian Family. Penguin UK. ISBN 9780241278833. 
  5. {{cite web |ref name="assamiyakhabor">"অসমীয়া খবৰ কাকতত প্ৰকাশিত বাতৰি". ১৩ জানুৱাৰী, ২০১৪. http://www.assamiyakhabor.com/publishfinal/asset/guwahati/current/4.html। আহৰণ কৰা হৈছে: 13 জানুৱাৰী 2014. 
  6. "Traditional Assamese breakfast". Times of India. Sep 28, 2020. https://m.timesofindia.com/life-style/food-news/looking-for-healthy-breakfast-ideas-try-these-5-assamese-breakfast-recipes/photostory/78352527.cms। আহৰণ কৰা হৈছে: 19 March 2023.