লোকসভা
লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতিজন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫জন সদস্য আছে। ২০০৯ চনলৈকে ভাৰতত মুঠ ১৬খন লোকসভা গঠিত হৈছে।
লোকসভা | |||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ধৰন | |||||||||||||||||||||||||||||||||||||||||||||||||||||
ধৰন | ভাৰতৰ সংসদৰ নিম্ন সদন | ||||||||||||||||||||||||||||||||||||||||||||||||||||
নেতা | |||||||||||||||||||||||||||||||||||||||||||||||||||||
অধ্যক্ষ | ঔম বিৰলা (ভাজপা) ৬ জুন, ২০১৪ | ||||||||||||||||||||||||||||||||||||||||||||||||||||
গৰিষ্ঠ দলনেতা | নৰেন্দ্ৰ মোদী, (ভাৰতীয় জনতা পাৰ্টি) ১৬ মে, ২০১৪ | ||||||||||||||||||||||||||||||||||||||||||||||||||||
বিৰোধী দলনেতা | কোনো দলেই ১০% আসন নোপোৱাত এই পদ খালি হৈ আছে | ||||||||||||||||||||||||||||||||||||||||||||||||||||
গঠন | |||||||||||||||||||||||||||||||||||||||||||||||||||||
সদস্য | ৫৫২ (৫৫০জন নিৰ্বাচিত + ২জন মনোনীত) | ||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাজনৈতিক দলসমূহ | সংযুক্ত প্ৰগতিশীল মৰ্চা (ইউপিএ) জাতীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ) বামফ্ৰণ্ট | ||||||||||||||||||||||||||||||||||||||||||||||||||||
নিৰ্বাচন | |||||||||||||||||||||||||||||||||||||||||||||||||||||
বিগত নিৰ্বাচন | এপ্ৰিল-মে, ২০১৪ | ||||||||||||||||||||||||||||||||||||||||||||||||||||
সভাৰ স্থান | |||||||||||||||||||||||||||||||||||||||||||||||||||||
[[Image:
স্থানাংক: 28°37′2″N 77°12′29″E / 28.61722°N 77.20806°E The Parliament of India (IAST: Bhāratīya Sansad) is the supreme legislative body of the Republic of India. It is a bicameral legislature composed of the Rajya Sabha (Council of States) and the Lok Sabha (House of the People). The President of India, in their role as head of the legislature, has full powers to summon and prorogue either house of Parliament or to dissolve the Lok Sabha, but they can exercise these powers only upon the advice of the Prime Minister and their Union Council of Ministers. Those elected or nominated (by the president) to either house of Parliament are referred to as members of Parliament (MPs). The members of parliament of the Lok Sabha are directly elected by the Indian public voting in single-member districts and the members of parliament of the Rajya Sabha are elected by the members of all state legislative assemblies by proportional representation. The Parliament has a sanctioned strength of 552 in the Lok Sabha and 250 in the Rajya Sabha including 12 nominees from the expertise of different fields of literature, art, science, and social service.[4] The Parliament meets at Sansad Bhavan in New Delhi. The Parliament of India represents the largest democratic electorate in the world (the second is the European Parliament), with an electorate of 912 million eligible voters in 2019. On 28 May 2023, the Prime Minister of India, Narendra Modi, unveiled and inaugurated the New Parliament Building, located adjacent to the previous one.|250px]] | |||||||||||||||||||||||||||||||||||||||||||||||||||||
সংসদ ভৱনৰ দৃশ্য | |||||||||||||||||||||||||||||||||||||||||||||||||||||
ৱেবছাইট | |||||||||||||||||||||||||||||||||||||||||||||||||||||
loksabha.nic.in |
লোকভাৰ সদস্য সকলৰ পৰা এজনক অধ্যক্ষ্ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰা হয়। সদনৰ কাম-কাজ অধ্যক্ষৰ দায়িত্ব।
প্ৰত্যেক লোকসভাৰ ম্যাদ পাঁচ বছৰ। পাঁচ বছৰ অন্তৰত এই সভা স্বয়ংক্ৰিয়ভাৱেই বিলুপ্ত হয়। তেতিয়া জৰুৰী অৱস্থা ঘোষণাৰ মাধ্যমত এই সভাৰ ম্যাদ আৰু এবছৰ বঢ়োৱা যায়। ভাৰতৰ পঞ্চদশ লোকসভা গঠিত হৈছে ২০০৯ চনৰ মে মাহত। ২০০১ চনৰ ভাৰতীয় লোকপিয়লৰ পৰিপ্ৰেক্ষিতে সাম্প্ৰতিকসময়ত লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে গঠিত হয় সীমা পুনৰ্নিদ্ধাৰণ কমিশ্যন। সীমা পুনৰ্নিদ্ধাৰণৰ কামটো প্ৰকৃতপক্ষে প্ৰত্যেক লোকপিয়লৰ পাছত হোৱাৰ কথা। কিন্তু ১৯৭৬ চনত পৰিবাৰ পৰিকল্পনা কৰ্মসূচিৰ প্ৰভাৱৰ বাবে এটা বিশেষ সংবিধান সংশোধনীৰ দ্বাৰা এই কাম স্থগিত কৰা হৈছিল।[5] বৰ্তমান লোকসভা টিভি নামে লোকসভাৰ এটা নিজস্ব দূৰদৰ্শন কেন্দ্ৰ আছে, যাৰ সদৰ সংসদ ভৱনৰ ওপৰতে অৱস্থিত।
সদস্য হোৱাৰ যোগ্যতা
সম্পাদনা কৰকসংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। লোকসভাৰ সদস্যসকলৰ অৱশ্যে ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ২৫ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল লোকসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে। সংৰক্ষিত আসনৰ ক্ষেত্ৰত প্ৰাৰ্থীক অৱশ্যে তফসিলি জাতি বা উপজাতি তালিকাভুক্ত হ’ব পাৰে।
অধিবেশন আৰু দৈনিক কাৰ্যকাল
সম্পাদনা কৰকসাধাৰণ দিনত লোকসভাৰ কাৰ্যকাল ৰাতিপুৱা ১১টাৰ পৰা দুপৰীয়া ১টা আৰু দুপৰীয়া ২টাৰ পৰা সন্ধ্যা ৬টা বজালৈ। অৱশ্যে কেতিয়াবা অধিবেশন অনিৰ্দিষ্ট সময়লৈ চলিব পাৰে। ইয়াৰ বাহিৰেও ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ কাৰণত জৰুৰীকালীন অধিবেশন অনুষ্ঠিত কৰিব পাৰে। প্ৰত্যেক বৈঠকৰ প্ৰথম ঘণ্টাটো প্ৰশ্নোত্তৰ কাল (Question hour) নামে পৰিচিত। এই পৰ্বত সদস্যসকলে নিৰ্দিষ্ট বিষয়ত প্ৰশ্ন উত্থাপন কৰে আৰু সংশ্লিষ্ট বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীসকলে সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। অৰ্থ বিল বাদে আন সকলো ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ আইনবিভাগীয় ক্ষমতা একেই। অৰ্থবিলৰ ক্ষেত্ৰত লোকসভাই সৰ্বোচ্চ কৰ্তৃপক্ষ। আইনবিভাগৰ কোনো বিষয়কলৈ উভয় কক্ষৰ মাজত বিৰোধ দেখা গ’লে যৌথ অধিবেশনৰ মাধ্যমেৰে তাৰ মীমাংসা কৰা হয়। তথাপিটো এই ধৰণৰ অধিবেশনত সাধাৰণতে লোকসভাৰ সদস্যসকলেই জয়ী হয়। কাৰণ, লোকসভাৰ সদস্যসংখ্যা ৰাজ্যসভাৰ প্ৰায় দুগুণ।
বাৰ্ষিক কাৰ্যসূচী
সম্পাদনা কৰকপ্ৰত্যেক বছৰত লোকসভাৰ তিনিটা অধিবেশন হয়। সেয়া হ'ল
- বাজেট অধিবেশন, ফেব্ৰুৱাৰীৰ পৰা মে।
- বৰ্ষাকালীন অধিবেশন, জুলাইৰ পৰা চেপ্তেম্বৰ।
- শীতকালীন অধিবেশন, নবেম্বৰৰ পৰা ডিচেম্বৰ।
বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভা সমষ্টিৰ সংখ্যা
সম্পাদনা কৰকৰাজ্য | ধৰণ | সমষ্টিৰ সংখ্যা[6] |
---|---|---|
অন্ধ্ৰপ্ৰদেশ | ৰাজ্য | ৪২ |
অৰুণাচল প্ৰদেশ | ৰাজ্য | ২ |
অসম | ৰাজ্য | ১৪ |
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | কেন্দ্ৰীয় শাসিত অঞ্চল | ১ |
উত্তৰাখণ্ড | ৰাজ্য | ৫ |
উত্তৰপ্ৰদেশ | ৰাজ্য | ৮০ |
উৰিষ্যা | ৰাজ্য | ২১ |
কেৰালা | ৰাজ্য | ২০ |
কৰ্ণাটক | ৰাজ্য | ২৮ |
গোৱা | ৰাজ্য | ২ |
গুজৰাট | ৰাজ্য | ২৬ |
চণ্ডীগড় | কেন্দ্ৰীয় শাসিত অঞ্চল | ১ |
ছিক্কিম | ৰাজ্য | ১ |
ছত্তীছগঢ় | ৰাজ্য | ১১ |
জম্মু আৰু কাশ্মীৰ | ৰাজ্য | ৬ |
ঝাৰখণ্ড | ৰাজ্য | ১৪ |
তামিলনাডু | ৰাজ্য | ৩৯ |
ত্ৰিপুৰা | ৰাজ্য | ২ |
দাদৰা আৰু নগৰ হাৱেলী | কেন্দ্ৰীয় শাসিত অঞ্চল | ১ |
দিল্লী | জাতীয় ৰাজধানী অঞ্চল | ৭ |
দমন আৰু দিউ | কেন্দ্ৰীয় শাসিত অঞ্চল | ১ |
নাগালেণ্ড | ৰাজ্য | ১ |
পঞ্জাব | ৰাজ্য | ১৩ |
পণ্ডীছেৰী | কেন্দ্ৰীয় শাসিত অঞ্চল | ১ |
পশ্চিমবংগ | ৰাজ্য | ৪২ |
বিহাৰ | ৰাজ্য | ৪০ |
মিজোৰাম | ৰাজ্য | ১ |
মেঘালয় | ৰাজ্য | ২ |
মণিপুৰ | ৰাজ্য | ২ |
মধ্যপ্ৰদেশ | ৰাজ্য | ২৯ |
মহাৰাষ্ট্ৰ | ৰাজ্য | ৪৮ |
ৰাজস্থান | ৰাজ্য | ২৫ |
লাক্ষাদ্বীপ | কেন্দ্ৰীয় শাসিত অঞ্চল | ১ |
হাৰিয়ানা | ৰাজ্য | ১০ |
হিমাচল প্ৰদেশ | ৰাজ্য | ৪ |
ক্ষমতা আৰু দায়িত্ব
সম্পাদনা কৰককেন্দ্ৰীয় চৰকাৰে যিকোনো আইন প্ৰনয়ণ কৰাৰ আগতে ইয়াক বিধেয়ক হিচাবে সংসদত উত্থাপিত কৰিব লাগে। দুয়োখন সংসদে বিধেয়কখন ভোটৰ দ্বাৰা অনুমোদিত কৰিলেহে সেয়া আইনত পৰিণত হয়। বিত্তীয় বিধেয়ক ৰাজ্যসভাই নাকচ কৰিব নোৱাৰে, কিন্তু লোকসভাই নাকচ কৰিব পাৰে।
কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ কেবল লোকসভাতহে উত্থাপন কৰিব পাৰি। যদি এই প্ৰস্তাব গৃহীত হয়, তেন্তে প্ৰধান মন্ত্ৰী আৰু তেওৰ মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব। যদি কোনো দলেই লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেনেহলে ৰাষ্ট্ৰপতি য়ে লোকসভা ভঙ্গ কৰি দিব। অৱশ্যে ৰাজ্যসভা ভঙ্গ কৰিব নোৱাৰি। সংবিধান সংশোধনী বিধেয়কো দুয়োখান সদনে গ্ৰহণ কৰিব লাগিব।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Droupadi Murmu takes oath as the 15th President of India". The Hindu (New Delhi, India). 25 July 2022. https://www.thehindu.com/news/national/droupadi-murmu-takes-oath-as-countrys-15th-president/article65681087.ece.
- ↑ "Jagdeep Dhankhar sworn in as 14th Vice-President of India". The Times of India (Mumbai, India). 11 August 2022. https://timesofindia.indiatimes.com/india/jagdeep-dhankhar-sworn-in-as-14th-vice-president-of-india/articleshow/93493035.cms.
- ↑ "Narendra Modi is sworn in as the 15th Prime Minister of India". The Times of India. 26 May 2014. http://timesofindia.indiatimes.com/news/Narendra-Modi-is-sworn-in-as-the-15th-Prime-Minister-of-India/articleshow/35620796.cms.
- ↑ "Nominated Members of Rajya Sabha". Rajya Sabha. https://rajyasabha.nic.in/rsnew/practice_procedure/book2.asp। আহৰণ কৰা হৈছে: 26 January 2022.
- ↑ Election Commission India
- ↑ "Lok Sabha Introduction". National Informatics Centre, Government of India. http://parliamentofindia.nic.in/ls/intro/introls.htm। আহৰণ কৰা হৈছে: 2008-09-22.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত লোকসভা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |