ছংক্ৰান (ইংৰাজী: Songkran) হৈছে থাইলেণ্ড, লাওচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনামৰ কিছু অংশ আৰু চীনৰ জিচুয়াংবান্নাত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ।[1][2] ছংক্ৰান শব্দটোৰ মূল হৈছে সংস্কৃত ভাষাৰ সংক্ৰান্তি। পাৰ্শ্বীয় জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি যেতিয়া সূৰ্যই মেষ ৰাশিৰ নক্ষত্ৰমণ্ডলীলৈ গতি কৰে তেতিয়াই ছংক্ৰানৰ আৰম্ভণি হয়।[3] দক্ষিণ এছিয়াৰ অধিকাংশ অঞ্চলৰ হিন্দু দিনপঞ্জী-আধাৰিত নৱবৰ্ষ উৎসৱ বা মেষ সংক্ৰান্তিৰ সৈতে ছংক্ৰানৰ সম্পৰ্ক দেখা যায়।

ছংক্ৰান
ছংক্ৰান
এক ক্ষ্মেৰ চিত্ৰত নৱবৰ্ষৰ সূচনা দি সূৰ্য দেৱতাই সূৰ্যক দিয়া অৱস্থানৰ দৃশ্য
সম্পূৰ্ণ নাম
আঞ্চলিক নাম
  • သင်္ကြန် (বাৰ্মী)
  • ចូលឆ្នាំថ្មី (ক্ষ্মেৰ)
  • ປີໃໝ່ (লাও)
  • 泼水节 (মেণ্ডেৰিন)
  • संक्रांति (সংস্কৃত)
  • අලුත් අවුරුද්ද (সিংহলী)
  • สงกรานต์ (থাই)
অন্য নাম দক্ষিণ এছিয়াৰ নৱবৰ্ষ
পালন কৰে বাৰ্মিজ, কঅম্বোডিয়ান, ডাই, লাওছিয়াম, থাই, বআংলাদেশী, শ্ৰীলংকান, টাই ডাম আৰু উত্তৰ-পূব ভাৰতৰ কিছুসংখ্যক জনগোষ্ঠী
প্ৰকাৰ এছিয়াৰ উৎসৱ
মহত্ব নৱবৰ্ষ
তাৰিখ সাধাৰণতে ১৩–১৪ এপ্ৰিল
সম্পৰ্কিত মেষ সংক্ৰান্তি
সংঘটন বাৰ্ষিক

বিভিন্ন দেশত সম্পাদনা কৰক

  • চৌল চাম মে, কম্বোডিয়া
  • পি মাই, লাওছ
  • আলুথ আভুৰুড্ডা, শ্ৰীলংকা
  • ছংক্ৰান, থাইলেণ্ড
  • থিংয়ান, ম্যানমাৰ
  • চাংকেন, অৰুণাচল প্ৰদেশ আৰু অসম
  • পানী ছটিওৱা উৎসৱ, চীনৰ জিশ্বুৱাংবানা আৰু ভিয়েটনামৰ উত্তৰাঞ্চল[4][5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক