ছানয়া মালহোত্ৰা

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী

ছানয়া মালহোত্ৰা (ইংৰাজী: Sanya Malhotra, জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৯২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ছানয়াৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ২০১৬ চনত মুক্তি লাভ কৰা জীৱনীমূলক ক্ৰীড়াভিত্তিক ছবি 'দংগল'ৰ জৰিয়তে পৰ্দাত ভুমূকি মৰা ছানয়াই ২০১৮ চনত 'বধাই হো' নামৰ ছবিখনত সফলভাৱে অভিনয় কৰে। স্মৰ্তব্য যে, দুয়োখন ছবিয়েই বাণিজ্যিকভাৱে সফল প্ৰতিপন্ন হয়। ২০১৯ চনত মুক্তি লাভ কৰা 'ফটোগ্ৰাফ' নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ছানয়াই ফিল্মফেয়াৰত সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানলৈ মনোনীত হয়। ২০২০ চনত মুক্তি লাভ কৰা 'শকুন্তলা দেৱী' আৰু 'লুডো'ৰ বাবে ছানয়াই দৰ্শকসমাজৰ পৰা প্ৰশংসা লাভ কৰে।

ছানয়া মালহোত্ৰা

২০১৯ চনত মালহোত্ৰা
জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৯২ (৩২ বছৰ)[1]
দিল্লী, ভাৰত
শিক্ষানুষ্ঠান গাৰ্গী কলেজ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমান
উল্লেখযোগ্য কৰ্ম দংগল, লুডো, ফটোগ্ৰাফ

সংক্ষিপ্ত জীৱন সম্পাদনা কৰক

১৯৯২ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ নতুন দিল্লীত ছানয়া মালহোত্ৰাৰ জন্ম হৈছিল। তেখেতৰ প্ৰতিপালনো দিল্লীতেই হয়। ছানয়াই কণ্টেমপ'ৰাৰি আৰু বেলে নৃত্যত প্ৰশিক্ষণ লাভ কৰিছে।[2] গাৰ্গী কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত[3] ছানয়াই নৃত্যভিত্তিক ৰিয়েলিটি শ্ব' 'ডান্স ইণ্ডিয়া ডান্স'ত অংশগ্ৰহণ কৰে আৰু 'শীৰ্ষ এশ'লৈ নিৰ্বাচিত হয়।[4] পৰৱৰ্তী সময়ত তেখেত মুম্বাইলৈ আহে আৰু অডিশ্যন দিবলৈ আৰম্ভ কৰে। টিভিৰ বিজ্ঞাপনৰ বাবে কেমেৰা পৰিচালকৰ লগত সহায়ক হিচাপে ছানয়াই কাম কৰে।[5] মুকেশ ছাবাৰিয়া নামৰ কাষ্টিং পৰিচালকজনে পৰৱৰ্তী সময়ত ছানয়াৰ লগত যোগাযোগ কৰে।[4]

নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ ছবি 'দংগল' আছিল ছানয়াৰ প্ৰথমখন ছবি। নৱাগতা অভিনেত্ৰী ফাটিমা ছানা শ্বেইখয়েও ছানয়াৰ সৈতে অভিনয় কৰে।[2] ছবিখনত অভিনয় কৰাৰ প্ৰাক্-মুহূৰ্তত ছানয়াই প্ৰকাশ কৰে যে- মল্লযুদ্ধৰ বিষয়ে তেখেতৰ বিশেষ জ্ঞান নাই। সেয়েহে জ্ঞানাৰ্জনৰ বাবে ছানয়াই মল্লযুঁজৰ বহুকেইটা ভিডিঅ' চায় আৰু প্ৰশিক্ষণো লয়।[2] ছবিখনত বলিউদৰ অভিনেতা আমিৰ খানে অভিনয় কৰিছিল। দংগলে সমালোচকৰ পৰা প্ৰশংসা আদায় কৰে আৰু ব্যৱসায়িক দিশতো অপাৰ সফলতা অৰ্জন কৰে। ২০১৭ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে দংগল জনাজাত হয়।[6][7] চলচ্চিত্ৰ সমালোচক অনুপমা চোপ্ৰাৰ মতে, ছবিখনৰ কাহিনীটোত ছানয়া মালহোত্ৰাই শক্তিশালী সমৰ্থন আগবঢ়াইছে।[8] ২০১৭ চনৰে আন এখন ছবি "ছিক্ৰেট ছুপাৰষ্টাৰ"ৰ এটা বিশেষ গীত 'ছেক্সি বলিয়ে' ছানয়াই কৰিঅ'গ্ৰাফ কৰে। গীতটোত আমিৰ খানে নৃত্য পৰিৱেশন কৰে।[9]

দুবছৰৰ বিৰতিৰ পাছত ছানয়াক দেখা যায় বিশাল ভাৰদ্বাজৰ ছবি 'ফাটাকা'ত। ছবিখনৰ আনটো গুৰুত্বপূৰ্ণ চৰিত্ৰত নৱাগতা ৰাধিকা মাদানে অভিনয় কৰিছে।[10] ২০১৯ চনত বলিউডৰ জনপ্ৰিয় অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ সৈতে ছানয়াই 'ফটোগ্ৰাফ' নামৰ ছবিখনত অভিনয় কৰে। ছবিখন ২০১৯ চনৰ ৬৯তম বাৰ্লিন ইণ্টাৰনেশ্যনেল ছবি মহোৎসৱ আৰু ছানডেন্স ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[11] ২০২০ চনত ছানয়াৰ দুখন উল্লেখযোগ্য ছবিয়ে মুক্তিলাভ কৰে। প্ৰথমখন ছবি আছিল মানৱ কম্পিউটাৰ হিচাপে খ্যাতি লাভ কৰা শকুন্তলা দেৱীৰ জীৱন আধাৰিত ছবি 'শকুন্তলা দেৱী'। ছবিখনত ছানয়াই শকুন্তলা দেৱীৰ জীয়ৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। আনখন ছবি আছিল অনুৰাগ বাসুৰ 'লুডো'। পংকজ ত্ৰিপাঠী, আদিত্য ৰয় কাপুৰ, অভিষেক বচ্চন, ফাটিমা ছানা শ্বেইখ, ৰাজকুমাৰ ৰাওৱে অভিনয় কৰা এন্থল'জি ছবিখন ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে নেটফ্লিক্সত মুক্তি দিয়া হয়।[12]

২০২১ চনৰ ২৬ মাৰ্চত ছানয়াই কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰা হিন্দী ছবি পগলেইট মুক্তি হয়। নেটফ্লিক্সত মুক্তিলাভ কৰা এই ছবিখনত ছানয়াই আগবঢ়োৱা প্ৰদৰ্শনক দৰ্শক-সমালোচকে একেমুখে প্ৰশংসা কৰে।[13][14]

সন্মান সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ বঁটা শিতান ফলাফল Ref.
২০১৭ দংগল চিএনএন-নিউজ ১৮ মুভি বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত [15]
২০১৮ জেকি শ্বান একছন মুভি বঁটা শ্ৰেষ্ঠ নতুন একছ্যন প্ৰদৰ্শনকাৰী বিজয়ী [16]
২০১৯ পটাখা স্ক্ৰীণ বঁটা সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মনোনীত [17]
২০২০ ফটোগ্ৰাফ ফিল্মফেয়াৰ ফিল্মফেয়াৰৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মনোনীত [18]
২০২১ লুডো মনোনীত [19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Sanya Malhotra gets birthday wish from Daniel Radcliffe, her response has a Harry Potter connection" (en ভাষাত). Hindustan Times. 25 February 2020. https://www.hindustantimes.com/bollywood/sanya-malhotra-gets-birthday-wish-from-daniel-radcliffe-her-response-has-a-harry-potter-connection/story-HVOG2UJJGD0hXvxXvMAzmL.html। আহৰণ কৰা হৈছে: 28 August 2020. 
  2. 2.0 2.1 2.2 "Dangal selection process: Sanya Malhotra talks about the emotionally exhausting experience". India.com. 16 December 2016. http://www.india.com/showbiz/dangal-selection-process-sanya-malhotra-talks-about-the-emotionally-exhausting-experience-1708568/। আহৰণ কৰা হৈছে: 26 September 2018. 
  3. Sharma, Riya (21 February 2017). "Sanya Malhotra: I did not attend even a single class during my three years in college" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/delhi/sanya-malhotra-i-did-not-attend-even-a-single-class-during-my-three-years-in-college/articleshow/57252916.cms। আহৰণ কৰা হৈছে: 5 February 2021. 
  4. 4.0 4.1 Awaasthi, Kavita (22 January 2017). "Dangal: For some reason, I thought it's a Kangana Ranaut film, says Sanya Malhotra". Hindustan Times. https://www.hindustantimes.com/bollywood/dangal-girl-sanya-malhotra-says-she-was-never-a-khan-fan/story-PmXWtn6JexMFNkdFWbruEJ.html। আহৰণ কৰা হৈছে: 26 September 2018. 
  5. Rathi, Vasundhara (20 December 2016). "Braving the bruises". The Hindu. https://www.thehindu.com/entertainment/movies/Braving-the-bruises/article16907284.ece। আহৰণ কৰা হৈছে: 26 September 2018. 
  6. Goswami, Parismita (23 December 2016). "Dangal review roundup: Critics verdict is out; check out what they have to say about Aamir Khan-starrer". International Business Times. https://www.ibtimes.co.in/dangal-review-roundup-heres-what-critics-have-say-about-aamir-khan-starrer-709409। আহৰণ কৰা হৈছে: 26 September 2018. 
  7. Cain, Rob (19 June 2017). "How An Indian Drama Became The World's Highest-Grossing Sports Movie Of 2017". Forbes. https://www.forbes.com/sites/robcain/2017/06/19/how-an-indian-drama-became-the-worlds-highest-grossing-sports-movie-of-2017/. 
  8. Chopra, Anupama (22 December 2016). "Dangal Movie Review". Film Companion. https://www.filmcompanion.in/article/dangal-bollywood-movie-review-anupama-chopra। আহৰণ কৰা হৈছে: 24 May 2017. 
  9. Goyal, Divya (16 October 2017). "Secret Superstar: Sanya Malhotra Enjoyed Making Aamir Khan Dance To Sexy Baliye This Much". NDTV. https://www.ndtv.com/entertainment/secret-superstar-sanya-malhotra-enjoyed-making-aamir-khan-dance-to-sexy-baliye-this-much-1763650। আহৰণ কৰা হৈছে: 28 September 2018. 
  10. Jhunjhunwala, Udita (14 September 2018). "Blood is thicker". Mint. https://www.livemint.com/Leisure/WiqHP8bkqork75xn7DUFFK/Blood-is-thicker.html। আহৰণ কৰা হৈছে: 26 September 2018. 
  11. Mankad, Himesh (2 February 2019). "Sanya Malhotra on being hailed as a global talent to watch out for: It feels great to be appreciated". Mumbai Mirror. https://mumbaimirror.indiatimes.com/entertainment/bollywood/sanya-malhotra-on-being-hailed-as-a-global-talent-to-watch-out-for-it-feels-great-to-be-appreciated/articleshow/67797367.cms। আহৰণ কৰা হৈছে: 3 February 2019. 
  12. "Abhishek Bachchan and Rajkummar Rao starrer Ludo to release on Netflix". The Indian Express. 16 July 2020. https://indianexpress.com/article/entertainment/bollywood/anurag-basu-ludo-netflix-6410748/। আহৰণ কৰা হৈছে: 1 August 2020. 
  13. https://www.firstpost.com/entertainment/pagglait-movie-review-a-clear-eyed-view-of-funeral-politics-and-an-unsparing-gaze-on-the-living-9466641.html
  14. https://timesofindia.indiatimes.com/web-series/reviews/hindi/pagglait/ottmoviereview/81343653.cms
  15. "News18 Movie Awards 2017". Network 18. news18.com. http://www.news18.com/news18-movie-awards-2017/। আহৰণ কৰা হৈছে: 23 May 2017. 
  16. "Dangal girls Fatima Sana Shaikh and Sanya Malhotra win action award in China". Mid Day. 23 July 2018. https://www.mid-day.com/articles/dangal-girls-fatima-sana-shaikh-and-sanya-malhotra-win-action-award-in-china/19632150। আহৰণ কৰা হৈছে: 9 April 2019. 
  17. Morani, Aly; Morani, Karim; Morani, Mohomed; Nadiadwala, Mazhar; Soorma, Neelam (31 December 2018). "A Star-studded Night". Star Screen Awards. Star Plus. Archived from the original on 5 May 2019. Retrieved 2 February 2019. 
  18. "Sanya Malhotra- Critics Best Actor in Leading Role Female Nominee | Filmfare Awards" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards-2020/nominations/critics-best-actor-female/critics-sanya-malhotra। আহৰণ কৰা হৈছে: 14 February 2020. 
  19. "Vimal Elaichi Filmfare Awards 2021: Sanya Malhotra is "grateful and excited" as she gets nominated in the Best Actress (Critics) category for 'Ludo'" (en ভাষাত). The Times of India. 26 March 2021. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/vimal-elaichi-filmfare-awards-2021-sanya-malhotra-is-grateful-and-excited-as-she-gets-nominated-in-the-best-actress-critics-category-for-ludo/articleshow/81703475.cms। আহৰণ কৰা হৈছে: 26 March 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক