চৰণ নাৰ্জাৰী
চৰণ নাৰ্জাৰী অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক আছিল৷ তেখেতেে ১৯৭২ আৰু ১৯৮৫ত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি পৰিষদৰ তেখেত আছিল অন্যতম প্ৰতিষ্ঠাপত নেতা৷ ১৯৬৭ত দলৰ প্ৰতিষ্ঠাকালৰেপৰা ১৯৯৩লৈ তেখেত অসম ভৈয়াম জনজাতি পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল৷ ২০১৯ৰ ২৩ জুলাইত পুৱা ৪-৩০ বজাত ৮৭ বছৰ বয়সত তেখেতৰ গুৱাহাটীত মৃত্যু হয়৷[1][2]
চৰণ নাৰ্জাৰী | |
---|---|
সাংসদ, লোক সভা | |
কাৰ্যকাল ১৯৭৭–১৯৮০ | |
পূৰ্বসূৰী | ডি. বসুমতাৰী |
উত্তৰসূৰী | সমৰ ব্ৰহ্ম চৌধুৰী |
সমষ্টি | কোকৰাঝাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ মে', ১৯৩৩ হাতীমাথা গাঁও, গোৱালপাৰা জিলা, অসম, বিট্ৰিছ ভাৰত |
মৃত্যু | ২৩ জুলাই, ২০১৯ (৮৬ বছৰ) |
ৰাজনৈতিক দল | নিৰ্দলীয় |
দাম্পত্যসঙ্গী | ভবানী ব্ৰহ্ম দত্ত |
কৰ্মজীৱন
সম্পাদনা কৰকনাৰ্জাৰীৰ জন্ম ২৮ মে' ১৯৩৩ চনত গোৱালপাৰা জিলাৰ হাতীমাথা গাঁওত হৈছিল৷ দাৰিদ্ৰ আৰু প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলগীয়া হোৱা নাৰ্জাৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লয়৷ তেখেতে এলএলবি ডিগ্ৰীও লয়৷ তাৰপিছত কোকৰাঝাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ শিক্ষকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰে৷ শিক্ষক হিচাপে তেখেতে প্ৰভূত জনপ্ৰিয়তা আৰু ছাত্ৰসকলৰ পৰা শ্ৰদ্ধা আদায় কৰিবলৈ সক্ষম হৈছিল৷ তেখেতে বড়ো মাধ্যমৰ পাঠ্যপুথিৰ বাবে গদ্য আৰু কবিতাও ৰচনা কৰিছিল৷[1]
লাহেলাহে তেখেত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে৷ অসমৰ ভৈয়াম জনজাতিসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে কেইগৰাকীমান সমভাৱাপন্ন লোকেৰে সৈতেে ১৯৬৭ চনত অসম ভৈয়াম জনজাতি পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে৷ প্ৰতিষ্ঠা কালৰে পৰা ১৯৯৩ চনলৈ তেখেত দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকে৷ 'ডিভাইড আচাম ফিফটি ফিফটি' শ্লোগান দি অসম ভৈয়াম জনজাতি পৰিষদে বড়োসকলৰ বাবে এখন সুকীয়া ৰাজ্য 'উদয়াচল'[2] গঠনৰ দাবী উত্থাপন কৰে৷ এই দলটোৰ টিকট লৈয়ে তেখেত ১৯৭২ চনত আৰু ১৯৮৫ চনত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হয়৷[3]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Charan Narzary, Former Kokrajhar MP and Flag Bearer of Bodo Nationalism, Dies Aged 87". https://insidene.com/2019/07/23/charan-narzary-former-kokrajhar-mp-and-flag-bearer-of-bodo-nationalism-dies-aged-87/। আহৰণ কৰা হৈছে: 25 July 2019.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 "প্ৰাক্তন সাংসদ, বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চৰণ নাৰ্জাৰীৰ দেহাৱসান". https://assam.nenow.in/former-mp-mla-charan-narzary-died-on-tuesday-early-morning/। আহৰণ কৰা হৈছে: 25 July 2019.
- ↑ "উদয়াচল দাবীৰ জনক প্ৰাক্তন সাংসদ চৰণ নাৰ্জাৰীৰ দেহাৱসান, শোকস্তব্ধ কোকৰাঝাৰ". Archived from the original on 25 July 2019. https://web.archive.org/web/20190725174541/https://www.asomiyapratidin.in/charan-narzary-former-mp-n-mla-is-no-more-lefts-people-tragic/। আহৰণ কৰা হৈছে: 25 July 2019.