ছ'ভিয়েট সংঘ

ইউৰেছিয়া বিস্তৃত দেশ (১৯২২–১৯৯১)
(চোভিয়েট ইউনিয়নৰ পৰা পুনঃনিৰ্দেশিত)

ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: Сове́тский Сою́з, ছ'ভেতস্কিয়্‌ ছ'য়ুজ, আইপিএ: [sɐ'vʲetskʲɪj sɐˈjʉs]), আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: Сою́з Сове́тских Социалисти́ческих Респу́блик, ছ'য়ুজ ছ'ভেটস্কিখ ছৎচিয়েলিষ্টিছেস্কিখ ৰেস্প'ব্লিক, আইপিএ:    [sɐˈjus sɐˈvʲɛtskʲɪx sətsɨəlʲɪsˈtʲitɕɪskʲɪx rʲɪˈspublʲɪk], ছুটিকৈ ইউএছএছআৰ (ৰুছ ভাষাত: CCCP, এছএছআৰ) ১৯২২ৰপৰা ১৯৯১লৈ য়ুৰেছিয়া মহাদেশত বৰ্ত্তি থকা এখন সমাজবাদী দেশ। ই আছিল কেইবাখনো ৰাষ্ট্ৰীয় ছ'ভিয়েট গণৰাজ্যৰ সংঘ। এ ছ'ভিয়েট সংঘ এখন এক-দলীয় দেশ আছিল, আৰু ৰাজধানী মস্কোস্থিত পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা শাসিত আছিল।

ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স
Союз Советских Социалистических Республик
Soyuz Sovetskikh Sotsialisticheskikh Respublik

1922–1991[1]
Flag of ছ'ভিয়েট সংঘ/ ছ'ভিয়েট ইউনিয়ন/ ইউ এছ এছ আৰ
Flag
State Emblem of ছ'ভিয়েট সংঘ/ ছ'ভিয়েট ইউনিয়ন/ ইউ এছ এছ আৰ
State Emblem

নীতিবাক্য: Пролетарии всех стран, соединяйтесь!
(Translit.: Proletarii vsekh stran, soyedinyaytes'! )
English: Workers of the world, unite!
(literally: Proletarians of all countries, unite! ) অসমীয়া: সকলো দেশৰ শ্ৰমিক এক হওক
ৰাষ্ট্ৰীয় সংগীত: "দ্য ইণ্টাৰ্ণেচনেইল"
(1922–1944)

"ছ'ভিয়েট সংঘৰ ৰাজ্য সংগীত"
(1944–1991)

The Soviet Union after World War II, not including aligned countries.
The Soviet Union after World War II, not including aligned countries.

ৰাজধানী
আৰু largest city
মস্কো
সাধাৰণ ভাষা ৰুছ
ধৰ্ম
None (state atheism)[2] (see text)
Demonym(s) ছ'ভিয়েট, ৰাছিয়ান, ৰুছ
Government Federal Marxist–Leninist one-party socialist state[3][4][5][6] (until 1990)
Federal semi-presidential republic (after 1990)

General Secretary  
• 1922–1952
জ'চেফ ষ্টেলিন (first)
• 1991
ভ্লেডিমিৰ ইভাস্ক' (last)

Head of state  
• 1922–1938
Mikhail Kalinin (first)
• 1988–1991
Mikhail Gorbachev (last)

Head of government  
• 1922–1924
ভ্লেডিমিৰ লেনিন (first)
• 1991
ইভান চিলায়েভ (last)

বিধানমণ্ডল উচ্চতম চ'ভিয়েট
সংঘৰ ছ'ভিয়েট
জাতিৰ ছ'ভিয়েট

ঐতিহাসিক যুগ আন্তৰ্যুদ্ধ কাল / দ্বিতীয় বিশ্বযুদ্ধ / শীতল যুদ্ধ
• গঠন চুক্তি
৩০ ডিচেম্বৰ 1922
• সংবিধান গৃহীত
৯ অক্টোবৰ ১৯৭৭
• সংঘ ভংগ
২৬ ডিচেম্বৰ 1991[1]

মাটিকালি
1991 2,24,02,200 বৰ্গ কি.মি. (86,49,500 বৰ্গ মাইল)

জনসংখ্যা
• 1991
29,30,47,571

গঠন আৰু প্ৰাৰম্ভিক বছৰ কেইটা

সম্পাদনা কৰক

ছ'ভিয়েট সংঘৰ সৃষ্টিৰ আঁৰত আছিল ১৯১৭ চনৰ অক্টোবৰ মাহৰ ৰুছ বিপ্লৱ, যেতিয়া ব্লাডিমিৰ লেনিন নেতৃত্বাধীন ব'লছেৱিক পাৰ্টিয়ে উত্তৰ-জাৰকালীন অস্থায়ী চৰকাৰৰ হাতৰ পৰা ক্ষমতা কুক্ষিগত কৰিলে। বিপ্লৱৰ কিছুদিন পাছতে দেশত এক গৃহযুদ্ধৰ সৃষ্টি হ’ল। অক্টোবৰ বিপ্লৱৰ সমৰ্থক আৰু বিৰোধীসকল ক্ৰমে 'লালবাহিনী' আৰু 'শ্বেতবাহিনী'ৰ ৰূপত সংগঠিত হ’ল। ১৯২২ পৰ্যন্ত লেনিন নেতৃত্বাধীন ব'লছেৱিকসকল গৃহযুদ্ধত বিজয়ী হ'ল আৰু ৰাছিয়া, ট্ৰেন্সককেচিয়া, য়ুক্ৰেন তথা বেলাৰুছিয়াৰ ছোভিয়েট গণৰাজ্যসমূহ সামৰি সমাজবাদী ছ'ভিয়েট সংঘৰ স্থাপনা কৰা হ'ল। পাৰ্টিৰ নামো এইবাৰ ব'লছেৱিক পাৰ্টিৰ সলনি কমিউনিষ্ট পাৰ্টি কৰা হ’ল। ১৯২৪ত লেনিনৰ মৃত্যুৰ পাছত কিছু বছৰ ধৰি আভ্যন্তৰীন ক্ষমতা যুদ্ধ চলিল আৰু ১৯২০ৰ দশকৰ মাজভাগ পৰ্যন্ত যোছেফ স্তালিন  ক্ষমতালৈ আহিল। ট্ৰটস্কি, কামেনেৱ, জিন'ৱিয়েৱ, বুখাৰিন প্ৰভৃতি লেনিনৰ আন অনুগামীসকলক পৰাস্ত কৰি স্তালিনে সকলো ৰাজনৈতিক ক্ষমতা নিজৰ মাজত কেন্দ্ৰীভূত কৰিলে। তেও এক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত কমাণ্ড অৰ্থনীতিৰো সূচনা কৰিলে। কৃষকসকলক বিভিন্ন সমষ্টিৰ ৰূপত সংগঠিত কৰা হ’ল আৰু সমষ্টিবিলাকৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ সাব্যস্ত কৰা হ’ল। কৃষকৰ অতিৰিক্ত খাদ্যশস্য আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰি স্তালিনে দেশখনত এক ব্যাপক তথা তীব্ৰবেগী ঔদ্যোগীকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰিলে। ইয়েই পাছলৈ ছ'ভিয়েট সংঘক এক বিশ্বশক্তি হিচাপে পৰিগণিত কৰাত সহায় কৰিলে। এই সমগ্ৰ সময়ছোৱাত বিভিন্ন বিৰোধী শক্তিসমূহৰ দমনো অব্যাহত থাকিল। বিশেষকৈ ১৯৩৬-৩৮ সময়ছোৱাত শত্ৰু দেশৰ এজেণ্ট বুলি সন্দেহ কৰি দেশৰ অগণন সামৰিক নেতা, কমিউনিষ্ট পাৰ্টিৰ আন আন সদস্য তথা সাধাৰণ লোকক গ্ৰেপ্তাৰ কৰি শ্ৰম শিৱিৰলৈ নিক্ষেপ কৰা হ’ল তথা বহুতকে মৃত্যুদণ্ডও বিহা হ’ল।

দ্বিতীয় বিশ্বযুদ্ধ আৰু শীতল যুদ্ধৰ আৰম্ভণি

সম্পাদনা কৰক

দ্বিতীয় বিশ্ব যুদ্ধৰ ঠিক কিছু সময় পূৰ্বে ছ'ভিয়েট সংঘই নাজী জাৰ্মানীৰ সৈতে অনা-আক্ৰমণ চুক্তি স্বাক্ষৰ কৰিলে। দুয়োখন দেশে ১৯৩৯ত  প'লেণ্ড দখল কৰিলে। জুন ১৯৪১ত 'অপাৰেছন বাৰ্বাৰুছা'ৰ অধীনত জাৰ্মানসকলে ছ'ভিয়েট সংঘ আক্ৰমণ কৰিলে। যুদ্ধৰ প্ৰথম পৰ্যায়ত ছ'ভিয়েট সংঘৰ বৃহত ক্ষতি হ'ল, কিন্তু লাহে লাহে লালসেনাই নাজীবাহিনীক প্ৰত্যাহবান জনাবলৈ ধৰিলে। স্তালিনগ্ৰাডৰ যুদ্ধত লালসেনাই জাৰ্মানসেনাক সম্পূৰ্ণভাৱে পৰাস্ত কৰিলে। অৱশেষত ১৯৪৫ত ছ'ভিয়েট সংঘই বাৰ্লিন দখল কৰিলে। লাল সেনাই দখল কৰা অঞ্চল সমূহ পাছলৈ ইষ্টাৰ্ণ ব্লকৰ ছেটেলাইট ৰাজ্যলৈ পৰিণত হ'ল। ১৯৪৭ মানৰে পৰা শীতল যুদ্ধৰ আৰম্ভণি ঘটিল। ছ'ভিয়েট সংঘৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেচন বা চমুকৈ 'নাটো' গঠন কৰিলে ১৯৪৯ত।

স্তালিনৰ মৃত্যুৰ পাছত

সম্পাদনা কৰক

১৯৫৩ত স্তালিনৰ মৃত্যুৰ পাছত নতুন ৰাষ্ট্ৰনেতা খ্ৰুচ্ছেৱৰ নেতৃত্বত উদাৰীকৰণৰ এক প্ৰচেষ্টা দেখা পোৱা গ'ল, যাক 'ডি-স্তালিনাইজেচন' আৰু 'খ্ৰুচেভছ প্ৰচেষ্টা' বোলা হয়। দেশৰ দ্ৰুত বিকাশ ঘটিল, কেইবা নিযুত কৃষকক ঔদ্যোগীকৃত নগৰলৈ স্থানান্তৰিত কৰা হ'ল। মহাকাশ দৌৰত এক আগতীয়া অগ্ৰগতি লভি ছ'ভিয়েট সংঘই প্ৰথম উপগ্ৰহ স্থাপন কৰিলে, মহাকাশত  প্ৰথম মানুহ প্ৰেৰণ কৰিলে। ১৯৭০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰে সম্পৰ্ক কিছু ভাললৈ আহিছিল যদিও ১৯৭৯ত আফগানিস্তানত সেনা প্ৰেৰণ কৰাত সম্পৰ্ক পুনৰ বেয়া হ'ল। যুদ্ধত অৰ্থনৈতিক সম্পদৰ ক্ষতি হৈছিল আৰু আমেৰিকাই মুজাহিদীন যুঁজাৰুসকলক সহায় কৰাৰ পাছত ই অধিক বৃদ্ধি পালে।

১৯৮০ৰ দশকৰ মাজ ভাগত অন্তিম ছ'ভিয়েট নেতা মিখাইল গৰ্বাছেৱে অৰ্থনীতিক অধিক সংস্কাৰ কৰিব বিচাৰিলে নিজৰ গ্লাচন'ষ্ট আৰু পেৰেষ্ট্ৰইকাৰ জৰিয়তে। উদ্দেশ্য আছিল অৰ্থনৈতিক অনগ্ৰসৰতাৰ অৱসান ঘটোৱা। তেওৰ কাৰ্যকালতে শীতল যুদ্ধৰো অৱসান ঘটিল আৰু পূব ইউৰোপৰ ছেটেলাইট দেশসমূহত কমিউনিষ্ট চৰকাৰসমূহে ক্ষমতা হেৰুৱালে। ইউএছএছআৰৰ ভিতৰতো কেইবাটাও জাতীয়তাবাদী আৰু বিচ্ছিন্নতাবাদী আন্দোলন গঢ় লৈ উঠিল। কেন্দ্ৰীয় প্ৰশাসনে বেল্টিক গণৰাজ্যবিলাক, আৰ্মেনিয়া, জৰ্জিয়া আৰু মলড'ভাৰ দ্বাৰা অসমৰ্থিত এক ৰেফাৰেণ্ডাম অনুষ্ঠিত কৰিলে, য'ত প্ৰায়সংখ্যক অংশগ্ৰহণকাৰী নাগৰিকে সংঘক এক পুনৰ্নৱীকৃত ফেডাৰেচন হিচাপে ৰখাৰ পক্ষত মতদান কৰিলে। আগষ্ট ১৯৯১ত কমিউনিষ্ট পাৰ্টিৰ ৰক্ষণশীল অংশটোৱে এক অভ্যুত্থানৰ চেষ্টা কৰিলে। ৰাছিয়ান ৰাষ্ট্ৰপতি বৰিছ য়েল্টচিনৰ প্ৰচেষ্টাত ই বিফল হ'ল আৰু কমিউনিষ্ট পাৰ্টি নিষিদ্ধ ঘোষিত হ'ল। ২৫ ডিচেম্বৰ ১৯৯১ত গৰ্বাচেৱে পদত্যাগ কৰিলে আৰু ছ'ভিয়েট সংঘ ভংগ হোৱাৰ পাছত ১২খন গঠনকাৰী গণৰাজ্য আইন হ'ল। ৰাছিয়ান ফেডাৰেচনে (পূৰ্বতে ৰাছিয়ান এছএছআৰ)  ছ'ভিয়েট সংঘৰ উত্তৰাধিকাৰ আৰু দায়িত্ব গ্ৰহণ কৰি ছ'ভিয়েট সংঘৰ মুখ্য আইনী উত্তৰসূৰী হিচাপে পৰিগণিত হ'ল।[7][8][9]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Declaration № 142-Н of the Soviet of the Republics of the Supreme Soviet of the Soviet Union, formally establishing the dissolution of the Soviet Union as a state and subject of international law. ৰুছ
  2. Scott Shane (2 October 1990). "73 Years of State Atheism in the Soviet Union, ended amid collapse in 1990". Baltimore Sun. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014172854/http://articles.baltimoresun.com/1990-10-02/news/1990275061_1_supreme-soviet-religious-classes-atheism। আহৰণ কৰা হৈছে: 13 October 2013. 
  3. Historical Dictionary of Socialism. James C. Docherty, Peter Lamb. Page 85. "The Soviet Union was a one-party Marxist-Leninist state.".
  4. Ideology, Interests, and Identity Archived 2013-07-21 at the Wayback Machine. Stephen H. Hanson. Page 14. "the USSR was officially a Marxist-Leninist state"
  5. The Fine Line between the Enforcement of Human Rights Agreements and the Violation of National Sovereignty: The Case of Soviet Dissidents. Jennifer Noe Pahre. Page 336. "[...] the Soviet Union, as a Marxist-Leninist state [...]". Page 348. "The Soviet Union is a Marxist–Leninist state."
  6. Leninist National Policy: Solution to the "National Question?". Walker Connor. Page 31. "[...] four Marxist-Leninist states (the Soviet Union, China, Czechoslovakia and Yugoslavia)[...]"
  7. The term "successor state of the Soviet Union" for the Russian Federation was laid down in paragraph 3 of article 1 and paragraph 7 of article 37 of the Federal law "On international treaties of the Russian Federation" of 15 July 1995 No. 101-FZ (adopted by the State Duma on 16 June 1995).
  8. [The case of Mikhail Suprun: the story of political repression as an invasion of privacy http://echo.msk.ru/programs/kulshok/822592-echo/#element-text]
  9. On 13 January 1992 the Russian MFA has dispatched to heads of diplomatic missions in Moscow a note in which it was stated that the Russian Federation continues to exercise rights and perform obligations under all agreements concluded by the USSR.